5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ratan tata: ৰতন টাটা কেনেকৈ হৈছিল বিশিষ্ট উদ্যোগপতি, জানক জন্মৰ পৰা মৃত্যুলৈ সকলো…

Ratan tata: এজন মহান ব্যক্তি গ'লগৈ। সকলোকে কন্দুৱাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ৰতন টাটাই। এই মহান ব্যক্তিগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশ।

Ratan tata: ৰতন টাটা কেনেকৈ হৈছিল বিশিষ্ট উদ্যোগপতি, জানক জন্মৰ পৰা মৃত্যুলৈ সকলো…
ৰতন টাটা
barasha-sarma
Barasha Sarma | Published: 10 Oct 2024 01:11 AM

সকলোকে কন্দুৱাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। ৯ অক্টোবৰৰ নিশা মুম্বাইৰ ব্ৰীজ কেণ্ডী হাস্পাতালত এই মহান মানৱগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ৰতন টাটাৰ মৃত্যুৰ পাছতেই শোকস্তব্ধ হৈ পৰিছে দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈ সকলোৱে ৰতন টাটাৰ মৃত্যুক শোক প্ৰকাশ কৰিছে। সম্ভৱতঃ দেশত কোনো এনেলোক নাই যিয়ে ৰতন টাটাক ভাল নাপাই, শ্ৰদ্ধা নকৰে। ৰতন টাটাই যি প্ৰাপ্তি কৰি থৈ গ’ল সেয়া সহজ নাছিল। এগৰাকী উদ্যোগপতিতকৈ দয়ালু হিচাপে অধিক জনাজাত আছিল তেওঁ। ইয়াৰ উদাহৰণ আমাৰ চাৰিওফালে এবাৰ চালেই পাম।

উদ্যোগিক ক্ষেত্ৰলৈ ডাঙৰ ক্ষতি

ৰতন টাটাৰ মহানুভৱতা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। তেওঁৰ জীৱনত যথেষ্ঠ প্ৰাপ্তি লাভ কৰিছে। কোৰোনাৰ সময়ত ৰাইজৰ লগত সবাতোকৈ আগত আছিল ৰতন টাটা। এনে ব্যক্তিত্বৰ এগৰাকী উদ্যোগপতিৰ মৃত্যু দেশৰ বাবে ডাঙৰ ক্ষতি। সোমবাৰৰ পৰা ৰতন টাটাৰ অসুস্থতাৰ খবৰ চৰ্চাত আছিল। কিন্তু পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল যে তেওঁ সুস্থ আছে আৰু নিয়মীয়া চেকআপৰ বাবে হাস্পাতালত ভৰ্তি হৈছে। কিন্তু এই মহান ব্যক্তিগৰাকীয়ে আজি সকলোকে কন্দুৱাই চিৰ বিদায় ল’লে।

জন্ম

ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত। ৰতন টাটাৰ পিতৃৰ নাম আছিল নবল টাটা আৰু মাতৃৰ নাম আছিল ছুনী টাটা। তেওঁ সৰু থকা অৱস্থাতে পিতৃ- মাতৃৰ বিবাব বিচ্ছেদ হৈছিল আৰু পাছত আইতাকে তেওঁৰ লালন- পালন কৰিছিল।

তেওঁ ১৯৯১ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ শ্বেয়াৰমেন আছিল আৰু এই সময়ত তেওঁ ব্যৱসায়ীক ক্ষেত্ৰ যথেষ্ঠ আগুৱাই নি টাটা গ্ৰুপত এক উচ্চ শীখৰত উপনীত কৰিছিল। দয়ালু তথা তেওঁৰ মহানুভৱতাৰ বাবে সদায় মানুহৰ প্ৰেৰণা হৈ আহিছে ৰতন টাটা।ডাঙৰ ব্যৱসায়ী হওক বা যুৱ সমাজ, সকলোৰে বাবে প্ৰেৰণাৰ উৎস আছিল ৰতন টাটা। কেৱল দেশৰ নহয়, বিশ্বৰ কোটি কোটি মানুহে ৰতন টাটাক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে।

টাটা ষ্টীল

১৯৫৯ চনত ৰতন টাটাই আৰ্কিটেক্সৰ আৰু ষ্ট্ৰাকচলাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন কৰে আৰু পাছত আমেৰিকাৰ Cornell Universityত অধ্যয়ন আৰম্ভ কৰে। ১৯৬২ চনত তেওঁ দেশলৈ ঘূৰি আহে আৰু টাটা ষ্টীলৰ জৰিয়তে উদ্যোগজগতত খোজ ৰাখে। প্ৰথমে তেওঁ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল আৰু সকলো কাম শিকিছিল।

১৯৯১ চনত টাটা গ্ৰুপৰ দায়িত্ব

মাত্ৰ ২১ বছৰ বয়সত ১৯৯১ চনত ৰতন টাটাই অটোৰ পৰা আৰম্ভ ষ্টীললৈকে ব্যৱসায়ৰ সৈতে জড়িত টাটা গ্ৰুপৰ অধ্যক্ষ নিযুক্তি দিয়া হয়। শ্বেয়াৰমেন হিচাপে যোগদান কৰাৰ পাছত ৰতন টাটাই টাটা গ্ৰুপত সফলতাৰ উচ্চ শীৰ্ষত উপনীত কৰায়ষ ২০২১ চনলৈ তেওঁ এই দায়িত্ব পালন কৰে, যাৰ স্থাপনা তেওঁৰ পূৰ্ব পুৰুষে কৰি থৈ গৈছিল। ১৯৯৬ চনত টাটা টেলিকম কোম্পানী টাটা টেলিছাৰ্ভিছৰ স্থাপন কৰে আৰু ২০০৪ চনত টাটা কনচালটেন্সী চাৰ্ভিচেছ আনে।

কেৱল ব্যৱসায় ক্ষেত্ৰতেই নহয়, ৰতন টাটাই দেশবাসীক সহায় কৰাৰ  বাবে সকলো ধৰণৰ সম্ভৱপৰ প্ৰয়াসে কৰিছিল। সাধাৰণ জনতাক সহায়ৰ পৰা আৰম্ভ কৰি হাস্পাতাল সেৱা আদিলৈও তেওঁ বৰঙণি আগবঢ়াইছিল। সমাজৰ প্ৰতিটো ক্ষেত্ৰতে এই মহান ব্যক্তিগৰাকীয়ে অৱদান আগবঢ়াই থৈ গৈছে। ৰতন টাটাক ভাৰত চৰকাৰে পদ্মভূষণ (২০০০), আৰু পদ্ম বিভূষণ (২০০৮) সন্মানেৰে সন্মানিত কৰিছিল। এই সন্মান দেশৰ সৰ্বোচ্চ দ্বিতীয় আৰু তৃতীয় অসামৰিক সন্মান। ৰতন টাটাৰ মৃত্যু হ’ল, কিন্তু  প্ৰতিগৰাকী দেশবাসীৰ মনত থাকি যাব এই মহান ব্যক্তিগৰাকী…

 

Latest News