ভয়ংকৰ পথ দুৰ্ঘটনা ! অটো-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৭ জন | Road Accident : 7 killed, 3 injured after truck collides with auto-rickshaw in Damoh Madhya Pradesh Assam news - Assam Tv9

ডামোহত ভয়ংকৰ পথ দুৰ্ঘটনা, অটো-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৭ জন

Published: 

24 Sep 2024 20:14 PM

ডামোহত ভয়ংকৰ পথ দুৰ্ঘটনা, অটো-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৭ জন

ভয়ংকৰ পথ দুৰ্ঘটনা

Follow Us On

মধ্যপ্ৰদেশৰ ডামোহত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ বিৱৰণ অনুসৰি, এখন দ্ৰুতবেগী ট্ৰাক আৰু যাত্ৰী কঢ়িয়াই অনা এখন অটো-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় । জানিব পৰা মতে, এই দুৰ্ঘটনাত ৭ জন লোক নিহত হৈছে । সূত্ৰ খবৰ অনুসৰি, অটো-ৰিক্সাখনত ১০ লোকে যাত্ৰা কৰিছিল । এই যাত্ৰাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । মধ্যপ্ৰদেশৰ ডামোহ জিলাৰ ডেহাট থানাৰ অন্তৰ্গত সামান্নাৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, জিলাখনৰ বান্দকপুৰ অভিমুখে আহি থকা এখন অটো-ৰিক্সা আৰু ডামোহৰ পৰা আহি থকা এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । অটোখনত ১০ জন লোকে বন্দকপুৰ ভ্ৰমণৰ বাবে গৈ আছিল । এই যাত্ৰাৰ কালতে সন্মুখৰ পৰা অহা এখন লোডাৰ ট্ৰাকে অটোখনত খুন্দা মাৰে । এই দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ইফালে স্থানীয় বিষয়াই জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে । ইয়াৰে ২ জন লোকক জবলপুৰলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে আৰক্ষীৰ সূত্ৰই এই দুৰ্ঘটনাটো যথেষ্ট ভয়ানক আছিল বুলি সদৰী কৰিছে ।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন বাহন টুকুৰা টুকুৰ হৈ পৰে। ট্ৰাকখনে অটোখনত খুন্দা মৰাৰ লগে লগে অটোখনৰ সন্মুখৰ অংশটো ট্ৰাকখনৰ তলত সোমাই যায় । ট্ৰাকখনৰ পৰা অটোখন আঁতৰাবলৈ জেচিবি মাতিবলগীয়া হৈছিল। সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হোৱা অটোখনৰ পৰা মৃতদেহ আৰু আহত সকলক উদ্ধাৰ কৰাৰ বাবে জটিল পৰিস্থিতি সৃষ্টি হৈছিল ।

সূত্ৰ অনুসৰি, ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক চালকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । জানিব পৰা মতে, নীৰজ সিং লোধি নামৰ ২২ বছৰীয়া চালকজনে অত্যাধিক মদ্যপান কৰি আছিল । এই দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে ৰাজেশ গুপ্তা, হীৰালাল গুপ্তা,চৰণ গুপ্তা, গায়ত্ৰী গুপ্তা, আলোক গুপ্তা, ১৩ বছৰীয়া শিৱ গুপ্ত আৰু ৫ বছৰীয়া মহেন্দ্ৰ গুপ্তা ।

আনহাতে মুখ্যমন্ত্ৰী মোহন যাদৱে ডামোহত সংঘটিত দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত হালধিৰ উপকাৰিতা, সবিশেষ জানক...
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Exit mobile version