RG Kar case: এতিয়াই কিয় সঞ্জয় ৰায়ৰ ফাঁচি নিবিচাৰে আৰ জি কৰকাণ্ডৰ ভুক্তভোগী পিতৃ-মাতৃয়ে ?
উচ্চ ন্যায়ালয়ত আৰ জি কৰকাণ্ডৰ শুনানি সম্পূৰ্ণ । স্থগিত ৰখা হ'ল ৰায়দান । ভুক্তভোগীৰ পৰিয়ালে বিচৰা নাই সঞ্জয় ৰায়ৰ ফাঁচি ।
কলকাতাৰ আৰ জি কৰকাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰায়ক মৃত্যুদণ্ডৰ শাস্তি আপাততঃ বিচৰা নাই ভুক্তভোগী তিলোত্তমাৰ পিতৃ-মাতৃয়ে । শিয়ালদহ আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত সঞ্জয়ৰ সৰ্বোচ্চ শাস্তি বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাজ্য চৰকাৰ । কিন্তু ইয়াৰ অংশ নাছিল ভুক্তভোগীৰ পৰিয়াল । কিয়নো তেওঁলোকে এই ঘটনাৰ সৈতে জড়িত বুলি চৰ্চালৈ অহা প্ৰতিগৰাকী অভিযুক্তৰ শাস্তি হোৱাটো বিচাৰিছে ।
সোমবাৰে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ দেৱাংশু বসাকৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰে । শুনানিত ভুক্তভোগীৰ পৰিয়ালে জনায় যে তেওঁলোকে সঞ্জয় ৰায়ৰ সৰ্বোচ্চ শাস্তি বিচৰা নাই । তেওঁলোকে স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰে তৰা গোচৰৰ গ্ৰহণযোগ্যতা সম্পৰ্কে তেওঁলোকৰ একো ক’বলগীয়া নাই । কিন্তু এই মুহূৰ্তত তেওঁলোকে সঞ্জয়ৰ ফাঁচি বিচৰা নাই । যদি এই গোচৰ গৃহীত হয় তেন্তে তাৰ পাচত তেওঁলোকে বাকীখিনি কথা ক’ব ।
ভুক্তভোগীৰ পিতৃ-মাতৃয়ে পূৰ্বেও জনাইছিল যে ৰাজ্য চৰকাৰে যি তদন্ত কৰাইছে তাত তেওঁলোকৰ ভৰসা নাই । আনকি বহু গুৰুত্বপূৰ্ণ তথ্য লুকুওৱাৰ বা নষ্ট কৰাৰো অভিযোগ তুলিছিল তেওঁলোকে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে সঞ্জয়ৰ ফাঁচি হোৱাটো বিচাৰে নে নিবিচাৰে তাকলৈ তেওঁলোক মুঠেও আগ্ৰহী নহয় ।
উল্লেখ্য যে সঞ্জয়ৰ ফাঁচি বিচাৰি ৰাজ্য চৰকাৰে তৰা গোচৰৰ গ্ৰহণ যোগ্যতা আছে নে নাই সেই বিষয়ক লৈয়েই উচ্চ ন্যায়লয়ত যোৱা দুদিন ধৰি শুনানি চলে । আজি সোধা-পোছাৰ অন্তত ন্যায়াধীশে ভুক্তভোগীৰ পিতৃ-মাতৃৰ পৰা জানিব বিচাৰে যে তেওঁলোকক কি লাগে ? তেতিয়াই দুয়ো স্পষ্টকৈ কয় যে তেওঁলোকে সঞ্জয়ৰ ফাঁচি নিবিচাৰে সম্প্ৰতি ।
ইফালে চিবিআইৰ তৰফৰ পৰাওৰ প্ৰশ্ন কৰা হয় যে এই ঘটনা সন্দৰ্ভত গোচৰ তৰাৰ ৰাজ্য চৰকাৰৰ কিয় অধিকাৰ নাই ? অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল এছ ভি ৰাজুও এই শুনানিৰ সময়ত । চিবিআইৰ তৰফৰ পৰা প্ৰশ্ন কৰা হয় যে আদালতে যাৱতীয় তথ্য চিবিআইৰ হাতত অৰ্পণ কৰিছিল । তদন্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাছিল । তদন্তত ৰাজ্য চৰকাৰক অনুমতি দিয়া হোৱা নাছিল । আদালতে বিচাৰিলে আদালত বন্ধু নিযুক্তি দিব পাৰে । অৱশ্যে আজি শুনানিৰ অন্তত ৰায়দান স্থগিত ৰখা হয় ।
উচ্চ ন্যায়ালয়ৰ বাহিৰত ভুক্তভোগীৰ পিতৃ-মাতৃয়ে কয়, “আমি সঞ্জয়ৰ ফাঁচি কিয় বিচৰা নাই সেয়া আমাৰ অধিবক্তাই স্পষ্ট কৰি দিব । এই পৰ্যন্ত এই গোচৰৰ বিষয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা একো জনোৱা হোৱা নাই । কোনে কি আবেদন কৰিছে, সেয়াও নাজানো । সংবাদ মাধ্যমত খবৰ দেখি আমি আহিছো । আদালতত কি হয় তাক লৈ চিন্তাত আছোঁ । আমি বিচাৰো. এই ঘটনাৰ সৈতে যিসকল জড়িত আছে, তেওঁলোক সকলোকে সমুখলৈ অনা হওক । আমি হাইকোৰ্টত সিংঘাল বিচাৰপীঠত ৫৫ টা প্ৰশ্ন উত্থাপন কৰিছোঁ ।” উল্লেখ্য যে ভুক্তভোগীৰ অভিভাৱকৰ হৈ এই ঘটনাৰ ওকালতি কৰিছে অধিবক্ত ছামিম আহমেদে ।