“বংগ জ্বলিলে অসমো জ্বলিব” মমতাৰ মন্তব্যত জাঙুৰ খাই উঠিল হিমন্ত বিশ্ব

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমক লৈ এনে মন্তব্য কৰিবলৈ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্বই। ছ'চিয়েল মিডিয়াযোগে ক্ষোভ ব্যক্ত কৰে শৰ্মাই।

বংগ জ্বলিলে অসমো জ্বলিব মমতাৰ মন্তব্যত জাঙুৰ খাই উঠিল হিমন্ত বিশ্ব

হিমন্ত, মমতা

Updated On: 

28 Aug 2024 20:12 PM

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে প্ৰদান কৰা এক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছ’চিয়েল মিডিয়া এক্স যোগে মমতাক সাৱধান বাণী শুনাই হিমন্ত বিশ্বই কয়, “দিদি, অসমক ভাবুকি দিয়াৰ সাহস কেনেকৈ পালে? আমাক ৰঙা চকু নেদেখাব। নিজৰ ব্যৰ্থতাৰ ৰাজনীতিৰে ভাৰতক জ্বলাবলৈও চেষ্টা নকৰিব। বিভাজনকাৰী ভাষা কোৱাটো আপোনাৰ বাবে উপযুক্ত নহয়”।

কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ আৰম্ভ হোৱা ৰাজনীতি এতিয়া অসম চুইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰে। বিজেপিয়ে ‘বংগ বন্ধ’ দিয়াৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা উল্লেখ কৰি মমতাই কয় যে, বংগ জ্বলিলে অসম, উত্তৰ- পূৱ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু দিল্লীও জ্বলিব।

সমাৱেশত ভাষণ দি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছিল, “প্ৰধানমন্ত্ৰী মোদী, আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব!  যদি আপুনি বংগ জ্বলাই , তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাব”। মমতা বেনাৰ্জীৰ এই মন্তব্যৰ ওপৰতেই এতিয়া জাঙুৰ খাই উঠিছে হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত শৰ্মাই ছ’চিয়েল মিডিয়াত এক পোষ্ট কৰে।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতা আৰ জি কৰ হাস্পাতালক এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ন্যায় বিচাৰি আৰু দোষীৰ উপযুক্ত শাস্তি বিচাৰে হাজাৰ হাজাৰলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই বিষয়টোত চৰকাৰৰ ভূমিকাক লৈ বহুতে মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে। কলকাতা আৰক্ষীৰ গাফলতিৰ কথাও পোহৰলৈ আহিছে।

ইয়াৰ মাজতে মঙলবাৰে বিজেপিয়ে বংগ বন্ধ ঘোষণা কৰিছিল। এই বন্ধৰ দিনটোত ‘নবন্না অভিজন’ ৰ সময়ত ৰাজ্যখনত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছিল। বিজেপিয়ে দিয়া বন্ধ আৰু হিংসাত্মক ঘটনাক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে মমতা বেনাৰ্জীয়ে। বিজেপিয়ে বংগক বদনাম কৰিবলৈ এনে কৰা বুলি তেওঁ অভিযোগ তোলে।

আনহাতে, মমতা বেনাৰ্জীৰ মন্তব্যক লৈ বংগ বিজেপি ইউনিটৰ সভাপতি সুকান্ত মজুমদাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ লিখিছে যে মমতা বেনাৰ্জীয়ে ছাত্ৰ সমাৱেশত যি মন্তব্য কৰিছে সেয়া ঠিক নহয়। এয়া সাংবিধানিক পদত অধিষ্ঠিত কোনো ব্যক্তিৰ ভাষা নহয়। এয়া হৈছে এজন জাতি বিৰোধী ভাষা। বেনাৰ্জীয়ে এই বক্তব্যৰ দ্বাৰা মানুহক ভয় খুৱাবলৈ, হিংসাক উচতনি দিবলৈ আৰু ঘৃণাৰ সৃষ্টি কৰিবলৈ কৰিছে।  তেওঁ শীঘ্ৰেই পদত্যাগ কৰিব লাগে, কিয়নো মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ যোগ্য নহয়।

 

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!