মহাকুম্ভৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে নিহত ৬ জন 

এক ভয়ংকৰ পথ দুৰ্ঘটনাত মহাকুম্ভৰ পৰা উভতি অহা ৬ জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা শোককুল পৰিৱেশে বিৰাজ কৰিছে ভুক্তভোগীৰ পৰিয়ালত।

মহাকুম্ভৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে নিহত ৬ জন 

বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Published: 

21 Feb 2025 12:12 PM

পুনৰ পথত ৰৈ থকা ট্ৰাকৰ বাবে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা।  দুৰ্ঘটনাটোত মৃত্যু হয় ৬ জন লোকৰ । মহাকুম্ভ স্নান কৰি উভতি আহি থকা অৱস্থাত ৰৈ ট্ৰাকত খুন্দা মাৰে বাহনখনে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। বিহাৰৰ আৰাহৰ ভোজপুৰৰ জগদীশপুৰ অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা শোককুল পৰিৱেশে বিৰাজ কৰিছে ভুক্তভোগীৰ পৰিয়ালত।

শুকুৰবাৰে পুৱা আৰৰাৰ জগদীশপুৰ অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন সদস্যকে ধৰি ৬ জন লোকৰ মৃত্যু হয়। পাটনাৰ নিউ জক্কানপুৰ থানা এলেকাৰ ছপৰা কলনীত বাস কৰা ছয়জন লোকে বলেন’ বাহনত মহাকুম্ভ স্নান কৰাৰ বাবে গৈছিল। স্নান কৰি গৰৈ উভতি গৈ আছিল আটাইকেইজন। সেই সময়তে  আৰাৰ দুলহনগঞ্জ আৰু ইছাথীৰ মাজত বলেন’ বাহনখনৰ লগত ট্ৰাকৰ সংঘৰ্ষ হয়। তাৰ পাছতে বাহনখনত থকা ৬ জন লোকৰেই থিতাতে মৃত্যু হয়।

গাড়ীৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ

জানিব পৰা মতে, তীব্ৰ বেগেৰে আহি থকা বলেন’ বাহনখনে এই সময়তে পথৰ দাঁতিত ৰখাই থোৱা এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ছিটিকি পৰে  বলেন’ বাহনৰ বনেট আৰু ইঞ্জিন । চালকজনৰ টোপনি অহাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ট্ৰাকখনৰ চালক। দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দ শুনাৰ লগে লগে স্থানীয় লোকে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কাম কৰে।

পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু

ইয়াৰ পিছত আৰক্ষীক এই বিষয়ে অৱগত কৰে স্থানীয় লোকে। ঘটনাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা নিজৰ দখলত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে, য’ত ৪গৰাকী মহিলা আৰু দুজন পুৰুষ আছে। ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নিহতসকলৰ পৰিচয়। নিহত লোককেইজন হৈছে সঞ্জয় কুমাৰ (৬২), কৰুণা দেৱী (৫৫), লালবাবু সিং (২৫), আশা কিৰণ (২৮), প্ৰিয়ম কুমাৰী (২০) আৰু জুহি ৰাণী (২০)। নিহতসকলৰ ভিতৰত একেটা পৰিয়ালৰ চাৰিজন লোক আছে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?