দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজক কিয় আজিও স্মৰণ কৰে দেশবাসীয়ে?

অৱশেষত দিল্লীবাসীয়ে পালে নতুন মুখ্যমন্ত্ৰী। এইবাৰ দিল্লীৰ দায়িত্ব ল’ব বিজেপি বিধায়িকা ৰেখা গুপ্তাই। প্ৰৱেশ বাৰ্মা উপ মুখ্যমন্ত্ৰী আৰু বিজেন্দ্ৰ গুপ্তা বিধানসভাৰ অধ্যক্ষ হ’ব। বুধবাৰে সন্ধিয়া বিধায়িনী দলৰ বৈঠকত এই কথা ঘোষণা কৰে। ৰেখা গুপ্তা হ’ব দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ বিষয়ে জানো আহক।

দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজক কিয় আজিও স্মৰণ কৰে দেশবাসীয়ে?

দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজ

Updated On: 

19 Feb 2025 23:39 PM

দিল্লীৰ ৰাজনীতিত এটা নতুন অধ্যায় সংযোজন হৈছে— ৰাজধানীৰ দায়িত্ব ল’ব বিজেপিৰ বিধায়িকা ৰেখা গুপ্তাই। তেওঁৰ লগতে প্ৰৱেশ বাৰ্মা উপ মুখ্যমন্ত্ৰী আৰু বিজেন্দ্ৰ গুপ্তা বিধানসভাৰ অধ্যক্ষ হ’ব। আমোদজনক কথাটো হ’ল ৰেখা গুপ্তা হ’ব দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। তেওঁৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশী মাৰ্লেনাই এই পদত অধিষ্ঠিত হৈছিল।

যদি আমি দিল্লীৰ মহিলা নেত্ৰীসকলৰ কথা কওঁ, তেন্তে বেছিভাগ মানুহেই প্ৰথমে শীলা দীক্ষিতৰ নামটো মনত পেলায়। কিন্তু ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হোৱা দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল সুষমা স্বৰাজ। আহক, তেওঁৰ বিষয়ে জানো।

সুষমা স্বৰাজঃ দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী

সুষমা স্বৰাজ কেৱল এগৰাকী নেত্ৰী নাছিল, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ১৯৯৮ চনৰ ১২ অক্টোবৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। যদিও তেওঁৰ কাৰ্যকাল মাত্ৰ ৫২ দিন আছিল, তথাপিও এই কম সময়ৰ ভিতৰতে তেওঁ জনসাধাৰণৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সমাধান বিচাৰিবলৈ চেষ্টা কৰিছিল।

এগৰাকী প্ৰভাৱশালী নেত্ৰী

১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ আম্বালাত জন্মগ্ৰহণ কৰা সুষমা স্বৰাজ সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী আছিল। আইন অধ্যয়ন কৰি তাৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে। মাত্ৰ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল।

বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যকাল

২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁক বৈদেশীক মন্ত্ৰী হিচাপে নিযুক্তি দিছিল। এই পদত অধিষ্ঠিত হৈ তেওঁ বহিঃৰাজ্যত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় আছিল তেওঁ। ইয়াৰোপৰি দুৰ্দশাগ্ৰস্ত ভাৰতীয়সকলক সহায় কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছিল। বিশেষকৈ বহিঃৰাজ্যত আৱদ্ধ ভাৰতীয়সকলক নিৰাপদে ঘূৰাই অনাৰ বাবে তেওঁৰ প্ৰচেষ্টা আজিও শলাগ লোৱা হয়। সুষমা স্বৰাজক দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে সদায় স্মৰণ কৰা হ’ব – তেওঁৰ স্পষ্টবাদীতা, প্ৰশাসনিক ক্ষমতা আৰু জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?