শোকাৱহ! দুৰ্ঘটনাত পতিত মহাকুম্ভ অভিমুখী বাহন, প্ৰাণ হেৰুৱালে ১০ জনে
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰয়াগৰাজত হৈ থকা মহাকুম্ভৰ বাবে ভক্ত কঢ়িয়াই নিয়া এখন বলেৰ’ বাহন দুৰ্ঘটনাত পতিত হয়। বিপৰীত দিশৰ পৰা আহি থকা এখন বাছত মুখামুখি খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১০ জন ভক্তই। দুৰ্ঘটনাত লগতে ১৯ জন ভক্ত আহত হৈছে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰয়াগৰাজত হৈ থকা মহাকুম্ভৰ বাবে ভক্ত কঢ়িয়াই নিয়া এখন বলেৰ’ বাহন দুৰ্ঘটনাত পতিত হয়। বিপৰীত দিশৰ পৰা আহি থকা এখন বাছত মুখামুখি খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১০ জন ভক্তই। আজি পুৱতি নিশা প্ৰায় ২ বজাত প্ৰয়াগৰাজ-মিৰ্জাপুৰ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। মহাকুম্ভৰ বাবে ছত্তীশগড়ৰ পৰা প্ৰয়াগৰাজ অভিমুখে যাত্ৰা কৰি আছিল বলেৰ’খন। আনহাতে মহা কুম্ভৰ পৰা বাৰাণসীলৈ উভতি আহিছিল বাছখন।
এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন ভক্ত আহত হৈছে। আহত লোকসকলক লগে লগে চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি বলেৰ’খনত যাত্ৰা কৰা ভক্ত ১০ জন দুৰ্ঘটনাত নিহত হয়।
আনহাতে বাছখনত থকা ১৯জন লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। আৰক্ষীয়ে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ লগে লগে বলেৰ’ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। এনে পৰিস্থিতিত বাহনখনৰ পৰা মৃতদেহ উদ্ধাৰৰ বাবে যথেষ্ট কষ্টৰ সন্মুখীন হয় আৰক্ষী।
তথ্য অনুসৰি ছত্তীশগড়ৰ কোৰবা জিলাৰ পৰা যাত্ৰা কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখন। কোৰবাৰ পৰা ভক্তসকলে মহাকুম্ভ সংগমত স্নান কৰাৰ মনোৰথেৰে ৰাওনা হৈছিল। নিশা প্ৰায় ২ বজাত প্ৰয়াগৰাজ-মিৰ্জাপুৰ ঘাইপথৰ মেজা থানা এলেকাৰ সমীপত বলেৰ’ বাহনখনে সন্মুখৰ পৰা অহা এখন বাছৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বৃ্হৎ শব্দ শুনি ঘটনাস্থলীৰ কাষ চাপি আহে স্থানীয় লোকসকল।
ইয়াৰ পিছতে স্থানীয় লোকসকলে দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু এখন জেচিবিৰ সহায়ত প্ৰায় বিধ্বস্ত হৈ পৰা বাহনখনৰ পৰা আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰে। অৱশ্যে তেতিয়ালৈ নিহত হৈছিল বলেৰ’খনত থকা আটাইকেইজন যাত্ৰীয়ে। ইয়াৰ পিছতে নিহত ১০ জন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে বাছখনত থকা ১৯জন লোক দুৰ্ঘটনাত আহত হয়। আহত লোকসকলক চিকিৎসাৰ বাবে ৰামনগৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। বাছখনত যাত্ৰা কৰা ভক্তসকল মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে এই ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হ’ব বুলি উল্লেখ কৰিছে আৰক্ষীয়ে।