অযোধ্যাৰ ৰামলালা দৰ্শন কৰি উভতাৰ পথতে বাগৰি পৰিল তীৰ্থযাত্ৰীৰ বাছঃ ৩ জনৰ মৃত্যু, আহত কেইবাজনো
অযোধ্যাৰ শ্ৰী ৰামলালা দৰ্শন কৰি উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাছখন ৰমনপুৰ উপত্যকাৰ সমীপত পথৰ কাষৰ এক দ খাৱৈত বাগৰি পৰে আৰু এই দুৰ্ঘটনাত ৩ গৰাকী তীৰ্থযাত্ৰী শোকাৱহভাৱে মৃত্যু ঘটে।

মধ্য প্ৰদেশৰ জবলপুৰ-নগপুৰ ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। অযোধ্যাৰ শ্ৰী ৰামলালা দৰ্শন কৰি উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাছখন ৰমনপুৰ উপত্যকাৰ সমীপত পথৰ কাষৰ এক দ খাৱৈত বাগৰি পৰে আৰু এই দুৰ্ঘটনাত ৩ গৰাকী তীৰ্থযাত্ৰী শোকাৱহভাৱে মৃত্যু ঘটে। দুৰ্ঘটনাত বাছখনত থকা ২৫ জনতকৈও অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। জবলপুৰ-চিওনী জিলা সীমান্তৰ সমীপৱৰ্তী বৰগী আৰক্ষী থানা এলেকাত পুৱা প্ৰায় ৪ বজাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি যাত্ৰীবাহী বাছখন অযোধ্যাৰ পৰা নাগপুৰলৈ উভতনি যাত্ৰা কৰাৰ সময়তে হঠাৎ বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। বাছখনত থকা কেইগৰাকীমান যাত্ৰীয়ে সদৰী কৰা মতে, চালকজনে বাছখন নিয়ন্ত্ৰণ কৰাত বিফল হয় আৰু খাৱৈটোত বাগৰি পৰে। এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলত আতংকগ্ৰস্ত হৈ পৰে বাছত থকা লোকসকল।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আতংকিত যাত্ৰীসকলৰ মাজত চিঞৰ শুনি ঘটনাস্থলীৰ কাষ চাপি আহে স্থানীয় একাংশ লোক। প্ৰথম অৱস্থাত আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও স্থানীয় ৰাইজৰ সহযোগত আহতসকলক বাছৰ পৰা উলিয়াই অনা হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আৰক্ষীয়ে আহত আটাইকেইজন লোকক প্ৰাথমিক চিকিৎসাৰ বাবে লখনাদন হাস্পতাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্ত অনুসৰি চলন্ত অৱস্থাতে বাছৰ চালকজনৰ টোপনি আহিছিল আৰু ইয়াৰ ফলতে বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত এগৰাকী মহিলা আৰু দুজন পুৰুষ তীৰ্থযাত্ৰী নিহত হয়।
নিহত মহিলাগৰাকীক হায়দৰাবাদৰ বাসিন্দা মালম্মা (৪৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আন দুজন নিহত তীৰ্থযাত্ৰীক নাগপুৰৰ বাসিন্দা শুভম মেশ্ৰাম (২৮) আৰু অমৌল খৌড়ে (৪২) বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত মৃত লোককেইজনৰ পৰিয়ালক অৱগত কৰিছে আৰক্ষীয়ে। লগতে তিনিওটা মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।