5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোকাৱহঃ দলঙৰ পৰা নলাত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৮ জনৰ মৃত্যু

পঞ্জাৱৰ বাথিণ্ডাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৮ গৰাকী যাত্ৰীয়ে। প্ৰকাশিত খবৰ অনুসৰি যাত্ৰাৰত বাছখন দলঙৰ পৰা পোনে পোনে তলৰ এটা নলাত বাগৰি পৰাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

শোকাৱহঃ দলঙৰ পৰা নলাত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৮ জনৰ মৃত্যু
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 27 Dec 2024 19:07 PM

পঞ্জাৱৰ বাথিণ্ডাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৮ গৰাকী যাত্ৰীয়ে। প্ৰকাশিত খবৰ অনুসৰি যাত্ৰাৰত বাছখন দলঙৰ পৰা পোনে পোনে তলৰ এটা নলাত বাগৰি পৰাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৫০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাথিণ্ডাৰ জীৱন সিং ৱালাৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় লোকৰ এই তৎপৰতাত প্ৰাণ ৰক্ষা পৰে বহুকেইজন যাত্ৰীৰ। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষী আৰু স্থানীয় প্ৰশাসনক অৱগত কৰে। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে।

প্ৰকাশিত খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখন এটা ব্যক্তিগত পৰিবহণ কোম্পানীৰ মালিকানাধীন। বাছখন বাথিণ্ডা-শ্বাৰদুলগড় স্থানীয় পথত যাত্ৰাৰত আছিল। দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। এই দুৰ্ঘটনা কি কাৰণত সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বাথিণ্ডাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভনীত কণ্ডালে। দুৰ্ঘটনা সন্দৰ্ভত কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই যদিও বৰষুণৰ লগতে হয়তো বাছখনৰ গতিবেগ অত্যন্ত দ্ৰুত আছিল বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত বিতং তথ্য উদ্ধাৰৰৰ বাবে তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে দুৰ্ঘটনাৰ পিছতে বাছখনত যাত্ৰা কৰা সকলো যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ২৪ জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তালৱাণ্ডীৰ আম আদমি পাৰ্টিৰ বিধায়ক সাবো বলজিন্দৰ কৌৰে। এই দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জানিব পাৰি তেওঁ স্তম্ভিত হোৱা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে।

Latest News