ভয়ংকৰ দুৰ্ঘটনাঃ ট্ৰাকৰ সৈতে সংঘৰ্ষ দুখন বাহনৰ; থিতাতে নিহত চাৰিজন, ৭ জন আহত
এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে ৪ জন ব্যক্তিৰ। লগতে চিকিৎসালয়ৰ বিচনাত ছটফটাব লগা হৈছে আন ৭ জনে। প্ৰকাশিত খবৰ অনুসৰি বিবিডি থানা এলেকাত কিছুসময় পূৰ্বে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় দুখন ব্যক্তিগত বাহনৰ আৰু ইয়াৰ ফলতে এনে শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হয়।
এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে ৪ জন ব্যক্তিৰ। লগতে চিকিৎসালয়ৰ বিচনাত ছটফটাব লগা হৈছে আন ৭ জনে। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰকাশিত খবৰ অনুসৰি বিবিডি থানা এলেকাত কিছুসময় পূৰ্বে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় দুখন ব্যক্তিগত বাহনৰ আৰু এই ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ শোকাৱহভাৱে থিতাতে মৃত্যু হয়। দুৰ্ঘটনাৰ ফলত বাহন দুখনত থকা ৭ জন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজন সম্প্ৰতি স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। সংঘৰ্ষৰ পিছতে দুয়োখন বাহন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। আৰক্ষীয়ে দুয়োখন বাহন নিজৰ জিম্মাত লৈছে আৰু এই দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে। সংবাদ মাধ্যমৰ আগত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী আয়ুক্ত পংকজ সিঙে।
আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে বিবিডি থানা এলেকাত কৰ্তব্য পাথত এখন ইনোভা ক্ৰীষ্টা আৰু এখন অ’মনি কাৰৰ সৈতে ট্ৰাক এখনৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ পিছত ইনোভা ক্ৰীষ্টা আৰু অ’মনি কাৰখন সম্পূৰ্ণৰূপে ধ্বংস হয়। সেই সময়ত পথটোত থকা আন যাত্ৰীসকলে লগে লগে দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে। এই তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে লগে লগে উদ্ধাৰ অভিযান চলাই দুয়োখন বাহনৰ যাত্ৰীসকলক উলিয়াই আনে। আহত লোকসকলক তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। কিন্তু ইয়াৰে ৪ জন লোকক চিকিৎসকে মৃত ঘোষণা কৰে। আহত ৭ জন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। আৰক্ষী বিষয়ে পংকজ সিঙে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত ইনোভা ক্রিষ্টা আৰু অ’মনি কাৰ দুয়োখন বাহন মিলাই মুঠ ১১ জন যাত্ৰী আছিল।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনো জিম্মাত লোৱা হৈছে বুলি তেওঁ সদৰী কৰে। দুৰ্ঘটনাৰ ফলত পথটোৰ যাতায়ত ব্যৱস্থা স্থৱিৰ হৈ পৰে যদিও আটাইকেইখন বাহন আঁতৰাই পথটো মুকলি কৰি দিয়াৰ পিছত পুনৰ যাতায়ত আৰম্ভ হয় বুলি তেওঁ লগতে কয়। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু এই বিষয়ত তদন্ত অব্যাহত আছে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে।