ভোটগ্ৰহণৰ দিনটোত কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা ছুটী লোৱাৰ নিয়ম | Representation of the People Act 1951, Holiday Granted On Day Of Election For Voting Assam news - Assam Tv9

Lok Sabha Election 2024:ভোটগ্ৰহণৰ দিনটোত কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা ছুটী লোৱাৰ নিয়ম আছে, যদি ছুটী নাপায় কি কৰিব ?

Updated On: 

20 May 2024 14:00 PM

১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ (Representation of the People Act 1951) ১৩৫বি ধাৰা অনুসৰি যিকোনো বৃত্তিত নিয়োজিত কৰ্মচাৰীয়ে ভোটদানৰ দিনত ছুটী লাভ কৰিব পাৰে। এনে ক্ষেত্ৰত কাৰ্যালয়ে ছুটী দিবলৈ বাধ্য।

1 / 7সমগ্ৰ

সমগ্ৰ দেশত এতিয়া ভোটদানৰ উৎসৱ। আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। এই পৰ্যায়ত মুঠ ৪৯টা সমষ্টিত ভোটগ্ৰহণ চলি আছে।

2 / 7

ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰী-বেচৰকাৰী কার্যালয়ৰ কৰ্মচাৰীক ছুটী দিয়াৰ নিয়ম আছে ৷ ভোটদানৰ দিনটোত বহু কাৰ্যালয় বন্ধ থাকে।

3 / 7

১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ (Representation of the People Act 1951) ১৩৫বি ধাৰা অনুসৰি যিকোনো বৃত্তিত নিয়োজিত কৰ্মচাৰীয়ে ভোটদানৰ দিনত ছুটী লাভ কৰিব পাৰে। এনে ক্ষেত্ৰত কাৰ্যালয়ে ছুটী দিবলৈ বাধ্য।

4 / 7

যদি কোনো কাৰ্যালয়ে ছুটী দিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে জৰিমনা বিহা হ’ব পাৰে।

5 / 7

আইন অনুসৰি ভোটগ্ৰহণৰ দিনটো ছুটী দিলে কৰ্মচাৰীক ইয়াৰ পৰিৱৰ্তে আন কোনো বন্ধৰ দিনত কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব।

6 / 7

কিন্তু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫বি(৪) ধাৰা অনুসৰি যদি কোনো কৰ্মচাৰীৰ অনুপস্থিতিয়ে কৰ্মক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰাৰ বা কৰ্মক্ষেত্ৰত ক্ষতি কৰাৰ সম্ভাৱনা থাকে, তেন্তে তেওঁলোকে ছুটী নাপাব।

7 / 7

বৰ্তমান বহু কাৰ্যালয়ত সম্পূৰ্ণ দিনটোৰ বাবে ছুটী নিদিয়ে যদিও শ্ৰমিকসকলক ভোটদানৰ বাবে কেইঘণ্টামান বাবে ছুটী দিয়া হয়।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?