মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ শিশুসহ ১১ জনৰ মৃত্যু... | road accident almost 11 dead in rajasthan Assam news - Assam Tv9

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ শিশুসহ ১১ জনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১১ জনলোকে লগতে আহত হয় কেইবাজন। আহতসকলৰ ভিতৰত শ্লীপাৰ কোচৰ চালক আৰু কণ্ডাক্টৰও আছে। আহতসকলক বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ শিশুসহ ১১ জনৰ মৃত্যু...

পথ দুৰ্ঘটনা

Published: 

20 Oct 2024 12:37 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাজনলোকে। যাত্ৰীবাহী এখন বাছে এখন টেম্পোত খুন্দা মৰাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যাৰ ফলত টেম্পোত থকা ১১ জনলোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ২ গৰাকী মহিলা,৮ টা শিশু আৰু এগৰাকী পুৰুষ আছে বুলি জানিব পৰা গৈছে। এই ঘটনাত আহত হৈছে কেইবাজনলোক। আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ধোলাপুৰত। শনিবাৰে নিশা শ্লিপাৰ কোচ এখন বাছে এখন টেম্পোত প্ৰচণ্ডজোৰে খুন্দা মাৰে। যাৰ ফলত টেম্পোত থকা আটাইকেইজনলোকৰ মৃত্যু হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়।

টেম্পোত থকাসকল বাড়ী চহৰৰ গুমত মহল্লাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই লোকসকল বৰেলী গাঁৱত অনুষ্ঠিত এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ গৈছিল। অনুষ্ঠানত অংশ গ্ৰহণ কৰি আটাইকেইজন উভতি অহাৰ সময়তে এন এছ ১১ বি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সুনিপুৰ গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই স্থানীয়লোকসকলে আৰক্ষীক খবৰ দিয়ে আৰু মৃতদেহ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে। লগতে আহতসকলক ঢোলপুৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাৰ ফলত টেম্পোখন সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হয়। সংঘৰ্ষ ইমানেই প্ৰৱল আছিল যে পিছফালে বহি থকালোকসকল গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ পৰে। পৰৱৰ্তী সময়ত টেম্পোখন কাটিহে মৃতদেহসমূহ বাহিৰলৈ উলিয়াবলৈ সক্ষম হয়। আৰক্ষীয়ে জনাই যে এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে টেম্পোখন ভাঙি যায় আৰু বহুলোকৰ মৃত্যু হয়। ঘটনা শনিবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয়। মৃতকৰ পৰিয়ালৰলোকক ইতিমধ্যে খবৰ দিয়া  হৈছে।

আৰক্ষীয়ে জনোৱা মতে, দুয়োখন বাহন জিম্মাত লোৱা হৈছে। আহতসকলৰ ভিতৰত শ্লীপাৰ কোচৰ চালক আৰু কণ্ডাক্টৰও আছে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলৰ সৈতে উপ-জিলা উপায়ুক্ত দুৰ্গা প্ৰসাদ মীনা, বাৰি আৰক্ষী চকীৰ থানা প্ৰভাৰী বিনোদ কুমাৰে চক্ৰ বিষয়া মহেন্দ্ৰ কুমাৰ মীনা উপস্থিত হৈ ঘটনাৰ বুজ লয়। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় যদিও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...