ছাত্ৰ সংগঠন ABVPৰ কৰ্মী ৰেখা গুপ্তাই কিদৰে পালে দিল্লীৰ মুখ্যমন্ত্ৰী পদ?
বুধবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ৰেখা গুপ্তাক বিধায়িনী দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। শলিমাৰ বাগ আসনৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ পৰাই ৰাজনীতি আৰম্ভ কৰিছিল ৰেখাই। য'ত তেওঁ বহুত ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত আছিল। সেই সময়ত তেওঁ ছাত্ৰৰ বিষয়ক লৈ বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছিল।

দিল্লীত ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। শলিমাৰ বাগ আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা ৰেখাৰ এই বাট সহজ নাছিল। মুখ্যমন্ত্ৰী পদৰ দৌৰত বহু শক্তিশালী নাম আছিল যদিও ৰেখা গুপ্তাক অগ্ৰাধিকাৰ দি দিল্লীৰ কমাণ্ড দিয়া হৈছে। ৰেখা গুপ্তাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে ৰেখাই।
ৰেখা গুপ্তাই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ আছে। কোৱা হৈছে যে ৰেখাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে দিছিল সংঘই। ৰেখা গুপ্তা দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সৰ্বাধিক চৰ্চিত হৈছে ABVP। কাৰণ ছাত্র ৰাজনীতিত কেৰিয়াৰ আৰম্ভ কৰা ৰেখা আজি দিল্লীৰ মুখ্যমন্ত্রী হ’বলৈ গৈ আছে৷
এবিভিপিৰ পৰা ৰাজনীতি আৰম্ভ
মূলতঃ হাৰিয়ানাৰ জিন্দৰ ৰেখা গুপ্তাৰ জন্ম হৈছিল ১৯৭৪ চনত জুলানাত। কলেজীয়া দিনৰ পৰাই ৰেখাই ৰাজনীতিত নামি পৰিছিল ৰেখা। কলেজীয়া দিনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ সৈতে জড়িত হৈ পৰিছিল। কামত অতি সক্ৰিয় হোৱাৰ বাবে অতি সোনকালে ডাঙৰ পদ লাভ কৰিছিল।
১৯৯২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ দৌলাত্ৰাম মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিছিল ৰেখাই। ১৯৯৫-৯৬ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সম্পাদিকা হোৱাৰ লগতে ১৯৯৬-৯৭ চনত DUSU ৰ অধ্যক্ষ হৈ আহিছে। য’ত তেওঁ ছাত্ৰ বিষয়ক লৈ বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছিল। ২০০২ চনত ৰেখাই বিজেপিত যোগদান কৰি দলটোৰ যুৱ শাখাৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰে।
প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰেখা
দিল্লীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তা প্ৰথমবাৰৰ বাবে দিল্লীৰ শলিমাৰ বাগ আসনৰ পৰা বিধায়িকা নিৰ্বাচিত হয়। এই আসনত তেওঁ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী বন্দনা কুমাৰীক ২৯,৫৯৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। তেওঁ ২০১৫ আৰু ২০২০ৰ নিৰ্বাচনত কুমাৰীৰ হাতত পৰাস্ত হৈছিল। দিল্লী বিধানসভাত সদনৰ নেত্ৰী হিচাপে তেওঁ সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পিছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে।
একেলগে শপত গ্ৰহণ কৰিব কংগ্ৰেছৰ অলকা লাম্বা আৰু ৰেখা গুপ্তাই
আলকা লাম্বাই ১৯৯৫ চনৰ ডুছুৰ নিৰ্বাচনৰ এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। যেতিয়া অলকা সভাপতি আৰু ৰেখা সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত হৈছিল। পোষ্টটোত তেওঁ ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়। ১৯৯৫ চনৰ এই স্মৰণীয় ফটোখনত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লিখিছে-যেতিয়া মই আৰু ৰেখা গুপ্তাই একেলগে শপত গ্ৰহণ কৰিছিলো – মই এন এছ ইউ আই (কংগ্ৰেছৰ ছাত্ৰ শাখা)ৰ পৰা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংঘৰ (DUSU) সভাপতি পদত জয়ী হৈছিলোঁ।