শোকাৱহ পথ দুৰ্ঘটনা, চালকসহ ৮ জনকৈ ভক্তৰ কৰুণ মৃত্যু, আহত ৪০ জনতকৈও অধিক লোক
দুটা পৃথক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হৈছে মুঠ ৮ জনকৈ লোকৰ । একে সময়তে আহত হৈছে ৪০ জনতকৈও অধিক লোক। চিকিৎসালয়ত চলি আছে আহতসকলৰ চিকিৎসা। মৃতদেহ উদ্ধাৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে।

আন এক শোকাৱহ পথ দুৰ্ঘটনা। একেটা ৰাজপথতে দুটা পৃথক দুৰ্ঘটনাত মৃত্যু হৈছে মুঠ ৮ জনকৈ লোকৰ । একে সময়তে আহত হৈছে ৪০ জনতকৈও অধিক লোক। চিকিৎসালয়ত চলি আছে আহতসকলৰ চিকিৎসা। মৃতদেহ উদ্ধাৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাত পতিত টাটা ছুম’খনত আছিল ঝাৰখণ্ডৰ লোক। ইফালে ডাবল ডেকাৰ বাছখনত যাত্ৰা কৰিছিল দিল্লীৰ লোকে । দুয়োখন বাহনেৰে যাত্ৰা কৰা ভক্তসকলে বাৰাণসীৰ পৰা দৰ্শন কৰি অযোধ্যালৈ গৈ আছিল। এই সময়ছোৱাতে পথ দুৰ্ঘটনাটো সংঘটিত হয়।
যোৱা নিশা উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। বদলাপুৰ থানা এলেকাৰ লক্ষ্ণৌ-বাৰানসী ৰাষ্ট্ৰীয় ঘাইপথ ৭৩১ৰ সৰুখানপুৰত সংঘটিত হয় জৌনপুৰৰ দুয়োটা পথ দুৰ্ঘটনা। ঝাৰখণ্ডৰ বাসিন্দা ভক্তসকলে টাটা ছুমোত বাৰাণসী ভ্ৰমণ কৰি অযোধ্যালৈ গৈ আছিল। এই সময়ছোৱাত এখন অজ্ঞাত বাহনে টাটা ছুম’খনতক খুন্দা মাৰে। যাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬জন লোক আহত হয়। সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে সৰুখানপুৰৰ একেটা ঘাইপথতে দিল্লীৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন ডাবল ডেকাৰ বাছে ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে।
পথ দুৰ্ঘটনাত ৮ জনৰ মৃত্যু
ইয়াৰ মাজতে বাছ চালকসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বাছখনত থকা ৪০ জনৰো অধিক যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰয়াগৰাজ আৰু বাৰাণসী ভ্ৰমণ কৰি চিত্ৰকূটৰ পৰা ভক্তসকলক লৈ অযোধ্যালৈ গৈ আছিল বাছখন। বাছখনত অহা ভক্তসকল দিল্লীৰ বুলি জানিব পৰা গৈছে। বৰ্তমান দুয়োটা দুৰ্ঘটনাতে মুঠ ৮ জন লোকৰ কৰুণ মৃত্যু নিশ্চিত হৈছে। আটাইকেইজন আহতক আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত বদলাপুৰ চি এইচ চিলৈ প্ৰেৰণ কৰা হয়। য’ত চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
তদন্তত নিয়োজিত আৰক্ষী
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে জিলা চিকিৎসালয়ত উপস্থিত হৈ জৌনপুৰৰ আৰক্ষী অধীক্ষক ডাঃ কৌস্তুভে আহতসকলক সাক্ষাৎ কৰি উন্নত চিকিৎসাৰ বিষয়ে আলোচনা কৰে। তেওঁ জনোৱা মতে, যোৱা নিশা দুটা পৃথক দুৰ্ঘটনাত বহু লোক আহত হয়। টাটা ছুম’ক এখন অচিনাকি বাহনে খুন্দা মৰাৰ ফলত ছুম’খনত যাত্ৰা কৰা ৫ জন লোকৰ মৃত্যু হয়। আনহাতে দিল্লীৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন বাছে ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত চালককে ধৰি তিনিওজন লোকৰ মৃত্যু হয়। আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়ত অব্যাহত আছে আহতসকলৰ চিকিৎসা। গোচৰটোৰ তদন্ত অব্যাহত আছে বুলি জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে।