আপোনাৰ কথাবোৰ যদি সঁচা হ'লহেঁতেন: সামাজিক মাধ্যমৰ অন্তিমটো পোষ্টত কি লিখিছিল ৰতন টাটাই? | ratan tata last social media post thank you for thinking of me Assam news - Assam Tv9

আপোনাৰ কথাবোৰ যদি সঁচা হ’লহেঁতেন: সামাজিক মাধ্যমৰ অন্তিমটো পোষ্টত কি লিখিছিল ৰতন টাটাই?

Ratan Tata Last Social Media Post: বুধবাৰৰ নিশাৰ এটা দুঃখবৰে কপাই তুলিছিল দেশবাসীৰ হৃদয়। উদ্যোগপতি ৰতন টাটা আৰু আমাৰ মাজত নাই। ৮৬ বছৰ বয়সত তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ পাছত তেওঁৰ অন্তিম ছ'চিয়েল মিডিয়া পোষ্টটোৱে চৰ্চা লাভ কৰিছে । যাক পঢ়াৰ পাছত একাংশ লোকে মন্তব্য প্ৰদান কৰিছে- আপোনাৰ কথাবোৰ যদি সঁচা হ'লহেঁতেন!

আপোনাৰ কথাবোৰ যদি সঁচা হলহেঁতেন: সামাজিক মাধ্যমৰ অন্তিমটো পোষ্টত কি লিখিছিল ৰতন টাটাই?

জীৱনৰ অন্তিমটো পোষ্টত কি লিখিছিল ৰতন টাটাই?

Updated On: 

10 Oct 2024 11:55 AM

দেশৰ আটাইতকৈ প্ৰসিদ্ধ আৰু জনপ্ৰিয় উদ্যোগপতি ৰতন টাটা এতিয়া আৰু আমাৰ মাজত নাই। তেওঁ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল। ৰতন টাটাৰ মৃত্যুৰ লগে লগে সমগ্ৰ দেশ শোকস্তব্ধ হৈ পৰিছে । সকলোৱে নিজৰ নিজৰ ধৰণেৰে শোক প্ৰকাশ কৰিছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ৰতন টাটাৰ অন্তিমটো পোষ্ট অতি ভাইৰেল হৈ পৰিছে। যাক পঢ়াৰ পাছত একাংশ লোকে মন্তব্য প্ৰদান কৰিছে- আপোনাৰ কথাবোৰ যদি সঁচা হ’লহেঁতেন!

প্ৰখ্যাত উদ্যোগপতি টাটাৰ মৃত্যুৰ পাছত তেওঁৰ অন্তিমটো ছ’চিয়েল মিডিয়া পোষ্টটো যথেষ্ট চৰ্চাত আছে । য’ত তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেওঁৰ স্বাস্থ্যক লৈ বিয়পি পৰা উৰাবাতৰিৰ বিষয়ে কৈছিল। পোষ্টটোত তেওঁ কৈছিল যে বয়স বৃদ্ধি বাবে, তেওঁ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ আহিছে। গতিকে চিন্তা কৰাৰ একো কাৰণ নাই।

এই পোষ্টৰ কেইঘণ্টামান পাছতে ৰতন টাটাই এই পৃথিৱীক চিৰদিনৰ বাবে বিদায় জনাইছিল। তেওঁৰ শুভাকাংশীসকলে এইটো ভাবিয়ে চকুপানী টুকিছে যে তেওঁৰ অসুস্থ হৈ থকাৰ পাছতো স্বত্বেও তেওঁৰ বাবে আন লোকসকলক চিন্তাত থকাটো বিচৰা নাছিল।

ৰতন টাটাই তেওঁৰ অন্তিম পোষ্টত কি লিখিছিল?

অক্টোবৰৰ ৭ তাৰিখে, ৰতন টাটাই তেওঁৰ স্বাস্থ্য সন্দৰ্ভত ওলোৱা খবৰ খণ্ডন কৰি ইনষ্টাগ্ৰামত লিখিছিল, “মোৰ বিষয়ে চিন্তা কৰাৰ বাবে ধন্যবাদ। মই শেহতীয়াকৈ প্ৰচাৰিত উৰাবাতৰিৰ বিষয়ে অৱগত।
কিন্তু আপোনালোকক আশ্বাস দিব বিচাৰে যে এই দাবী ভিত্তিহীন। চিন্তা কৰাৰ একো কাৰণ নাই। মই সম্পূৰ্ণৰূপে সুস্থ।” তেওঁ সংবাদ মাধ্যম আৰু লোকসকলক ভুল তথ্য নিদিবলৈ আহ্বান জনাইছিল।

 

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?