ভয়ংকৰ দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, ৬ জনৰ মৃত্যু, ২ জন আহত
নিশা সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ৬ জনকৈ লোকৰ। দুৰ্ঘটনাটোত দুজন লোক আহত হয়। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা এখন দ্ৰুতবেগী বাহনে গছত খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃতদেহকেইটা উলিয়াবলৈ গেছ কাটাৰ ব্যৱহাৰ কৰিব লগা হৈছিল। এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

এক ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন বৰযাত্ৰীৰ বাহন। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰবেগী বাহনখনে । দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন লোক আহত হয়। আহতসকলৰ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গেছ কাটাৰৰ সহায় লৈ গাড়ীৰ পৰা মৃতদেহবোৰ উলিয়াব লগা হৈছিল। ঘটনাস্থলীত উপস্থিত হৈ দুঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত মৃতদেহকেইটা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ কুশীনগৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জিলাখনৰ পদৌনা পানীহৱা পথত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি নেবুৱা নৌৰঙীয়া থানা এলেকাৰ অন্তৰ্গত ভূজৌলি শুক্লা গাঁৱৰ সন্মুখত তীব্ৰ বেগেৰে আহি থকা এখন বাহনে গছৰ সৈতে খুন্দা মাৰে। বাহনখনত আঠজন লোক আছিল। ৰামকোলা থানা এলেকাৰ নাৰায়ণপুৰ বিজয়পুৰৰ পৰা নেবুৱা নৌৰঙীয়াৰ দেৱগাঁওলৈ আহিছিল বৰযাত্ৰীসকল। এই দুৰ্ঘটনাৰ ফলত বিবাহ অনুষ্ঠানত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ।
দুৰ্ঘটনাটোত পতিত হোৱা বাহনখনত থকা লোকসকল বৰযাত্ৰী হিচাপে বিবাহ অনুষ্ঠানলৈ গৈ আছিল। সেই সময়তে বাহনখন ভূজৌলি শুক্লা গাঁৱৰ সন্মুখ পোৱাৰ লগে লগে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই। তাৰ পাছত নিয়ন্ত্ৰণৰ বাহিৰ হৈ গছত খুন্দা মাৰে তীব্ৰবেগী বাহনখনে। সংঘৰ্ষ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰৰ পৰা শুনা গৈছিল। দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে আশে-পাশে থকা লোকসকলে সেই স্থানলৈ দৌৰি যায়। আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও দুৰ্ঘটনাটোত বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে তেওঁলোক বিফল হয়।
পাছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয়। ঘটনাস্থলীত উপস্থিত হৈ গেছ কাটাৰৰ সহায়ত আৱদ্ধ হৈ থকা লোককেইজনক উদ্ধাৰ কৰে আৰক্ষীক । ইয়াৰে তিনিজন লোকৰ থিতাতে মৃত্যু হয়। ৫জন গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত আন তিনিজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বিবাহ অনুষ্ঠানত শোককুল পৰিৱেশৰ সৃষ্টি হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পাছত মৃতকৰ পৰিয়ালৰ লোকৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। দুৰ্ঘটনাটোত আহত আন দুজন লোকক চিকিৎসাৰ বাবে গোৰখপুৰলৈ প্ৰেৰণ কৰা হৈছে।