কলকাতা কাণ্ডঃ চেমিনাৰ হলৰ VIDEO পোহৰলৈ অহাৰ পাছত ঘটনাই ল’ব নেকি নতুন ৰূপ?
সোনকালে মৃতদেহ জ্বলোৱাৰ পৰা প্ৰমাণ ধ্বংস কৰালৈকে প্ৰচেষ্টা চলোৱা হৈছিল। সন্দীপ ঘোষৰ বিৰুদ্ধে ছিণ্ডিকেট চলাই থকাৰ অভিযোগো উত্থাপন হৈছে।পুৱাই আমি শাসকীয় দলৰ প্ৰভাৱশালী চিকিৎসক হিচাপে পৰিচিত লোকক চিকিৎসালয়লৈ অহা দেখিবলৈ পাইছিলো। আনকি মৃতদেহ উদ্ধাৰ হোৱা চেমিনাৰ কক্ষত সভা অনুষ্ঠিত হৈছিল।কিয় তেওঁলোক তালৈ গৈছিল তাৰ তদন্ত হ'ব লাগে।
কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ৯ আগষ্টৰ দিনা চিকিৎসালয়খনৰ চেমিনাৰ হলত উদ্ধাৰ হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ। ভুক্তভোগীৰ মাতৃয়ে অভিযোগ উত্থাপন কৰি কৈছে যে চেমিনাৰ হলৰ বাহিৰত তেওঁলোকে প্ৰায় চাৰে ৩ ঘন্টা অপেক্ষা কৰি আছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ দিয়া হৈছিল। এই একেই অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰলোক আদালততো উত্থাপন কৰিছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ।
যি ঠাইত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ পৰি আছিল তাত সংবাদ মাধ্যমক যোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছিল। চেমিনাৰ হলৰ ভিতৰৰ ভিডিঅ’ এটা TV9 বাংলাৰ হাতত পৰিছে। এই ভিডিঅ’টোৰ এতিয়ালৈকে সত্যাসত্য নিৰূপন হোৱা নাই যদিও ভিডিঅ’টোৱে কলকাতা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক এক নতুন ৰূপ দিব পাৰে।
ভিডিঅ’টোত শান্তনু দেক চেমিনাৰ ৰুমৰ বাহিৰত দেখা গৈছে। শান্তনু এগৰাকী অধিবক্তা আৰু হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ঘনিষ্ঠ বুলি অভিযোগ উত্থাপন হৈছে। প্ৰশ্ন হয়, সেই সময়ত শান্তনু দে সেই স্থানত কি কৰি আছিল? সন্দীপ ঘোষৰ ঘনিষ্ঠ ফৰেনছিক চিকিৎসক দেবাশীষ সোমকো ঘটনাস্থলীত দেখা গৈছিল। তেওঁ আৰ জি কৰ হাস্পাতালৰ কৰ্মচাৰী নহয় যদিও উক্ত স্থানত দেখা গৈছিল।
ঘটনাস্থলীত প্ৰসুন চেটাৰ্জী নামৰ এজন ব্যক্তিকো দেখা গৈছে। তেওঁৱো সন্দীপ ঘোষৰ ঘনিষ্ঠ বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত এই ৩ জন ব্যক্তিৰ উপস্থিতিয়ে এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে। সেই সময়ত ঘটনাস্থলীত বাহিৰৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ আছিল। তেন্তে এই লোককেইজন সেই ঠাইত কেনেকৈ উপস্থিত হ’ল? কোনে তেওঁলোকক জনাইছিল ঘটনা সম্পৰ্কে?
টিভি৯ বাংলাই অধিবক্তা শান্তনু দেৰ সৈতে যোগাযোগ কৰি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছিল। তেতিয়া তেওঁ যুক্তি দৰ্শাই কৈছিল যে তেওঁ সেইদিনা অস্থিৰোগ বিভাগলৈ গৈছিল কিন্তু তেওঁ ইয়াৰে কোনো শ্লিপ দেখাব নোৱাৰিলে। উল্লেখ কৰা প্ৰয়োজন যে সন্দীপ ঘোষো অস্থিৰোগ বিশেষজ্ঞ।
এই সন্দৰ্ভত চিকিৎসা সমাজৰ অংশ ডাঃ সুবৰ্ণ গোস্বামীয়ে কয়, সোনকালে মৃতদেহ জ্বলোৱাৰ পৰা প্ৰমাণ ধ্বংস কৰালৈকে প্ৰচেষ্টা চলোৱা হৈছিল। সন্দীপ ঘোষৰ বিৰুদ্ধে ছিণ্ডিকেট চলাই থকাৰ অভিযোগো উত্থাপন হৈছে। অভিযোগ উত্থাপন কৰি ডাক্তৰ সজল বিশ্বাসে কয়, পুৱাই আমি শাসকীয় দলৰ প্ৰভাৱশালী চিকিৎসক হিচাপে পৰিচিত লোকক চিকিৎসালয়লৈ অহা দেখিবলৈ পাইছিলো। আনকি মৃতদেহ উদ্ধাৰ হোৱা চেমিনাৰ কক্ষত সভা অনুষ্ঠিত হৈছিল।কিয় তেওঁলোক তালৈ গৈছিল তাৰ তদন্ত হ’ব লাগে।
এনেবোৰ কাৰণতে এতিয়া কলকাতা ধৰ্ষণ আৰু হত্যাকাণ্ডই নতুন ৰূপ ল’ব পাৰে। এই ঘটনা বহুলোক জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে যদিও এতিয়ালৈকে কেৱল সঞ্জয় ৰয় নামৰ এজনকহে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ তদন্ত চলাই থকা চিবিআইয়ে সঞ্জয় ৰয়ক লগতে আন ৬গৰাকীৰ পলিগ্ৰাফ টেষ্ট কৰিছে। এই টেষ্টৰ তথ্য এতিয়ালৈতে পোহৰলৈ অহা নাই। বৰ্বৰ এই ঘটনাই পাছলৈ কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।