ভয়ংকৰ দুৰ্ঘটনাঃ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ, নিহত তীৰ্থযাত্ৰী
আজি সন্ধিয়া মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহা তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ যাত্ৰাৰত অৱস্থাতে পথৰ পৰা কাষৰ দ খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ১৬ জন তীৰ্থযাত্ৰী আহত হয়।

জম্মুত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। আজি সন্ধিয়া মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহা তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ যাত্ৰাৰত অৱস্থাতে পথৰ পৰা কাষৰ দ খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ১৬ জন তীৰ্থযাত্ৰী আহত হয়। স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, বাছখন দিল্লীলৈ গৈ থকা অৱস্থাত জম্মু বাছ ষ্টেণ্ডৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত্বত থকা মাণ্ডাৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, যাত্ৰাৰত অৱস্থাত পথৰ এটা কেঁকুৰি পোৱাৰ সময়ত বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। নিয়ন্ত্ৰণহীন হৈ পৰা বাছখন মুহূৰ্ততে পথৰ কাষৰ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীৰ কাষ চাপি আহে। স্থানীয় লোকসকলে লগতে ঘটনা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰে।
এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু আৰক্ষী বাহিনী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিষয়াসকলে জানিবলৈ দিয়া মতে, তাৎক্ষণিক উদ্ধাৰ অভিযান চলাই উদ্ধাৰকাৰী দলে ১৭ জন লোকক উদ্ধাৰ কৰে। আটাইকেইজন লোককে লগে লগে সমীপৰ চৰকাৰী চিকিৎসালয়লৈ যোৱা হয়। অৱশ্যে ইয়াৰে এজন লোকক মৃত ঘোষণা কৰে চিকিৎসকে।
লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা চাম্বা জিলাৰ ৰাজপুৰা তহচিলৰ চক দুলমা নামৰ এখন গাঁৱত আন এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাত পতিত হৈছিল এখন স্কুল বাছ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৬ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল। অৱশ্যে এই দুৰ্ঘটনাত দুজন ছাত্ৰ সামান্য আঘাতপ্ৰাপ্ত হয়। বৰষুণৰ বাবে পথটো পিছল হৈ পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
বাছখনত কেৱল দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল ভীতিগ্ৰস্ত হৈ পৰে। বাছখনত থকা ছাত্ৰ-ছাত্ৰীসকলক লগে লগে স্বাস্থ্য পৰীক্ষাৰ বাবে ঘগোৱাল ট্ৰমা হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে চিকিৎসকে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ যাবলৈ দিয়ে।