গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপট কিদৰে নিৰ্বাচন কৰা হয় জানেনে?
দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি থাকে। বিশেষকৈ এই অনুষ্ঠানৰ পেৰেডৰ আকৰ্ষণীয় কাৰ্যসূচীয়ে দেশবাশীক আকৃষ্ট কৰি আহিছে। প্ৰতিবছৰে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতীকপট গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসৰ পেৰেডৰ এই প্ৰতীকপটসমূহ কিদৰে নিৰ্বাচন কৰা হয় জানো আহক।
সমাগত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই বিশেষ দিনটো উদযাপনৰ বাবে সমগ্ৰ দেশতে প্ৰস্তুতি অব্যাহত আছে। দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি থাকে। বিশেষকৈ এই অনুষ্ঠানৰ পেৰেডৰ আকৰ্ষণীয় কাৰ্যসূচীয়ে দেশবাশীক আকৃষ্ট কৰি আহিছে। লক্ষণীয়ভাৱে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনাৰ প্ৰতীকপট বিশেষ আকৰ্ষণীয় হৈ উঠিব। শেহতীয়াকৈ নৌসেনাত অন্তৰ্ভুক্ত কৰা ছাবমেৰিন আৰু যুদ্ধজাহাজসমূহ এই প্ৰতীকপটত প্ৰদৰ্শন কৰা হ’ব।
প্ৰতিবছৰে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতীকপট গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰা হয়। আনহাতে কিছুমান ৰাজ্যৰ প্ৰতীকপট পেৰেড অনুষ্ঠানত বাবে নাকচ কৰাও হয়। যেতিয়া এনে প্ৰতীকপট নাকচ কৰা হয়, ইয়াৰ কাৰণো উল্লেখ কৰা হয়। উল্লেখ্য যে দেশৰ গণৰাজ্য দিৱসৰ প্ৰতীকপট নিৰ্বাচনৰ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। প্ৰতীকপট নিৰ্বাচনৰ বাবে মন্ত্ৰালয়ৰ সেউজ সংকেত লাভ কৰাৰ এক প্ৰক্ৰিয়া আছে।
গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওপৰত। সেয়েহে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাজ্য, মন্ত্ৰালয় আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগক প্ৰতীকপটৰ বাবে আবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে। সাধাৰণতে ইয়াৰ প্ৰস্তুতি ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হয়। কেতিয়াবা অৱশ্যে অক্টোবৰৰ পৰাও এই প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতীকপট নিৰ্বাচন কৰিবলৈ বাছনি সমিতি গঠন কৰে। এই সমিতিখন সংগীত, স্থাপত্য, চিত্ৰকলা, নৃত্য পৰিচালনা আৰু ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰে গঠিত।
বিশেষজ্ঞ সমিতিখনে প্ৰথমে আবেদনসমূহৰ বিষয়বস্তু, ডিজাইন আৰু ধাৰণা পৰীক্ষা কৰে। এই প্ৰথমটো পৰ্যায়ত প্ৰতীকপটসমূহ স্কেচৰ ৰূপত উপস্থাপন কৰা হয় আৰু এই সন্দৰ্ভত বৰ্ণনা আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়াৰ পিছত আবেদনকাৰীক প্ৰতীকপটৰ 3D মডেল প্ৰেৰণ কৰিবলৈ কোৱা হয়। এই দ্বিতীয় পৰ্যায়ত যদি আকাৰ মডেলে সেউজ সংকেত লাভ কৰে, তেতিয়া ৰাজ্যত টেবল’ নিৰ্মাণ আৰম্ভ হয়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, প্ৰতীকপটৰ নিৰ্বাচন কেইবাটাও পৰিমাপৰ ওপৰত নিৰ্ভৰশীল। যেনে- প্ৰতীকপটসমূহৰ আকাৰ-আকৃতি কেনে হয়, মানুহৰ ওপৰত কেনে প্ৰভাৱ পৰিব, ইয়াত কেনেধৰণৰ সংগীত ব্যৱহাৰ কৰা হৈছে, প্ৰতীকপটৰ দ্বাৰা উপস্থাপন কৰিব বিচৰা বিষয়টিক কিমান গভীৰতাৰে দেখুওৱা হৈছে আদি বিভিন্ন বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতীকপটৰ নিৰ্বাচন কৰা হয়।
প্ৰতীকপট নিৰ্বাচনৰ এই সমগ্ৰ প্ৰক্ৰিয়া ৬ৰ পৰা ৭টা পৰ্যায়ত হয়। কেইবাটাও নিৰ্ধাৰিত মাপকাঠী পূৰণ কৰাৰ পিছত প্ৰতীকপটসমূহ চৰ্টলিষ্ট কৰা হয়। যদি কোনো দিশত পৰিৱৰ্তনৰ প্ৰয়োজন হয়, তেতিয়া চূড়ান্ত অনুমোদন দিয়াৰ সময়ত পৰিৱৰ্তন কৰিবলৈ কোৱা হ’ব পাৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গাইডলাইনত কোৱা হৈছে যে দুখন ৰাজ্যৰ প্ৰতীকপট একে ধৰণৰ হ’ব নালাগে। ইয়াৰ বাহিৰেও একে ধৰণৰ লেখা বা ডিজাইন থাকিব নালাগে।
লগতে প্ৰতীকপটৰ সমুখত ৰাজ্যখনৰ নাম হিন্দী বা ইংৰাজীত হ’ব লাগে বুলি কোৱা হৈছে। অৱশ্যে তলত স্থানীয় ভাষাৰে ৰাজ্যৰ নাম লিখিব পাৰি। মন্ত্ৰালয়ৰ গাইডলাইনত লগতে প্ৰতীকপটত পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰিও প্ৰতীকপটৰ বাবে মন্ত্ৰালয়ে ট্ৰেক্টৰ আৰু ট্ৰেইলাৰ যোগান ধৰে। এইদৰে কেইবাটাও পৰ্যায়ৰ অন্তত পেৰেডৰ বাবে প্ৰতীকপটৰ চূড়ান্ত নিৰ্বাচন কৰা হয়।