কলকাতা কাণ্ডঃ কেনেদৰে শাস্তি দিয়া হ’ব জঘন্য কাণ্ডৰ অভিযুক্তক? মমতাই ক’লে…
কলকাতা কাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। এই কাণ্ডৰ পাছতেই বিপদত পৰা মমতাৰ চৰকাৰে এইবাৰ নতুন আইন অনাৰ কথা ঘোষণা কৰিছে। মমতাই কৈছে যে অহা সপ্তাহত এখন নতুন আইন আনিব যাৰ অধীনত দোষীয়ে ১০ দিনত শাস্তি পাব।
কলকাতাৰ আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই এতিয়াও ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আছে। ৯ আগষ্টত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই অহৰহভাৱে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰতিবাদ বন্ধ কৰাৰ যথেষ্ঠ চেষ্টা কৰিছে যদিও সফল হোৱা নাই। শিক্ষাৰ্থীৰ প্ৰতিবাদীৰ ওপৰত তদন্ত কৰাৰ বিৰোধিতা কৰি মঙলবাৰে বিজেপি ৰাজ্যখনক বন্ধও ঘোষণা কৰিছিল। এই সকলোবোৰৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এখন নতুন আইন আনি দোষীক শাস্তি দিয়াৰ কথা ঘোষণা কৰে।
মমতাই কয় যে, বিজেপিয়ে ন্যায় নিবিচাৰে। তেওঁলোকে কেৱল পশ্চিম বংগক বদনাম কৰাৰ বাবে এনে কাম কৰি আছে। তেওঁ কয়, বিজেপিয়ে পশ্চিম বংগত জুই জ্বলাবৰ চেষ্টা কৰি আছে। যদি পশ্চিম বংগ জ্বলে তেন্তে অসমো জ্বলিব। ইয়াৰ লগতে সমগ্ৰ উত্তৰ পূৱ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উৰিষ্যা আদিও জ্বলিব। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদী, আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে, কিন্তু মনত ৰাখিব, যদি আপুনি বংগ জ্বলাই দি, তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাব।
ইয়াৰ লগতে মমতাই কয়, আমি এনে এখন আইন আনিব যাৰ অধীনত ১০ দিনৰ ভিতৰত এই গোচৰ শেষ হৈ যাব। ধৰ্ষণৰ বলি হোৱা মহিলাক ন্যায় প্ৰদানৰ কথা উল্লেখ কৰি মমতাই বুধবাৰে কয় যে, অহা সপ্তাহত পশ্চিম বংগৰ বিধানসভা অধিবেশনৰ আহ্বান কৰা হ’ব। এই অধিবেশনত পশ্চিম বংগত ধৰ্ষণৰ বলি হোৱা সকলক ন্যায় প্ৰদান কৰাৰ বাবে নতুন আইন অনা হ’ব য’ত মাত্ৰ ১০ দিনৰ ভিতৰত গোচৰৰ অন্ত পৰিব। এই প্ৰস্তাৱ অনুমোদনৰ পাছত ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ’ব। যদি ৰাজ্যপালে এই আইনত গৃহীত নকৰে তেন্তে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও মমতাই কয়।
উল্লেখ্য যে, কলকাতাৰ কনিষ্ঠ চিকিৎসকগৰাকীক অতি নৃশংসভাৱে ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই গোচৰটোৰ তদন্ত চিবিআইয়ে কৰি থকাৰ লগতে ইয়াৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে। এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰক্ষীয়ে সঞ্জয় ৰয় নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও তদন্ত সম্পূৰ্ণ হোৱা নাই। এই ঘটনাত বহু জ্যেষ্ঠ লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। কনিষ্ঠ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ তদন্তৰ আওতালৈ আহিছে হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। মূল অভিযুক্ত সঞ্জয় ৰয়, সন্দীপ ঘোষৰ লগতে মুঠ ৭জনৰ পলিগ্ৰাফ টেষ্টো কৰিছে চিবিআইয়ে।
কিন্তু এতিয়ালৈকে এই গোচৰৰ তদন্তই বিশেষ অগ্ৰগতি লাভ কৰা নাই। কনিষ্ঠ চিকিৎসকগৰাকীৰ ধৰ্ষণৰ তদন্ত আৰক্ষী আৰু হাস্পাতাল কৰ্তৃপক্ষৰো গাফিলতি পোহৰলৈ আহিছে। তেনে ক্ষেত্ৰত ৰাজপথত হাজাৰ হাজাৰ চিকিৎসক, সাধাৰণ জনতাই কনিষ্ঠ চিকিৎসকগৰাকীৰ বাবে ন্যায়ৰ দাবী কৰি আহিছে।
সমালোচনাৰ পৰা সাৰি যোৱা নাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও। ভুক্তভোগীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি প্ৰথম অৱস্থাত মমতা বেনাৰ্জীৰ প্ৰতি তেওঁলোকৰ আস্থা আছিল যদিও এতিয়া আৰু নাই। পশ্চিম বংগ চৰকাৰে অভিযুক্তক ৰক্ষণা বেক্ষণ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে। শিক্ষাৰ্থীসকলৰ লগতে বিজেপিয়ে এই কাণ্ডৰ প্ৰতিবাদ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে।