গ্ৰেপ্তাৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ
সন্দীপ ঘোষে চিকিৎসা জৈৱিক আৱৰ্জনা দুৰ্নীতি, চৰকাৰী ধন আত্মসাৎ, বিক্ৰেতা বাছনিৰ ক্ষেত্ৰত নেপটিজিম, আইন ভংগ কৰি ঠিকাদাৰ নিযুক্তি আৰু আন বহু ধৰণৰ আৰ্থিক অনিয়ম সংঘটিত কৰিছিল।
অৱশেষত গ্ৰেপ্তাৰ হ’ল কলকাতাৰ আৰ জি হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। কনিষ্ঠ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰ চলি থকাৰ মাজতে সোমবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক। তদন্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰি অহৰহভাৱে চিবিআইয়ে সন্দীপ ঘোষৰ জেৰা চলাই আছিল। সন্দীপ ঘোষৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰাৰ লগতে তেওঁৰ বাসগৃহতো চলাইছিল তালাচী। দুৰ্নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে ঘোষক।
মন কৰবলগীয়া যে চিবিআইয়ে যোৱা ১৫ দিন ধৰি ঘোষৰ জেৰা চলাইছিল। কেৱল এয়াই নহয়, দুৰ্নীতিৰ গোচৰত ঘোষ আৰু তেওঁৰ ঘনিষ্ঠ লোকৰ ১৫টা স্থানতো চিবিআইয়ে অভিযান চলাইছিল। ঘোষৰ লগতে আন ৩ জনলোকক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। ইয়াৰ পূৰ্বে দেৱাশীষ, বিক্ৰম সিং আৰু সঞ্জয় বিষিষ্ঠক গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে।
৯ আগষ্টত কলকাতা আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ঘটনাত নাম সাঙোৰ খাইছিল মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ। অভিযোগ উঠিছিল যে সন্দীপ ঘোষ নামৰ লোকজনে মেডিকেল কলেজখনত বহু দিন ধৰি দুৰ্নীতি কৰি আহিছে। তেওঁৰ সান্নিধ্যতেই ধন লৈ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছিল। সন্দীপ ঘোষৰ বিৰুদ্ধে দুৰ্নীতিৰ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতেই তেওঁ চিবিআইৰ তদন্তৰ আওতালৈ আহিছিল।
চিবিআইৰ লগতে সন্দীপ ঘোষৰ বিৰুদ্ধে ইডিয়েও তদন্ত কৰি আছে। তাৰ মাজতে চিবিআইয়ে কৰা তালাচী অভিযানত ঘোষৰ বিভিন্ন স্থানৰ পৰা বহু সামগ্ৰী উদ্ধাৰ হৈছিল। এই অভিযানত কি উদ্ধাৰ হৈছে সেয়া চিবিআইয়ে প্ৰকাশ কৰা নাই যদিও কালি ঘোষ গ্ৰেপ্তাৰ হয়।
ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত প্ৰশাসক হিচাপে ঘটনাটোৰ দায়িত্ব সন্দৰ্ভতো সন্দীপ ঘোষৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছিল। কোৱা হৈছিল, মৃতদেহ উদ্ধাৰৰ পাছত আৰক্ষীক খবৰ দিয়াৰ পৰিবৰ্তে ঘোষে এখন বৈঠক অনুষ্ঠিত কৰিছিল। দ্বিতীয়তে তেওঁৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। এসময়ত সন্দীপৰ সহযোগী তথা আৰ জি টেক্সৰ প্ৰাক্তন উপ অধীক্ষক আখতাৰ আলীয়ে আদালতত কয় যে সন্দীপ ঘোষে চিকিৎসা জৈৱিক আৱৰ্জনা দুৰ্নীতি, চৰকাৰী ধন আত্মসাৎ, বিক্ৰেতা বাছনিৰ ক্ষেত্ৰত নেপটিজিম, আইন ভংগ কৰি ঠিকাদাৰ নিযুক্তি আৰু আন বহু আৰ্থিক অনিয়ম সংঘটিত কৰিছিল।
উল্লেখ্য যে, ঘোষক দুৰ্নীতিৰ গোচৰতহে গ্ৰেপ্তাৰ কৰা হৈছে। আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত বৰ্তমানলৈ কেৱল এজন অভিযুক্তই গ্ৰেপ্তাৰ হৈছে। এই ঘটনাত বহুলোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও আন কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই চিবিআইয়ে। দেশ জোকাৰি যোৱা এই কাণ্ডৰ শুনানি চলি আছে উচ্চতম ন্যায়ালয়ত। অহা ৬ ছেপ্টেম্বৰত পুনৰ শুনানি হ’ব ন্যায়ালয়ত। সেই সময়ত চিবিআইয়ে আদালতত আন তথ্য জমা কৰাৰ সম্ভাৱণা আছে।