কলকাতা কাণ্ডঃ মমতাৰ চৰকাৰৰ হৈ আদালতত ২১জন অধিবক্তা, CBI য়ে কিয় আৰু কাৰ কৰিব পলিগ্ৰাফী টেষ্ট?
২জন চিকিৎসকৰ আঙুলিৰ চাপ চেমিনাৰ হলত উদ্ধাৰ কৰিছে চিবিআইয়ে। ইয়াৰ লগতে চিচিটিভিত হাউচ ষ্টাফ গুলামক প্ৰথম মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ পৰা তৃতীয় মহলালৈ যোৱা দেখা গৈছে।
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পাছতেই উত্তাল হৈ পৰিছে সমগ্ৰ দেশ। বৰ্তমান এই গোচৰটোৰ তদন্ত চিবিআইয়ে কৰি আছে আৰু ইয়াৰ শুনানি হৈ আছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত। বৃহস্পতিবাৰে গোচৰ সন্দৰ্ভত হোৱা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কলকাতা আৰক্ষীৰ গাফিলতিৰ কথা উল্লেখ কৰে। বিভিন্ন দিশৰ ওপৰত আঙুলি টোৱাই ন্যায়ালয়ে কিয় এনে হৈছে বুলি প্ৰশ্ন কৰে।
উচ্চতম ন্যায়ালয়ে চুঅ’ মটো কৰা গোচৰৰ শুনানিৰ সময়ত পশ্চিম বংগ চৰকাৰৰ গৈ ন্যায়ালয়ত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালকে ধৰি ২১ জন অধিবক্তা। এই গোচৰৰ প্ৰতিনিধিত্বৰ বাবে নিযুক্তি দিয়া অধিবক্তাসকলৰ ভিতৰত আছে জ্যেষ্ঠ অধিবক্তা মানেকা গুৰুস্বামী, সঞ্জয় বসু, আস্থা শৰ্মা, শ্ৰেষ্ঠ মহন্ত, নিপুন সক্সেনা, অঞ্জু থমাছ, অপৰাজিতা জামৱাল, সঞ্জীৱ কৌশিক, মন্তিকা হাৰিয়ানী, শ্ৰেয়াস অৱস্থী, উৎকৰ্ষ প্ৰতাপ, প্ৰতিভা যাদৱ, লিহজু কন্যাক, ৰিপুল স্বাতী কুমাৰী, লৱকেশ ভাম্বানী, অৰুনিমা দাস, দেৱদীপ্ত দাস, অৰ্চিত আদলাখা, আদিত্য ৰাজ পাণ্ডে আৰু মেহৰীন গাৰ্গ।
প্ৰতিৰক্ষাৰ বাবে বংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত বেছিকৈ মহিলা অধিবক্তা নিযুক্তি দিছে। বিষয়টো সংবেদনশীল হোৱা বাবে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু তথাপিও জনতাই যথেষ্ঠ নিন্দা কৰিছে মমতা চৰকাৰক।
উল্লেখ্য যে, এই গোচৰটোৰ উচিত তদন্ত কৰিবলৈ চিবিআইয়ে সকলো ধৰণৰ চেষ্টা কৰি আছে। কিন্তু অভিযোগ উঠিছে যে কলকাতা আৰক্ষীয়ে এই গোচৰৰ তদন্তৰ সময়ত গাফলতি কৰিছে আৰু ঘটনাস্থলীৰো সাল-সলনি হৈছে। চিবিআইয়ে এই গোচৰৰ সন্দৰ্ভত আৰ জি কৰ হাস্পাতালৰ পুনৰ ৪ জনক পলিগ্ৰাফ টেষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে ২ জন প্ৰথম বৰ্ষৰ পিজিটি ডাক্তৰ (আৰ্কা আৰু সৌমিত্ৰ), ১ জন হাউচ ষ্টাফ (গুলাম) আৰু ১ জন ইন্টাৰ্ণ (সুভদীপ)। ইয়াৰ উপৰিও কলকাতাৰ ছিলডাহ আদালতে আৰ জিৰ প্ৰাক্তন অধ্যক্ষ কৰ সন্দীপ ঘোষ আৰু অভিযুক্ত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট কৰাৰ অনুমতি প্ৰদান কৰিছে চিবিআইক।
চিবিআইয়ে চিকিৎসকৰ পলিগ্ৰাফী টেষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো ২জন চিকিৎসকৰ আঙুলিৰ চাপ চেমিনাৰ হলত উদ্ধাৰ কৰিছে চিবিআইয়ে। ইয়াৰ লগতে চিচিটিভিত হাউচ ষ্টাফ গুলামক প্ৰথম মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ পৰা তৃতীয় মহলালৈ যোৱা দেখা গৈছে। আনজন ইন্টাৰ্ণ তৃতীয় মহলাত আছিল আৰু ভুক্তভোগীৰ সৈতে কথা পাতিছিল। ইয়াৰোপৰি এই কেইজনলোকৰ কথাৰ মাজত কিছু পাৰ্থক্য দেখিছে চিবিআইয়ে। যাৰ বাবে তেওঁলোকৰ পলিগ্ৰাফী টেষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ৯ আগষ্টত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰয়ক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। দক্ষিণ ২৪ পৰগনাছ এল এ ডি চি এছৰ হৈ স্থায়ী অধিবক্তা কবিতা সৰকাৰে সঞ্জয় ৰায়ৰ হৈ জামিন আবেদন দাখিল কৰে যদিও ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি অভিযুক্তক ৬ ছেপ্টেম্বৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।