ম্লান পৰিল বিবাহৰ আনন্দঃ উভতনি যাত্ৰাত দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, থিতাতে মৃত্যু ৬ জনৰ
এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বৰযাত্ৰীৰ বাহন। এই দুৰ্ঘটনাই মুহূৰ্ততে সম্পূৰ্ণৰূপে ম্লান কৰি পেলালে বিবাহৰ আনন্দৰ পৰিৱেশ। তাৰ বিপৰীতে কেইবাটাও পৰিয়ালত তুলিছে শোকৰ লহৰ। দুৰ্ঘটনাৰ ফলত ৬ গৰাকী বৰযাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২৭ জন লোক আহত হয়।

পথত বাগৰি পৰিল বাহন
এক মৰ্মান্তিক পথ দুৰ্ঘটনাই জোকাৰিছে মধ্য প্ৰদেশ। ৰাজ্যখনত শ্বাহদলত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বৰযাত্ৰীৰ বাহন। এই দুৰ্ঘটনাই মুহূৰ্ততে সম্পূৰ্ণৰূপে ম্লান কৰি পেলালে বিবাহৰ আনন্দৰ পৰিৱেশ। তাৰ বিপৰীতে কেইবাটাও পৰিয়ালত তুলিছে শোকৰ লহৰ। দুৰ্ঘটনাৰ ফলত ৬ গৰাকী বৰযাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২৭ জন লোক আহত হয়। আহত লোকসকলৰ ভিতৰত প্ৰায় ডেৰ ডজন লোকৰ অৱস্থা সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
প্ৰকাশিত খবৰ অনুসৰি, আজি বিয়লি বাহেৰাদলত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। এই ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
আৰক্ষীৰ তথ্য অনুসৰি, আজি বিয়লি প্ৰায় ৪ বজাত প্ৰেমলাল বেইগ নামৰ এজন লোকৰ বিবাহৰ বৰযাত্ৰী বাহন গদা নকুনি অঞ্চলৰ পৰা বাহেৰাদললৈ উভতি আহিছিল। বৰযাত্ৰী কঢ়িয়াই অনা এখন পিকআপ বাহন দেৱলাউড পোৱাৰ সময়তে হঠাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু যাত্ৰীসহ পথত বাগৰি পৰে। এই দুৰ্ঘটনাত পিকআপত যাত্ৰা কৰা ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে বাকী ২৭ জন লোক গুৰুতৰভাৱে আহত হয়।
ইফালে দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় একাংশ লোক লগে লগে ঘটনাস্থলীৰ কাষ চাপি আহে আৰু ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰি আহতসকলক পিকআপৰ পৰা উলিয়াই আনে। আৰক্ষীৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত নিহত হোৱা লোক সকলৰ নাম ৰামভান বাইগা, প্ৰেমলাল বাইগা, হীৰালাল বাইগা আৰু শিৱপূজন বাইগা বুলি চিনাক্ত কৰিছে। নিহত আন দুজন লোকৰ নাম এইপৰ্যন্ত পোহৰলৈ অহা নাই।
ঘটনাত নিহত আটাইকেইজন লোক বাহেৰাদল অঞ্চলৰ বাসিন্দা আছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা এই দুৰ্ঘটনাগ্ৰস্ত পিকআপখনত ৩৫ৰ পৰা ৪০জন লোক আছিল। এই দুৰ্ঘটনাৰ বাবে গাঁওবাসীয়ে প্ৰশাসনৰ গাফিলতিৰো অভিযোগ তুলিছে। স্থানীয় ৰাইজে ঘটনাত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসাৰ দাবী জনাইছে।