5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডামোহত ভয়ংকৰ পথ দুৰ্ঘটনা, অটো-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৭ জন

মধ্যপ্ৰদেশৰ ডামোহত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ বিৱৰণ অনুসৰি, এখন দ্ৰুতবেগী ট্ৰাক আৰু যাত্ৰী কঢ়িয়াই অনা এখন অটো-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় । জানিব পৰা মতে, এই দুৰ্ঘটনাত ৭ জন লোক নিহত হৈছে । সূত্ৰ খবৰ অনুসৰি, অটো-ৰিক্সাখনত ১০ লোকে যাত্ৰা কৰিছিল । এই যাত্ৰাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । মধ্যপ্ৰদেশৰ ডামোহ […]

ডামোহত ভয়ংকৰ পথ দুৰ্ঘটনা, অটো-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৭ জন
ভয়ংকৰ পথ দুৰ্ঘটনা
Follow Us
manas-borah
Manas Borah | Published: 24 Sep 2024 20:14 PM

মধ্যপ্ৰদেশৰ ডামোহত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ বিৱৰণ অনুসৰি, এখন দ্ৰুতবেগী ট্ৰাক আৰু যাত্ৰী কঢ়িয়াই অনা এখন অটো-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় । জানিব পৰা মতে, এই দুৰ্ঘটনাত ৭ জন লোক নিহত হৈছে । সূত্ৰ খবৰ অনুসৰি, অটো-ৰিক্সাখনত ১০ লোকে যাত্ৰা কৰিছিল । এই যাত্ৰাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । মধ্যপ্ৰদেশৰ ডামোহ জিলাৰ ডেহাট থানাৰ অন্তৰ্গত সামান্নাৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, জিলাখনৰ বান্দকপুৰ অভিমুখে আহি থকা এখন অটো-ৰিক্সা আৰু ডামোহৰ পৰা আহি থকা এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । অটোখনত ১০ জন লোকে বন্দকপুৰ ভ্ৰমণৰ বাবে গৈ আছিল । এই যাত্ৰাৰ কালতে সন্মুখৰ পৰা অহা এখন লোডাৰ ট্ৰাকে অটোখনত খুন্দা মাৰে । এই দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ইফালে স্থানীয় বিষয়াই জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে । ইয়াৰে ২ জন লোকক জবলপুৰলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে আৰক্ষীৰ সূত্ৰই এই দুৰ্ঘটনাটো যথেষ্ট ভয়ানক আছিল বুলি সদৰী কৰিছে ।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন বাহন টুকুৰা টুকুৰ হৈ পৰে। ট্ৰাকখনে অটোখনত খুন্দা মৰাৰ লগে লগে অটোখনৰ সন্মুখৰ অংশটো ট্ৰাকখনৰ তলত সোমাই যায় । ট্ৰাকখনৰ পৰা অটোখন আঁতৰাবলৈ জেচিবি মাতিবলগীয়া হৈছিল। সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হোৱা অটোখনৰ পৰা মৃতদেহ আৰু আহত সকলক উদ্ধাৰ কৰাৰ বাবে জটিল পৰিস্থিতি সৃষ্টি হৈছিল ।

সূত্ৰ অনুসৰি, ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক চালকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । জানিব পৰা মতে, নীৰজ সিং লোধি নামৰ ২২ বছৰীয়া চালকজনে অত্যাধিক মদ্যপান কৰি আছিল । এই দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে ৰাজেশ গুপ্তা, হীৰালাল গুপ্তা,চৰণ গুপ্তা, গায়ত্ৰী গুপ্তা, আলোক গুপ্তা, ১৩ বছৰীয়া শিৱ গুপ্ত আৰু ৫ বছৰীয়া মহেন্দ্ৰ গুপ্তা ।

আনহাতে মুখ্যমন্ত্ৰী মোহন যাদৱে ডামোহত সংঘটিত দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Latest News