5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰতন টাটাৰ শিক্ষা, পৰিয়াল, প্ৰেম আৰু কৰ্ম… প্ৰখ্যাত উদ্যোগপতি হোৱাৰ আঁৰৰ কাহিনী

Ratan Tata: ৰতন টাটা আৰু নাই! কিন্তু তেওঁৰ কাহিনীয়ে সকলোকে আচৰিত কৰিছে। তেওঁৰ জীৱনে আমাক প্ৰতিপক্ষক উত্তৰ দি নিজৰ লক্ষ্যত উপনীত হ’বলৈ শিকাই। জীৱনৰ প্ৰতিটো সময়ত নিজকে প্ৰমাণ কৰি কেনেদৰে দেশৰ বিখ্যাত উদ্য়োগপতি হ'ল জানক।

ৰতন টাটাৰ শিক্ষা, পৰিয়াল, প্ৰেম আৰু কৰ্ম… প্ৰখ্যাত উদ্যোগপতি হোৱাৰ আঁৰৰ কাহিনী
ৰতন টাটাৰ প্ৰখ্য়াত উদ্যোগপতি হোৱাৰ আঁৰৰ কাহিনী
barasha-misra
Barasha Misra | Updated On: 10 Oct 2024 18:49 PM

মানুহে আপোনাৰ ওপৰত যি শিল দলিয়াই সেইবোৰ তুলি লওক আৰু কীৰ্তিচিহ্ন নিৰ্মাণ কৰক… ৰতন টাটাই এই কথা কৈছিল আৰু অনুসৰন কৰিছিল। শৈশৱতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল। আইতাকৰ হাতত ডাঙৰ-দীঘল হৈছিল। প্ৰেম হৈছিল যদিও সকলো ত্যাগ কৰি মাথোঁ আগবাঢ়ি গৈছিল। সিদ্ধান্তসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যদিও যি কৈছিল সেয়া কৰিছিল। বিৰোধীৰ প্ৰতি সঁহাৰি জনাই তেওঁ দেশৰ এজন মহান ব্যৱসায়ী হৈ ইতিহাসত নাম খোদিত কৰিবলৈ সক্ষম হ’ল।

ৰতন টাটা আৰু নাই যদিও তেওঁৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তোলে। তেওঁৰ জীৱনে আমাক প্ৰতিপক্ষক উত্তৰ দি নিজৰ লক্ষ্যত উপনীত হ’বলৈ শিকাই। জীৱনৰ প্ৰতিটো সময়ত নিজকে প্ৰমাণ কৰি কেনেদৰে দেশৰ বিখ্যাত উদ্য়োগপতি হ’ল জানক।

পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ, ৰতন টাটাৰ শিক্ষা, লালন-পালন আৰু প্ৰেম

১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত নবল আৰু সুনু টাটাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। ১০ বছৰ বয়সত পিতৃ-মাতৃ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদৰ পিছত পিতৃয়ে চুইজাৰলেণ্ডৰ মহিলা ছিমন ডুনয়ৰক বিয়া কৰায় আৰু মাতৃয়ে ছাৰ জমছেটজী জীজীভায়ৰ সৈতে নতুন জীৱন আৰম্ভ কৰে যদিও ৰতনক ডাঙৰ-দীঘল কৰে তেওঁৰ বৰ ভালপোৱা আইতাক নৱাজবাই টাটাই।

ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু কেথেড্ৰ’ল এণ্ড জন ক’নন স্কুলত স্কুলীয়া শিক্ষা সাং কৰিছিল। ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

৭ বছৰ আমেৰিকাত থাকিল। পঢ়া-শুনাৰ পিছত লছ এঞ্জেলছত কাম কৰিছিল। ইয়াত প্ৰেমো হৈছিল। এই কাহিনীটো তেওঁ নিজেই শ্বেয়াৰ কৰিছিল। ৰতন টাটাই কৈছিল যে, আমেৰিকাত থকাৰ সময়ত তেওঁৰ বিয়া হ’লহেঁতেন কিন্তু আইতাই তেওঁক ফোন কৰি মাতিছিল আৰু সেই সময়তে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ আৰম্ভ হৈছিল। ‘মই ভাৰতত থাকি গ’লো আৰু মোৰ প্ৰেয়সী আনৰ লগত বিয়া হৈ যায়।’

‘আটাইতকৈ ডাঙৰ বিপদ হ’ল বিপদলৈ ভয় কৰা…তেওঁ এই দৰ্শনেৰে ভাৰতৰ বাবে হীৰা হৈ পৰিল!’

ভাৰতলৈ উভতি অহাৰ পিছত ১৯৬২ চনত জামছেদপুৰৰ টাটা ষ্টীলত সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। এপ্ৰেণ্টিছ হোৱাৰ পিছত তেওঁক প্ৰজেক্ট মেনেজাৰ হিচাপে নিযুক্তি দিয়া হয়। কাম কৰাৰ ধৰণেৰে তেওঁ বহু উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে আৰু পৰিচালন সঞ্চালক এছ কে নানাৱতীৰ বিশেষ সহায়ক হৈ পৰে। তেওঁৰ চিন্তাধাৰা আৰু কাম-কাজৰ ধৰণে তেওঁৰ নাম মুম্বাইলৈ গৈছিল আৰু জে আৰ ডি টাটাই তেওঁক মুম্বাইলৈ নিমন্ত্ৰণ জনাইছিল।

তেওঁ ক’লে, এই পৃথিৱীত মানুহ এজনক ব্যৰ্থ কৰি তুলিব পাৰে মাত্ৰ এটা কথাই, আৰু সেয়া হ’ল বিপদলৈ ভয় কৰা। ৰতন টাটাই কয়, আটাইতকৈ ডাঙৰ বিপদ হৈছে বিপদলৈ ভয় কৰি থকা। জে আৰ ডি টাটাই তেওঁক দুৰ্বল কোম্পানী চেণ্ট্ৰেল ইণ্ডিয়া মিল আৰু নেলকোক পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব অৰ্পণ কৰে।

আশা কৰা মতেই কৰিলে। তিনি বছৰৰ ভিতৰতে সেই কোম্পানীবোৰে লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ল। ১৯৮১ চনত টাটা ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী নিযুক্তি দিয়া হয়। যেতিয়া জে আৰ ডিৰ বয়স ৭৫ বছৰ হ’ল, তেতিয়া তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেই লৈ আলোচনা আৰম্ভ হ’ল। তালিকাত বহু নাম আছিল। ৰতন টাটাই নিজেও অনুভৱ কৰিছিল যে উত্তৰাধিকাৰী পদৰ বাবে মাত্ৰ দুজন প্ৰতিদ্বন্দ্বী আছে – পালখীবালা আৰু ৰুছী মোদী। কিন্তু জে আৰ ডি টাটাৰ চকু ৰতনৰ ওপৰত আছিল। ৮৬ বছৰ বয়সত যেতিয়া তেওঁ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল, তেতিয়া ১৯৯১ চনত ৰতন টাটাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

সিদ্ধান্তটো শুদ্ধ বুলি প্ৰমাণ কৰাৰ আত্মবিশ্বাস… প্ৰশ্নবোৰৰ উত্তৰ এনেদৰে দিয়া হ’ল

ৰতন টাটাই কয় যে ‘মই সঠিক সিদ্ধান্ত লোৱাত বিশ্বাস নকৰোঁ। মই সিদ্ধান্ত লওঁ আৰু তাৰ পিছত সেইবোৰ সঠিক প্ৰমাণ কৰোঁ…’ তেওঁ ঠিক তেনেকুৱাই কৰিলে। এটা সময়ত ব্যৱসায়িক নেতাসকলে ৰতন টাটাৰ বুজাবুজিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল যদিও তেওঁ নিজৰ সিদ্ধান্তত আৱদ্ধ হৈ আছিল। ২০০০ চনত তেওঁৰ আকাৰৰ দুগুণ ব্ৰিটিছ গোট টেটলীৰ দায়িত্ব লয়। তাৰ পিছত তেওঁৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও এতিয়া ই বিশ্বৰ দ্বিতীয় বৃহত্তম চাহ কোম্পানী। ইউৰোপৰ দ্বিতীয় বৃহত্তম তীখা নিৰ্মাণ কোম্পানী ক’ৰাছ ক্ৰয় কৰাৰ সময়ত দ্বিতীয়বাৰৰ বাবে প্ৰশ্ন উত্থাপন হৈছিল যদিও এইবাৰো ৰতন টাটাই সকলোকে আপ্লুত কৰিছিল।

আজি ৰতন টাটা আমাৰ মাজত নাই যদিও তেওঁৰ কৃতিত্ব আৰু দেশৰ প্ৰগতিৰ বাবে অৱদান সদায় স্মৰণীয় হৈ থাকিব।

 

 

Latest News