Ratan tata family: অনাথ আশ্ৰমৰ পৰা লৈছিল তুলি! কেনেকৈ ৰতন টাটাই পালে 'টাটা' উপাধি | ratan tata father novel tata adopted know about tatas family history in assamese Assam news - Assam Tv9

Ratan tata family: অনাথ আশ্ৰমৰ পৰা লৈছিল তুলি! কেনেকৈ ৰতন টাটাই পালে ‘টাটা’ উপাধি

Ratan tata family: ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। এইগৰাকী মহান ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই। পিছে ৰতন টাটাৰ এই টাটা উপাধি পূৰ্বপুৰুষৰ নহয়, ইয়াৰ আঁৰত আছে এক কাহিনী। এখন অনাথ আশ্ৰমে পিতৃৰ ভাগ্য সলনি কৰিছিল।

Ratan tata family: অনাথ আশ্ৰমৰ পৰা লৈছিল তুলি! কেনেকৈ ৰতন টাটাই পালে টাটা উপাধি

ৰতন টাটা, নভেল টাটা

Published: 

10 Oct 2024 10:13 AM

সকলোকে কন্দুৱাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। ৮৬ টা ঋতুৰ যাত্ৰা কৰা এইগৰাকী মহান ব্যক্তি প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰেৰণাৰ উৎস হৈ ৰ’ব। উদ্যোগপতি হোৱাৰ উপৰি তেওঁ সৰলতা, মুখৰ হাঁহি, সকলোৰে প্ৰতি প্ৰেম তেওঁৰ আছিল অন্য এক পৰিচয়। ৯ অক্টোবৰৰ নিশা প্ৰায় ১১ বজাত মুম্বাইৰ ব্ৰীজ কেণ্ডী হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। ৰতন টাটাৰ পিতৃৰ নাম নভেল টাটা, কিন্তু আপুনি জানি আচৰিত হ’ব যে নভেল টাটাৰ আগতে তেওঁৰ কোনো এজন বয়োজ্যেষ্ঠৰ ‘টাটা’ উপাধিৰ লগত সম্পৰ্ক নাছিল। আনকি ইমান ডাঙৰ ব্যৱসায়িক সাম্ৰাজ্যও নাছিল।

পিতৃৰ কাহিনী

১৩ বছৰ বয়সত ভাগ্য উদয় হৈছিল নভেল টাটাৰ আৰু সেই সময়ত তেওঁ অনাথ আশ্ৰমত থাকি পঢ়া- শুনা কৰিছিল। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত টাটা সন্স গ্ৰুপৰ বিমান পৰিবহণ বিভাগৰ সম্পাদক নভেল টাটাৰ ঘৰত ৰতন টাটাৰ জন্ম হয়। ৰতন টাটাৰ জন্মাৰ প্ৰায় ২ বছৰ পাছতেই নভেল টাটা “টাটা মিলছ”ৰ যুটীয়া পৰিচালন সঞ্চালক হয়। নভেল টাটাৰ জন্মৰ সময়ত তেওঁৰ পিতৃ হৰমুছজীয়ে আহমেদাবাদৰ টাটা গ্ৰুপত এডভান্স মিলছচ স্পিনিং মাষ্টাৰ হিচাপে কাম কৰিছিল। কিন্তু ‘টাটা’ পৰিয়ালৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। তেওঁৰ জীৱনৰ ইউ টাৰ্ণ আহিছিল ১৯১৭ চনত। ৰতন টাটাৰ পিতৃৰ এই ৰহস্য-

জন্ম

নভেল টাটাৰ জন্ম হৈছিল ১৯০৪ চনত। সেই সময়ত তেওঁৰ পৰিয়াল মুম্বাইত আছিল। নভেল টাটাৰ ৪ বছৰ বয়সতে তেওঁৰ পিতৃ হৰমুছজীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালটো আৰ্থিক সংকটত পৰিছিল। পৰৱৰ্তী সময়ত নভেল টাটাৰ পিতৃ- মাতৃ মুম্বাই পৰা গুজৰাটৰ নৱছাৰীলৈ আহে । ইয়াত তেওঁলোকৰ কোনো কৰ্ম সংস্থাপন নাছিল। মাতৃয়ে সৰুকৈ এম্ব্ৰডায়েৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। কামৰ পৰা পোৱা টকাৰে কোনোমতে পৰিয়ালটো পোহপাল দি আছিল তেওঁ। নভেলৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে পিতৃ মাতৃ।

অনাথ আশ্ৰমে সলনি কৰিছিল ভাগ্য

পৰিয়ালৰ অৱস্থা দেখি তেওঁলোকৰ আত্মীয়ই নভেলক শিক্ষা আৰু সহায়ৰ বাবে জে এন পেটিট পাৰ্চি অনাথ আশ্ৰমলৈ পঠিয়ায়। তাতেই তেওঁ পঢ়া শুনা কৰে। প্ৰাৰম্ভিক পঢ়া-শুনা সমাপ্ত হোৱাৰ পাছত ভাগ্য সলনি হৈছিল তেওঁৰ। ১৩ বছৰ বয়সত ১৯১৭ চনত ছাৰ ৰতন টাটাৰ (বিখ্যাত পাৰ্চী উদ্যোগপতি তথা জনসেৱক জামছেটজী নাছাৰৱানজী টাটাৰ পুত্ৰ) পত্নী নৱাজবাই জে এন পেটিট পাৰ্চী অনাথ আশ্ৰমত উপস্থিত হয়। তাতে তেওঁ নভেল টাটাক লগ পাই আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে নভেল টাটাক তেওঁলোকে দত্তক হিচাপে ল’ব। তাৰ পাছতেই এই কিশোৰটি হৈ পৰিল নভেল টাটা।

ভাগ্য সলনি

টাটা পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন হোৱাৰ পাছতেই ভাগ্য সলনি হ’ব ধৰে নভেল টাটাৰ। সৰুৰে পৰা তেওঁ পঢ়া- শুনাত মেধাৱী আছিল। বম্বে বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ  অধ্যয়নৰ বাবে লণ্ডনলৈ যায়। তাৰ পৰা নৌ টাটা একাউণ্টিং অধ্যয়ন কৰি উভতি আহে।tata.com ৰ মতে, ১৯৩০ চনত মাত্ৰ ৩০ বছৰ বয়সতে নভেল টাটা টাটা সন্স গ্ৰুপত যোগদান কৰি কেৰাণী-কম-এচিষ্টেণ্ট চেক্ৰেটাৰীৰ চাকৰি লাভ কৰে। তাৰ পাছত তেওঁ পদন্নোতি লাভ কৰি টাটা সন্সৰ সহকাৰী সম্পাদক হয়।

১৯৩৩ চনত নবল টাটা বিমান পৰিবহণ বিভাগত সম্পাদক হিচাপে আৰু তাৰ পিছত বস্ত্ৰ ইউনিটত কাৰ্যবাহী হিচাপে যোগদান কৰে। ১৯৩৯ চনত তেওঁ টাটা মিলছৰ যুটীয়া পৰিচালন সঞ্চালকৰ দায়িত্ব লাভ কৰে। ১৯৪১ চনত ২ বছৰৰ পিছত তেওঁক টাটা সন্সৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৬১ চনত টাটা ইলেক্ট্ৰিক কোম্পানীৰ অধ্যক্ষ হয়। মাত্ৰ এবছৰৰ পাছত তেওঁক টাটা সন্সৰ মূল গোটৰ উপ-সভাপতি নিযুক্তি দিয়া হয়। নবল টাটাই ১৯৬৫ চনত ছাৰ ৰতন টাটা ট্ৰাষ্টৰ অধ্যক্ষ হয় আৰু জীৱনৰ শেষৰ সময়লৈকে তেওঁ সমাজৰ হৈ কাম কৰি যায়।

দুবাৰ বিবাহ

নভেল টাটাই দুবাৰকৈ বিবাহ- পাশত আৱদ্ধ হৈছিল।প্ৰথম পত্নী আছিল ছানি কমিছনাৰিয়েট আৰু দ্বিতীয়গৰাকী আছিল ছিমন ডুনয়ৰ। তেওঁৰ প্ৰথম পত্নীৰ সন্তান আছিল ৰতন টাটা আৰু দ্বিতীয় পত্নীৰ আছিল ২ সন্তান। ১৯৪০ চনত প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল নভেল টাটা। ১৯৮৯ চনৰ ৫ মে’ত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতিছিল তেওঁ।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?