শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অন্ত পৰিল উত্তৰাখণ্ড হিমস্খলনস্থলীৰ উদ্ধাৰ অভিযানঃ ৮জনে হেৰুৱালে প্ৰাণ, জীৱন্তে উদ্ধাৰ ৪৬জনক

উত্তৰাখণ্ডৰ মানাত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলন কাণ্ডৰ পিছত আৰম্ভ হোৱা উদ্ধাৰ অভিযান আজি সমাপ্ত হৈছে। ৬০ ঘণ্টাতকৈ অধিক সময়জোৰা এই অভিযানৰ অন্তত স্থানীয় কৰ্তৃপক্ষই এই দুৰ্ঘটনাত ৮ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে আৰু ৪৬ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি উল্লেখ কৰে।

অন্ত পৰিল উত্তৰাখণ্ড হিমস্খলনস্থলীৰ উদ্ধাৰ অভিযানঃ ৮জনে হেৰুৱালে প্ৰাণ, জীৱন্তে উদ্ধাৰ ৪৬জনক
চামোলিত অন্ত পৰিল উদ্ধাৰ অভিযান
monjit-dutta
Monjit Dutta | Published: 02 Mar 2025 21:07 PM

উত্তৰাখণ্ডৰ মানাত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলন কাণ্ডৰ পিছত আৰম্ভ হোৱা উদ্ধাৰ অভিযান আজি সমাপ্ত হৈছে। যোৱা ২৮ ফেব্ৰুৱাৰীত সংঘটিত এই ঘটনাত বৰফত আৱদ্ধ হৈ পৰিছিল ৫৪ জন শ্ৰমিক। প্ৰথম অৱস্থাত ঘটনাত ৫৫ জন শ্ৰমিক আৱদ্ধ হৈ থকা বুলি খবৰ প্ৰকাশ পাইছিল যদিও উদ্ধাৰ অভিযানৰ সময়ত আৱদ্ধ হৈ থকা শ্ৰমিকৰ সংখ্যা ৫৪জন বুলি নিশ্চিত হয়। ঘটনাৰ পিছৰে পৰা ঘটনাস্থলীত জোৰদাৰ গতিৰে উদ্ধাৰ অভিযান চলোৱা হৈছিল আৰু ৬০ ঘণ্টাতকৈ অধিক সময়জোৰা এই অভিযান আজি সন্ধিয়া অন্ত পৰে।

স্থানীয় কৰ্তৃপক্ষই এই দুৰ্ঘটনাত ৮ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে আৰু ৪৬ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি উল্লেখ কৰে।  সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি বিভিন্ন সংস্থাৰ ২০০ৰো অধিক লোকে ঘটনাস্থলীত অবিৰতভাৱে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছিল। আজি সন্ধিয়া অভিযানকাৰী দলটোৱে এজন শ্ৰমিকৰ মৃতদঽ উদ্ধাৰ কৰে। ইয়াৰ পিছত অভিযান সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয়।

উল্লেখ্য যে যোৱা শুকুৰবাৰে মানাত পথ নিৰ্মাণৰ কামত ব্যস্ত থকাৰ সময়তে হঠাতে ওপৰৰ পৰা বাগৰি অহা বৰফে শ্ৰমিকসকলক পুতি পেলাইছিল। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে প্ৰশাসনে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। সেনাবাহিনীয়ে আজি এক বিবৃতিযোগে ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচৰ নেতৃত্বত ভাৰতীয় সেনা আৰু এন ডি আৰ এফৰ সহযোগত চামোলিৰ মানাত তিনিদিনীয়াকৈ চলি থকা হাই-ৰিস্ক উদ্ধাৰ অভিযান আজি সফলতাৰে সমাপ্ত হৈছে বুলি উল্লেখ কৰে।

প্ৰবল বৰফ, ঠাণ্ডা আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজতো উদ্ধাৰকাৰী দলসমূহে স্নিফাৰ ডগ, থাৰ্মেল ইমেজাৰ আৰু উন্নত উদ্ধাৰ কৌশল ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলাইছিল। আজি উদ্ধাৰ হোৱা অন্তিমজন নিহত শ্ৰমিকক ডেৰাডুনৰ ক্লেমেণ্ট টাউন অঞ্চলৰ অৰবিন্দ কুমাৰ সিং (৪৩) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আজি দিনৰ ভাগত উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ ৰুদ্ৰপুৰৰ অনিল কুমাৰ (২১), উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ অশোক (২৮) আৰু হিমাচল প্ৰদেশৰ উনাৰ হৰমেশ নামৰ আন তিনিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। নিহত শ্ৰমিকসকলৰ মৃতদেহ হেলিকপ্টাৰেৰে জ্যোতিৰ্মঠলৈ লৈ যোৱা হয়। জ্যোতিৰ্মঠৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত মৰণোত্তৰ পৰীক্ষা চলোৱা হ’ব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

উদ্ধাৰ অভিযানৰ নিৰীক্ষণৰ বাবে চেণ্ট্ৰেল কমাণ্ডৰ জিঅ’চি-ইন-চি লেফটেনেণ্ট জেনেৰেল অনিন্দ্য সেনগুপ্ত আৰু উত্তৰ ভাৰতৰ জিঅ’চিৰ লেফটেনেণ্ট জেনেৰেল ডিজি মিশ্ৰই ঘটনাস্থলীত উপস্থিত থাকে। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উত্তৰাখণ্ড ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বিষয়ে বুজ লৈছিল।