কিয় মৃত্যুদণ্ড বিচাৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানে…
সেনাক মৃত্যুদণ্ড দিয়ক অথবা বিষয়াসকলৰ পৰা ন্যায়। অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ মতে ২৪ বছৰ সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ পাছত তেওঁ ২০১৯ চনত অৱসৰ গ্ৰহণ কৰিছিল।
ন্যায় অথবা মৃত্যুদণ্ড বিচাৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানে। পৌৰ আয়ুক্তৰ ওচৰত দাবী উত্থাপন কৰি জোৱানগৰাকীয়ে কয় যে, ছাৰ মোক মৃত্যুদণ্ড দিয়ক অথবা ন্যায় দিয়ক। এই বাক্যকেইটিৰে এখন প্লেট বনাই ডিঙিত আঁৰি এই দাবী কৰিছে সেনা জোৱানগৰাকীয়ে। এই ঘটনা উত্তৰ প্ৰদেশৰ ছাহৰানপুৰৰ। তেওঁ জনাই যে আই জি আৰ এছ পোৰ্টেলত ১৫০০ তকৈ অধিকবাৰ অভিযোগ কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই। তেওঁৰ অভিযোগ নিগমে নিষ্পত্তি কৰিছে যাৰ বাবে এনেদৰে ন্যায় বিচাৰিছে সেনা জোৱানগৰাকীয়ে।
জানিব পৰা মতে খাতেখেড়ীৰ মহম্মদ শ্বাহিদ সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান। মঙলবাৰে ডিঙিত এখন প্লেকাৰ্ড ওলমাই তেওঁ কালেক্টৰ অফিচত উপস্থিত হয়। প্লেকাৰ্ডত লিখা আছিল-সেনাক মৃত্যুদণ্ড দিয়ক অথবা বিষয়াসকলৰ পৰা ন্যায়। অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ মতে ২৪ বছৰ সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ পাছত তেওঁ ২০১৯ চনত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পাছত লাভ কৰা টকাৰে তেওঁ অলপ মাটি ক্ৰয় কৰিছিল কিন্তু তাত পৌৰ নিগমে এটা নলা নিৰ্মাণ কৰে।
অৱসৰ প্ৰাপ্ত সেনা জোৱানজনে কয়- মই মোৰ কষ্টৰে উপাৰ্জন কৰা টকাৰে মাটি কিনিছিলো। কিন্তু পৌৰ নিগমে সেই ঠাইত নলা নিৰ্মাণৰ কাম কৰিলে। এই বিষয়ে মই বহুবাৰ অভিযোগ কৰিছিলো। কিন্তু কোনো লাভ নহ’ল। আই জি আৰ এছ পৰ্টেলতো ১৫০০ৰো অধিক অভিযোগ কৰিলো কিন্তু নিগমে নিজৰ। মতে অভিযোগ নিষ্পত্তি কৰিলে। তাৰ পিছত কেইবাবাৰো চৰকাৰী কাৰ্যালয়লৈ গৈছিলো। বিষয়াসকলক নিজৰ সমস্যাটো ক’লে। কোনেও একো নকৰিলে।
সেনা জোৱানগৰাকীয়ে কয় যে, মোৰ আৰু কৰিব পৰা একো নাই। যাৰ বাবে মই ভাবিলো যে পৌৰ আয়ুক্তক লগ কৰিম। মোক ন্যায় দিয়ক অথবা মৃত্যুদণ্ড দিয়ক। কিয়নো মোৰ কথা কোনোৱে শুনা নাই, গুৰুত্ব সহকাৰে লোৱা নাই। এই কাৰণতে ন্যায় অথবা মৃত্যুদণ্ড বিচাৰিছে সেনা জোৱানগৰাকীয়ে।