Republic day: স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ ট্ৰালত উৰিল ৰাষ্ট্ৰীয় পতাকা
Republic day 2025: আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। এই বিশেষ দিনটোত কাশ্মীৰৰ পুলৱামাৰ ট্ৰালত প্ৰথমবাৰৰ বাবে উৰিল ৰাষ্ট্ৰীয় পতাকা। এই দিনটো যেন ট্ৰালৰ নতুন দিনৰ আৰম্ভণি।
আজি সমগ্ৰ দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পতাকা উৰুওৱা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰতো উলহ-মালহেৰে গণৰাজ্য পালন কৰা হয়। এই দিনটোতে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল চৌকে এক ইতিহাস ৰচনা কৰে। কিয়নো ইয়াত প্ৰথমবাৰৰ বাবে দেশৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন হয়। এই পতাকাখন এজন বৃদ্ধ, এজন যুৱক আৰু এটি শিশুয়ে একেলগে উন্মোচন কৰে। ট্ৰালৰ এই বিশেষ সময়খিনি আছিল ঐক্য আৰু দেশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ এক প্ৰতীক।
জানিব পৰা মতে ট্ৰালত গণৰাজ্য দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ১০০০ ৰো অধিকলোক উপস্থিত আছিল আৰু ইয়াৰে অধিকাংশ আছিল যুৱক। গণৰাজ্য দিৱসৰ পতাকা উৰোৱাৰ সময়ত ট্ৰালত চৌদিশে ভাঁহি আহে ভাৰত মাতাৰ শ্লোগান, দেশপ্ৰেমমূলক গীত। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আছিল ট্ৰালৰ এক নতুন দিনৰ আৰম্ভণ। ট্ৰাল কাশ্মীৰৰ এনে এক ঠাই যি এটা সময়ত কেৱল হিংসাজনিক কাণ্ডৰ বাবে জনাজাত আছিল। কিন্তু আজি গণৰাজ্য দিৱসৰ সময়ত ট্ৰালৰ জনতাই দেশবাসীলৈ প্ৰেৰণ কৰিলে শান্তিৰ এক বাৰ্তা।
এই কাৰ্যসূচী ৰাষ্ট্ৰীয় ৰাইফলছ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তাৰ অধীনত শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বিভিন্ন অঞ্চলৰলোক এই অনুষ্ঠানত ভিৰ কৰি গণৰাজ্য দিৱস উদযাপন কৰে। এইলোককল আছিল ট্ৰালৰ পৰিবৰ্তন আৰু সমন্বয়, উন্নয়নৰ পদক্ষেপৰ সাক্ষ্য । ট্ৰালত উৰা পতাকাৰ তলতেই জনতাই ভাৰত মাতাক চেল্যুট দি পৰিচয় দিয়ে দেশপ্ৰেমৰ।
এই অনুষ্ঠানত যুৱক-যুৱতীসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰফেৰে আবৃত পাহাৰৰ পটভূমিত গৌৰৱেৰে উৰা জাতীয় পতাকাখনে ট্ৰালৰ শান্তি, প্ৰগতি আৰু ভাৰতীয় সংবিধানৰ প্ৰতি নৱীকৃত সমৰ্পণৰ প্ৰতীক। এই গণৰাজ্য দিৱসত ট্ৰালে এখন ‘নতুন কাশ্মীৰ’ প্ৰদৰ্শন কৰি ঐক্য আৰু আশাৰ ৰেঙণি কঢ়িয়াই আনে।। উল্লেখ কৰা প্ৰয়োজন যে, দেশ স্বাধীন হোৱাৰ পাছৰে পৰা ট্ৰালত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা সাহস কোনোৱে কৰা নাছিল। কিন্তু ৭৬ সংখ্যক গণৰাজ্য দিৱসত আজি সেয়া সম্ভৱ হৈ উঠিল।