শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হৃদয় বিদাৰক! ট্ৰাক-বাছৰ মুখামুখি সংঘৰ্ষত ৭জনৰ মৃত্যু, ১০ জন আহত

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত আজি এখন বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে ৭জন লোকে। যাত্ৰীবাহী বাছখনত বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী ট্ৰাকখনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।

হৃদয় বিদাৰক! ট্ৰাক-বাছৰ মুখামুখি সংঘৰ্ষত ৭জনৰ মৃত্যু, ১০ জন আহত
দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ দৃশ্য
monjit-dutta
Monjit Dutta | Published: 13 Sep 2024 23:15 PM

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত আজি সংঘটিত হয় এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা। বেংগালুৰু অভিমুখী এখন বাছত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়। ইফালে দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিছে। আনহাতে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহন নিগমৰ অধীনস্থ যাত্ৰীবাহী বাছখন বেংগালুৰু অভিমুখে গৈ থকাৰ সময়তে চিত্তুৰ জিলাৰ পালামনেৰু মণ্ডলৰ সমীপৰ মগিলী ঘাট পথত এখন ট্ৰাকে বাছখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ লগে লগে স্থানীয় বহু লোক ঘটনাস্থলীত সমবেত হয় আৰু দুৰ্ঘটনাটোৰ ৰাইজে আৰক্ষীক অৱগত কৰে।

এই বিষয়ে তথ্য পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলী উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে ট্ৰাকৰ খুন্দাত বিধ্বস্ত হৈ পৰা বাছখনৰ ভিতৰৰ পৰা এজন এজনকৈ আটাইকেইজন যাত্ৰীক উলিয়াই আনে আৰু তাৎক্ষণিকভাৱে সমীপৰ এখন চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসাৰ সময়তে আহত লোকসকলৰ ভিতৰত ৭জন লোকক মৃত ঘোষণা কৰে চিকিৎসকে। আনহাতে আহত আনকেইগৰাকী যাত্ৰী সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীৰ মতে, ট্ৰাকখনৰ চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাকখন ইফালে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বাছখনত খুন্দা মাৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ইফালে এই দুৰ্ঘটনাৰ পথটোৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে আৰু ব্যাপক যান-জঁটৰ সৃষ্টি হয়। এনে অৱস্থাত ক্ৰেনৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাছ আৰু ট্ৰাকখন পথৰ পৰা ক্ষীপ্ৰতাৰে আঁতৰ কৰা হয় আৰু তাৰ পিছত যাতায়ত ব্যৱস্থা পুনৰ আৰম্ভ হয় বুলি এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰে। আটাইকেইটা মৃতদেহ চিনাক্ত কৰি নিহত লোকসকলৰ পৰিয়ালক অৱগত কৰা হৈছে বুলি তেওঁ লগতে কয়।

আনহাতে এই দুৰ্ঘটনাত ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু আটাইকেইজনেই বৰ্তমান চিকিৎসাধীন হৈ আছে বুলিও আৰক্ষী বিষয়াজনে সদৰী কৰে। ইফালে দুৰ্ঘটনাৰ পিছতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰে।

তেওঁ লগতে এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। লগতে আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকৰ চিকিৎসাত কোনো ধৰণৰ যাতে অৱহেলা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰী নাইডুৱে নিৰ্দেশ দিয়ে।

Latest News