5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ratan Tata: প্ৰেম হৈছিল, বিয়াও কৰাব বিচাৰিছিল! তাৰ পাছতো কিয় গোটেই জীৱন কিয় অবিবাহিত হৈ কটালে ৰতন টাটাই?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত প্ৰেমত পৰিছিল ৰতন টাটা। কিন্তু সেই সময়ত ১৯৬২ চনত ভাৰত-চীন যুদ্ধ আৰম্ভ হৈছিল। তেওঁ ছোৱালীজনীক বিয়া কৰাবলৈ ওলাইছিল যেতিয়া তেওঁৰ আইতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁ ভাৰতলৈ ঘূৰি আহিব লগা হৈছিল। ছোৱালীজনীৰ পিতৃ-মাতৃয়ে ৰতন টাটাৰ প্ৰেমিকাক ভাৰতলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল।

Ratan Tata: প্ৰেম হৈছিল,  বিয়াও কৰাব বিচাৰিছিল! তাৰ পাছতো কিয় গোটেই জীৱন কিয় অবিবাহিত হৈ কটালে ৰতন টাটাই?
কিয় গোটেই জীৱন কিয় অবিবাহিত হৈ কটালে ৰতন টাটাই?
trishna-kalita
Trishna Kalita | Published: 10 Oct 2024 08:18 AM

সন্মান, খ্যাতি. ধন সকলো অৰ্জন কৰিছিল তেওঁ, হৈছিল প্ৰেমো। ব্যৱসায়ী ৰতন টাটাই তেওঁৰ জীৱনৰ সকলোখিনি পাইছিল যিখিনি এজন ব্যক্তিয়ে বিচাৰে। কিন্তু এটা কথা আছিল যাৰ বাবে তেওঁ গোটেই জীৱন অনুশোচনাত ভুগিছিল। তেওঁ প্ৰেমত পৰিছিল কিন্তু সেই প্ৰেম সফল নহ’ল। তেওঁৰ চাৰিওফালে বহুলোকে আছিল। তথাপিও তেওঁৰ মাজত যেন সদায় এক শূন্যতা আছিল। সেই শূন্যতাৰ বেদনাই সম্ভৱতঃ তেওঁক প্ৰায়ে আঘাত কৰিছিল।

ৰতন টাটাই নিজেই উল্লেখ কৰিছিল যে বহুবাৰ তেওঁ বিবাহৰ বাবে আগবাঢ়িছিল। কিন্তু সময় আৰু পৰিস্থিতিয়ে হয়তো ইয়াৰ অনুমতি দিয়া নাছিল। তেওঁ লছ এঞ্জেলছত প্ৰেমত পৰিছিল, কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধই তেওঁলোকৰ প্ৰেমৰ মাজত বাধা হৈ থিয় দিছিল। তেওঁ ছোৱালীজনীক বিয়া কৰাবলৈ ওলাইছিল সেইসময়তে তেওঁৰ আইতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁ ভাৰতলৈ ঘূৰি আহিব লগা হৈছিল। ছোৱালীজনীৰ পিতৃ-মাতৃয়ে ৰতন টাটাৰ প্ৰেমিকাক ভাৰতলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল আৰু এনেদৰে টাটাৰ প্ৰেম অসম্পূৰ্ণ হৈ ৰৈছিল।

চিমি গাৰেৱালৰ সৈতে সম্পৰ্ক

তেওঁৰ জীৱনৰ এটা অধ্যায়ত বলীউডৰ মোহময়ী অভিনেত্ৰী চিমি গাৰেৱালৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল। চিমি আৰু ৰতনৰ মাজত এটা গভীৰ সম্পৰ্ক আছিল। এটা সাক্ষাৎকাৰৰ সময়ত, অভিনেত্ৰীগৰাকীয়ে নিজেই এই প্ৰকাশ কৰিছে। দুয়োজনে ইজনে সিজনৰ সৈতে দীঘলীয়া সময় অতিবাহিত কৰিছিল। দুয়োজনে বিয়া পাতিব বিচাৰিছিল, কিন্তু ভাগ্যই পুনৰ লগ দিয়া দিছিল। সময়, পৰিস্থিতি আৰু ব্যক্তিগত কাৰণত তেওঁলোকৰ প্ৰেমে গন্তব্য স্থানত উপনীত হ’ব নোৱাৰিলে।

চিমি গাৰেৱালে ৰতন টাটাৰ প্ৰশংসা কৰিছিল

উদ্যোগপতি ৰতন টাটাৰ সৈতে চিমি গাৰেৱালৰ সম্পৰ্কই যথেষ্ট চৰ্চা লাভ কৰিছিল । চিমিয়ে টাটাৰ নম্ৰ স্বভাৱ অতি সন্মানেৰে স্মৰণ কৰে। তেওঁ কৈছিল যে ৰতন টাটাৰ জীৱনত কেতিয়াও ধনৰ গুৰুত্ব নাই। তেওঁলোকৰ সম্পৰ্কই ইজনে সিজনৰ প্ৰতি তেওঁলোকৰ প্ৰশংসা আৰু পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰে। তেওঁ কৈছিল যে ৰতন অতি নম্ৰ আৰু এজন আদৰ্শ ব্যক্তি। সাক্ষাৎকাৰটোত, চিমিয়ে টাটাক এজন সম্পূৰ্ণ, ধেমেলীয়া আৰু এজন প্ৰকৃত ভদ্ৰলোক বুলি অভিহিত কৰিছিল। তেওঁ কৈছিল যে ৰতন টাটাই কেতিয়াও ধনক অগ্ৰাধিকাৰ দিয়া নাই।

ৰতন টাটা অকলশৰীয়া অনুভৱ কৰিছিল

চিমি গাৰেৱাল আৰু ৰতন টাটা পৃথক হৈছিল, কিন্তু ইজনে সিজনৰ প্ৰতি সন্মান কেতিয়াও কম হোৱা নাছিল। যেতিয়া চিমিৰ টক শ্ব’ Rendezvous With Simi Garewalত ৰতন টাটাই উপস্থিত আছিল, তেওঁ কৈছিল যে তেওঁ কেইবাবাৰো বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ বাধাৰ সন্মুখীন হৈছে। তেওঁ লগতে কয় যে পৰিয়াল নথকাৰ বাবে, বহুসময়ত তেওঁ অতি অকলশৰীয়া অনুভৱ কৰে।

 

লগতে পঢ়ক: ক’ত, কিদৰে জীৱনৰ অন্তিম সময় পাৰ কৰিছিল ৰতন টাটাই?

Latest News