গণৰাজ্য দিৱসঃ দিল্লীৰ পেৰেডত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৰতন টাটাক…
Republic day 2025: অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। এই দিনটোতে দিল্লীৰ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব প্ৰয়াত উদ্যোগপতি ৰতন টাটাক।
অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস ( Republic day)। এইবাৰ নতুন দিল্লীত আয়োজিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত ঝাৰখণ্ডৰ প্ৰতীকপটত ৰাজ্যৰ তৰফৰ পৰা বিশিষ্ট উদ্যোগপতি প্ৰয়াত ৰতন টাটাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। ঝাৰখণ্ডে ৰাজ্যখনৰ প্ৰতীকপটত দেশৰ প্ৰথমখন তীখা চহৰ জামছেদপুৰৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত উদ্যোগপতি ৰতন টাটাক ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। গণৰাজ্য দিৱসৰ দিনা দেশৰ ১৫ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলেও প্ৰতীকপট প্ৰদৰ্শন কৰিব ।
শেহতীয়াকৈ ঝাৰখণ্ড চৰকাৰে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাজ্যখনে নিজৰ ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু উন্নয়নমূলক অগ্ৰগতি ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ বাবে তীব্ৰ প্ৰস্তুতি চলাই আছে। এই বিবৃতিতে কোৱা হৈছে যে এইবাৰ ঝাৰখণ্ডৰ প্ৰতীকপটত ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। ইয়াৰোপৰি ৰাজ্যখনৰ সংস্কৃতি, পৰম্পৰাগত নৃত্য আৰু শিক্ষাৰ জৰিয়তে মহিলাৰ সৱলীকৰণৰ ওপৰতো আলোকপাত কৰা হ’ব। যোৱা বছৰত ৰাজ্যখনৰ প্ৰতীকপটত বিখ্যাত টুছাৰ ৰেচম প্ৰদৰ্শিত হোৱাৰ বিপৰীতে ২০২৩ চনত দেওঘৰৰ বিখ্যাত বাবা বৈদ্যনাথ মন্দিৰৰ চিত্ৰ অংকন কৰা হৈছিল।
টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপকৰ নামেৰে জামছেদপুৰৰ নামকৰণ
তথ্য অনুসৰি নিৰ্বাচিত ৰাজ্যসমূহক ২০২৫ চনৰ ১৯ জানুৱাৰীৰ ভিতৰত নিজৰ প্ৰতীকপট সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰোপৰি ২৩ জানুৱাৰীত সম্পূৰ্ণ আখৰা কৰাৰ কথা। উল্লেখ্য যে, ২০০০ চনত ৰাজ্য হিচাপে পৰিগণিত হোৱা ঝাৰখণ্ডৰ উন্নয়নত প্ৰয়াত ৰতন টাটাৰ অৱদান অতুলনীয়।টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জমছেদজী নুছেৰৱানজী টাটাৰ নামেৰে এই ঝাৰখণ্ড চহৰৰ নাম জামছেদপুৰ ৰখা হৈছিল।
প্ৰয়াত ৰতন টাটাই জামছেদপুৰৰ বিকাশ ত্বৰান্বিত কৰি বিশ্বৰ মানচিত্ৰত স্থান দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১৯৬৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে টাটা ষ্টীলৰ কাম-কাজ চাবলৈ জামছেদপুৰ ভ্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৬৫ চনত তেওঁ চহৰ ভ্ৰমণ কৰিছিল।
উল্লেখ্য যে, প্ৰতিবছৰে দেশৰ গণৰাজ্য দিৱসৰ সময়ত দিল্লীত বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। ইয়াৰোপৰি এই অনুষ্ঠানতে সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰে। এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো। উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫০ চনত ভাৰতত আৰম্ভ হৈছিল ২৬ জানুৱাৰী উপলক্ষে মুখ্য অতিথিক আমন্ত্ৰণ জনোৱাৰ পৰম্পৰা ।
অন্য খবৰ পঢ়কঃ Republic day 2025: কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? জানক ইতিহাস, মহত্ব আৰু সকলো…