ভয়ংকৰ দুৰ্ঘটনা! বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ বাগৰি পৰিল বাছ, ৯ জনৰ মৃত্যু

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত আহত একাংশ লোকৰ অৱস্থা অত্যন্ত সংকটজনক বাবে নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই নিহত লোকসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে৷

ভয়ংকৰ দুৰ্ঘটনা! বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ বাগৰি পৰিল বাছ, ৯ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Nov 2024 16:47 PM

মহাৰাষ্ট্ৰৰ গণ্ডিয়াত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। দুৰ্ঘটনাত লগতে আন বহু কেইজন লোক আহত হয়। আহত একাংশ লোকৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত এই ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই হৃদয় বিদাৰক ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই ঘটনাৰ বাবে শোক প্ৰকাশ কৰি নিহত লোকসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ তাৎক্ষণিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে৷

জানিব পৰা মতে সমুখৰ পৰা অহা এখন বাইক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল বাছখন আৰু এই চেষ্টাৰ সময়তে বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে। মহাৰাষ্ট্ৰৰ গণ্ডিয়া-কোহমৰা ৰাজ্যিক ঘাইপথৰ খাজৰি গাঁৱৰ সমীপত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আজি দিনৰ ১২ বজাৰ পৰা ১২:৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ পিছতে সেই স্থানত এক আতংকময় পৰিস্থিতিৰ হয়।

দুৰ্ঘটনাগ্ৰস্ত বাছখন মহাৰাষ্ট্ৰৰ পথ পৰিবহণ নিগমৰ অধীনস্থ আছিল বুলি জানিব পৰা গৈছে। এই বাছখন ভাণ্ডাৰাৰ পৰা সাকোলি লখানী হৈ গণ্ডিয়া অভিমুখে যাত্ৰা কৰিছিল। এই যাত্ৰীবাহী বাছখনে গণ্ডিয়া অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে খাজৰি গাঁৱৰ সমীপত পথত এটা টাৰ্ণ ল’বলৈ সাজু হওঁতেই এখন বাইক বাছখনৰ সন্মুখলৈ আহে। এনে পৰিস্থিতিত বাইক চালকজনক বচাবলৈ চেষ্টা কৰে বাছ চালকজনে।

বাছ চালকজনে এই চেষ্টা কৰাৰ সময়তে বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু ওলোটা হৈ বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত বাছখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ইয়াৰে ৯ জন যাত্ৰীৰ দুৰ্ঘটনাৰ পিছত থিতাতে মৃত্যু হয়। লগতে ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বাছ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইফালে ঘটনাৰ পিছতে সেই স্থানত থকা একাংশ লোকে স্থানীয় আৰক্ষী আৰু চিকিৎসালয়ত খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলৰ লগতে এম্বুলেন্স আৰু চিকিৎসাকৰ্মী সেই স্থানত উপস্থিত হয়। আৰক্ষী আৰু চিকিৎসাকৰ্মীৰ দলটোৱে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলায় আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গণ্ডিয়া জিলা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে।

সম্প্ৰতি স্থানীয় আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাৰ পিছতে পলায়ন কৰা চালকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে। আনহাতে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়ালক ইতিমধ্যে ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহকেইটা পৰিয়ালক গতাই দিয়া হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

শীঘ্ৰেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ তম কিস্তি, এইদৰে কৰক মোবাইল নম্বৰ আপডেট
বাংলাদেশত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত নাহিদৰ সুৰৰ যাদু, মন মুহিলে সকলোৰে
হিন্দু ধৰ্মৰ প্ৰতিটো পূজাত চাউল কিয় ব্যৱহাৰ কৰা হয় জানেনে?