Republic Day 2025: এইবাৰ গণৰাজ্য দিৱসত কোন হ’ব ভাৰতৰ মুখ্য অতিথি? কেনেদৰে বাছনি কৰা হয় মুখ্য অতিথিৰ নাম? সবিশেষ জানক…

Republic day Chief Guest Selection Process: এজন বিদেশী নেতা ভাৰতৰ মুখ্য অতিথি হোৱাটো তেওঁৰ বাবে সৰ্বোচ্চ সন্মান। গণৰাজ্য দিৱসৰ সকলো অনুষ্ঠানতে তেওঁ উপস্থিত থাকে। ৰাষ্ট্ৰপতি ভৱনত তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় আৰু সন্ধিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ সন্মানত এক বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে।

Republic Day 2025: এইবাৰ গণৰাজ্য দিৱসত কোন হব ভাৰতৰ মুখ্য অতিথি? কেনেদৰে বাছনি কৰা হয় মুখ্য অতিথিৰ নাম? সবিশেষ জানক...

গণৰাজ্য দিৱস

Published: 

22 Jan 2025 17:35 PM

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়ানটো এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ২৫ আৰু ২৬ জানুৱাৰীত ভাৰতত উপস্থিত থাকিব চুবিয়ানটো। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিয়ে বিগত বছৰ গণৰাজ্য দিৱস উপলক্ষে ভাৰত ভ্ৰমণ কৰিছিল। উল্লেখ্য যে, ১৯৫০ চনত ভাৰতত আৰম্ভ হৈছিল ২৬ জানুৱাৰী উপলক্ষে মুখ্য অতিথিক আমন্ত্ৰণ জনোৱাৰ পৰম্পৰা ।

এই বছৰ, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি চুবিয়ানটোৰ ভাৰত ভ্ৰমণক বিভিন্ন ধৰণে বিশেষ বুলি বৰ্ণনা কৰা হৈছে। এতিয়া প্ৰশ্নটো হ’ল, ভাৰতে মুখ্য অতিথি কেনেকৈ বাছনি কৰে আৰু চুবিয়ানটোৰ ভাৰত ভ্ৰমণক কিয় বিশেষ বুলি বৰ্ণনা কৰা হৈছে?

বিদেশী অতিথিসকলৰ বাবে সৰ্বোচ্চ সন্মান

এজন বিদেশী নেতা ভাৰতৰ মুখ্য অতিথি হোৱাটো তেওঁৰ বাবে সৰ্বোচ্চ সন্মান। গণতন্ত্ৰ দিৱসৰ সকলো অনুষ্ঠানতে তেওঁ উপস্থিত থাকে। তেওঁক ২১ বন্দুকৰ চেলুট দিয়া হয়। ৰাষ্ট্ৰপতি ভৱনত তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় আৰু সন্ধিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ সন্মানত এক বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে।

অতিথিগৰাকীয়ে ৰাজঘাটত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ সন্মানত প্ৰধানমন্ত্ৰীয়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে য’ত উপ-ৰাষ্ট্ৰপতি আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীকে ধৰি বহুতো মহান ব্যক্তিয়ে তেওঁক সাক্ষাৎ কৰে। এইকাৰণেই মুখ্য অতিথিক প্ৰদান কৰা সন্মান অতি বিশেষ।  বিশ্বৰ আন কোনো নেতাই এই সন্মান লাভৰ পোৱাৰ সুযোগ নাপায়। এক দীঘলীয়া প্ৰক্ৰিয়াৰ পিছত, মুখ্য অতিথিৰ নাম নিৰ্ধাৰণ কৰা হয়।

গণতন্ত্ৰ দিৱসৰ বাবে মুখ্য অতিথিক কেনেদৰে বাছনি কৰা হয়?

ভাৰতত গণতন্ত্ৰ দিৱসৰ বাবে মুখ্য অতিথি বাছনি কৰাৰ প্ৰক্ৰিয়া অনুষ্ঠানটোৰ ৬ মাহ আগতে আৰম্ভ হয়। মুখ্য অতিথি বাছনি কৰোঁতে বহুতো কথা বিবেচনা কৰা হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এই প্ৰশ্নৰ উত্তৰ ব্যাখ্যা কৰি ভাৰতৰ ৰাষ্ট্ৰদূত হৈ থকা মনবীৰ সিঙে কৈছিল, “এই বিশেষ অনুষ্ঠানটোৰ বাবে মুখ্য অতিথিৰ নাম নিৰ্ণয় কৰোঁতে বহুতো কথা মনত ৰখা হয়। উদাহৰণ স্বৰূপে, সেই দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনেকুৱা আছিল? ভাৰতৰ সৈতে সেনা, ৰাজনীতি আৰু অৰ্থনীতিৰ সম্পৰ্ক কি? এনে সকলোবোৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰি, বিদেশী অতিথিৰ নাম নিৰ্ধাৰণ কৰা হয়। ইয়াত মোহৰ লগাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

ব্ৰহ্ম’ছ চুক্তি চূড়ান্ত হ’ব পাৰে

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়ানটোৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ব্ৰহ্ম’ছ চুক্তি চূড়ান্ত কৰিব পাৰি বুলি আলোচনা হৈছে। সূত্ৰ অনুসৰি, ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৪৫০ নিযুত ডলাৰৰ ব্ৰহ্ম’ছ মিছাইল চুক্তিৰ বাবে জাকাৰ্টাত থকা ভাৰতীয় দূতাবাসলৈ প্ৰেৰণ কৰিছে এক বাৰ্তা । এই চুক্তি সহজ কৰি তুলিবলৈ ইণ্ডোনেছিয়াক ঋণ দিয়াৰ প্ৰস্তুতি চলাইছে ভাৰতীয় ষ্টেট বেংকে আৰু এই ঋণ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত আছে।

মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...