শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ দেহত ভাৰতীয়ৰ DNA! কিয় নিজ মুখে এইদৰে ক’লে ছুবিয়ানটোৱে?

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’অ’ ছুবিয়ানটো। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে গণৰাজ্য দিৱস উদযাপনৰ অন্তত সন্ধিয়া এক ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত ছুবিয়ানটোৱে কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ দেহত ভাৰতীয়ৰ DNA! কিয় নিজ মুখে এইদৰে ক’লে ছুবিয়ানটোৱে?
ভোজমেলত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’অ’ ছুবিয়ানটো
monjit-dutta
Monjit Dutta | Published: 27 Jan 2025 08:11 AM

দেওবাৰে দেশে উদযাপন কৰিলে ৭৬ তম গণৰাজ্য দিৱস। দিল্লীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’অ’ ছুবিয়ানটো। গণৰাজ্য দিৱস উদযাপনৰ অন্তত সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে এক ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত ভাৰত আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি গণ্যমান্য লোকসকলে অংশ লয়।

এই ভোজমেলৰ সময়ছোৱাতে ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে এক বিশেষ মন্তব্যৰে সকলোকে হাস্যৰসৰ সোৱাদ দিয়ে। ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি তেওঁ ৰসিকতাৰে শেহতীয়াকৈ ডি এন এ পৰীক্ষাত তেওঁৰ পূৰ্বপুৰুষ ভাৰতীয় আছিল বুলি প্ৰকাশ পোৱা বুলি মন্তব্য কৰে। তেওঁ কয়, “কিছু সপ্তাহৰ পূৰ্বে মই মোৰ জেনেটিক ছিকুৱেন্সিং টেষ্ট আৰু ডি এন এ টেষ্ট কৰিলো।”

“এই পৰীক্ষাত মোৰ ডি এন এ ভাৰতীয় বুলি গম পোৱা গ’ল। সকলোৱে জানে যে ভাৰতীয় সংগীত শুনিলেই মই নাচিবলৈ আৰম্ভ কৰো। এয়া নিশ্চয় মোৰ ভাৰতীয় জিনৰ অংশ।”- এইদৰে ৰসিক মন্তব্য কৰে ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে। ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ এই বক্তব্য শুনি ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি অতিথিসকলে হাঁহিবলৈ ধৰে।

উল্লেখ্য যে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে দিল্লীত উপস্থিত থকা ছু্বিয়ানটোৱে দুয়োখন দেশৰ মাজত থকা চিৰস্থায়ী সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। দুয়োখন দেশৰ মাজত মিল থকা ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “আমাৰ ভাষাৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ সংস্কৃতৰ পৰাই আহিছে। বহু ইণ্ডোনেছিয়ান নাম সংস্কৃতত আছে।”

তেওঁ লগতে ইণ্ডোনেছিয়াৰ দৈনন্দিন জীৱনত প্ৰাচীন ভাৰতীয় সভ্যতাৰ যথেষ্ট প্ৰভাৱ আছে বুলিও মন্তব্য কৰে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মোদীৰ নেতৃত্বৰ গুণক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। তেওঁ কয়, “ভাৰতলৈ আহি মই বৰ গৌৰৱ অনুভৱ কৰিছো। মই কোনো পেছাদাৰী ৰাজনীতিবিদ নহয়, ভাল কূটনীতিবিদ নহয়, হৃদয়ত যি আছে তাকেই কওঁ।”

কিছুদিনৰ বাবে ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু প্ৰতিশ্ৰুতিৰ পৰা বহু কথা শিকিবলৈ পোৱা বুলি ছু্বিয়ানটোৱে লগতে কয়। দৰিদ্ৰতা নিৰাময় আৰু প্ৰান্তীয় জনগোষ্ঠীসমূহৰ উত্থানৰ দিশত ভূমিকাৰ প্ৰসঙ্গৰ উত্থাপন কৰিও তেওঁ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে। ‘দৰিদ্ৰতা নিৰাময়ৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু সমাজৰ অতি দুৰ্বল শ্ৰেণীক সহায় কৰাৰ ক্ষেত্ৰত মোদীৰ ভূমিকা আমাৰ বাবে এক প্ৰেৰণা’ বুলি মন্তব্য কৰে ছু্বিয়ানটোৱে।

ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আগন্তুক বছৰবোৰত ভাৰতবাসীৰ সমৃদ্ধি, শান্তি কামনা কৰি ইণ্ডোনেছিয়া আৰু ভাৰত ঘনিষ্ঠ অংশীদাৰ আৰু বন্ধু হৈ থাকিব বুলি আশা প্ৰকাশ কৰে।