ভয়ংকৰ দুৰ্ঘটনাঃ দলঙৰ পৰা তললৈ বাগৰি পৰিল বাহন, থিতাতে মৃত্যু হ’ল ৪ জনৰ

এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে। আনহাতে দুজন লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। আহত দুয়োজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ভয়ংকৰ দুৰ্ঘটনাঃ দলঙৰ পৰা তললৈ বাগৰি পৰিল বাহন, থিতাতে মৃত্যু হ’ল ৪ জনৰ

দুঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত বাহনখন

Published: 

10 Apr 2025 23:00 PM

মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ চাৰ্গাৱন থানা এলেকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে। নৰসিংহপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাদা মহাৰাজ দুলহা দেৱৰ মন্দিৰৰ পৰা উভতি অহাৰ সময়তে বাহনখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত বাহনখন থকা চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাহনখন জবলপুৰ অভিমুখে যাত্ৰাৰত আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত মুঠ ৬ জন লোক আছিল। ইতিমধ্যে ঘটনাত নিহত আৰু আহত আটাইকেইজন লোকক চিনাক্ত কৰা হৈছে। নিহত লোককেইজনক ভেদাঘাট চৌকিতালৰ নিবাসী কিষাণ পেটেল, সাগৰ পেটেল, ৰাজেন্দ্ৰ পেটেল আৰু মহেন্দ্ৰ পেটেল বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত দুই যাত্ৰী মনোজ পেটেল আৰু জিতেন্দ্ৰ পেটেলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

বৰ্তমান দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনা ইমানেই ভয়ংকৰ হৈ পৰিছিল যে স্ক’ৰপিঅ’ বাহনখন প্ৰায় ধ্বংস হৈ পৰে আৰু ইয়াৰ পিছত বাহনখনৰ দুৱাৰ কাটি ভিতৰৰ পৰা আৰোহীসকলক উদ্ধাৰ কৰিব লগা হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰপিঅ’খন তীব্ৰ গতিৰে যাত্ৰা কৰি আছিল আৰু বাহনখনত সুৰাৰ বটলো পৰি আছিল। ইয়াৰ লগতে এটা কুকুৰা আৰু এটা ছাগলীও উদ্ধাৰ কৰা হয় বাহনখনত। স্থানীয় এগৰাকী লোকে জানিবলৈ দিয়া মতে, তেওঁ নিজৰ দোকানত বহি থকা অৱস্থাত এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখন দেখা পাই লগে লগে আৰক্ষীক খবৰ দিয়ে।

স্থানীয় আন একাংশ লোকৰ সৈতে লগে লগে উদ্ধাৰ অভিযানত নামি পৰে বুলি তেওঁ লগতে কয়। ইফালে গাঁওবাসীয়ে এই দলংখন দুৰ্ঘটনাকেন্দ্ৰ স্বৰূপ হৈ পৰা বুলি উল্লেখ কৰি ইয়াৰ পিছতো প্ৰশাসনে কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে। ইফালে স্থানীয় এগৰাকী আৰক্ষী বিষয়াই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ সম্পৰ্কে তদন্ত চলি আছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...