পুৱাই সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা…থিতাতে নিহত একেটা পৰিয়ালৰে ৭ জন

সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে পুৱা গুজৰাটৰ সাবৰকান্ত জিলাৰ হিম্মত নগৰত সংঘটিত হয় এই  দুৰ্ঘটনাটো । দ্ৰুতবেগী এখন ইন'ভা বাহনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত গাড়ীত যাত্ৰা কৰা ৭ জন লোকৰ থিতাতে মৃত্যু হয়।

পুৱাই সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা...থিতাতে নিহত একেটা পৰিয়ালৰে ৭ জন

দুৰ্ঘটনা...

Published: 

25 Sep 2024 11:27 AM

পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা । সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে পুৱা গুজৰাটৰ সাবৰকান্ত জিলাৰ হিম্মত নগৰত সংঘটিত হয় এই  দুৰ্ঘটনাটো । দ্ৰুতবেগী এখন ইন’ভা বাহনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত গাড়ীত যাত্ৰা কৰা ৭ জন লোকৰ থিতাতে মৃত্যু হয়।

ইফালে, এজন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হৈ আহতজনক চিকিৎসালয়ত ভৰ্তি কৰে । বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । বাহনৰ চালকজনৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বুলি ধাৰণা কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, গাড়ীখনত মুঠ ৮ জন লোক আছিল আৰু তেওঁলোক শ্বামলাজীৰ পৰা আহমেদাবাদলৈ গৈ আছিল। আহত আৰু মৃত লোকক চিনাক্ত কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালক অৱগত কৰিছে।

ইয়াৰ লগতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ মতে, এই দুৰ্ঘটনাত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সাবৰকান্তৰ এছ পি বিজয় পেটেলৰ মতে, ঘটনাৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল সেই স্থানলৈ প্ৰেৰণ কৰা হয়। লগে লগে আৰক্ষীয়ে আহতজনক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়। গাড়ীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখন স্বাভাৱিক গতিৰে চলি আছিল। আনহাতে ইন’ভাখনৰ গতিবেগ অতি বেছি আছিল। হয়তো গাড়ী চালকজনৰ টোপনি অহাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?