ভয়ংকৰ পথ দুৰ্ঘটনা! বলেৰ’-ট্ৰাকৰ সংঘৰ্ষত নিহত ১০ জন, কেইবাজনৰো অৱস্থা সংকটজনক

জানিব পৰা মতে, এখন বলেৰ' পিকআপ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক। আহতসকলক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে  ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াসকল।

ভয়ংকৰ পথ দুৰ্ঘটনা! বলেৰ-ট্ৰাকৰ সংঘৰ্ষত নিহত ১০ জন, কেইবাজনৰো অৱস্থা সংকটজনক

ফিৰোজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Published: 

31 Jan 2025 11:42 AM

পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । জানিব পৰা মতে, এখন বলেৰ’ পিকআপ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন কেইবাজনো লোক। আহতসকলক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে  ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াসকল। দুৰ্ঘটনাটোৰ পিছত ৰাজপথত আবদ্ধ হৈ পৰে বহু যান-বাহন।

দুৰ্ঘটনাটো ইমানো ভয়ংকৰ আছিল যে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে দুয়োখন বাহন। আৰক্ষীয়ে দুয়োখন বাহন আঁতৰাই ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ বাহনসমূহ পাৰ হৈ যোৱাত সহায় কৰে।সেই স্থানত উপস্থিত হৈছে পথ সুৰক্ষা বাহিনীৰ এটা দল। দুৰ্ঘটনাটো সংঘটিত হৈছে ফিৰোজপুৰ-ফাজিলকা পথত। অৱশ্যে প্ৰশাসনে মৃতকৰ সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা কৰা নাই।

ঘটনাটোৰ পিছত দুৰ্ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। দুৰ্ঘটনাটোৰ খবৰ শুনি ওচৰত থকা লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। তাৰ আৰক্ষীক খবৰ দিয়া হৈছিল। তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা ইন্সপেক্টৰ জচবিন্দৰ সিং বৰদে কয় যে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে পথ সুৰক্ষা বাহিনীৰ (SSF) দল। আটাইকেইজন আহতক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথটো পৰিষ্কাৰ কৰা হৈছিল কিয়নো দুৰ্ঘটনাটোৰ ফলত সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ।

আৰক্ষী পৰিদৰ্শকে জনোৱা মতে বলেৰ’  পিকআপ বাহনখনত আছিল এটা শ্ৰমিকৰ দল। তেওঁলোকে ফিৰোজপুৰৰ পৰা গ্ৰাম্য অঞ্চললৈ গৈ আছিল। এই সময়ত পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পিছফালৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত, পাঁচজনৰো অধিক লোকক মৃত ঘোষণা কৰা হৈছিল। ঘটনাস্থলীত উপস্থিত লোকসকলে জনাইছে যে লেৰ’  পিকআপ বাহনখনত থকা আটাইকেইজনে বিৱাহ অনুষ্ঠানক ৱেইটাৰ হিচাপে কাম কৰিছিল। দুৰ্ঘটনাটোৰ পিছত মৃতকৰ পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কৰিছে। পৰিয়ালৰ সদস্যসকল দুখৰ অৱস্থাত আছে, নিয়ন্ত্ৰণহীনভাৱে কান্দি আছে।

দুৰ্ঘটনাৰ কাৰণ

প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, যে পিকআপ বাহনখনত বহুতো লোক আছিল। বাহনখন দ্ৰুত গতিত আহি আছিল। তাৰ পাছতে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে । সেই সময়তে পিছফালৰ পৰা দ্ৰুতগতিত আহি থকা এখনৰ এখন মিনি ট্ৰাকে খুন্দা মাৰে। যাৰ পিছত অ়ঞ্চলজুৰি মানুহৰ চিঞৰ-বাখৰ আৰম্ভ হয়। স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক বাহনৰ পৰা উলিয়াই আনে। তেওঁলোকৰ বহুতৰে ঘটনাস্থলীতে মৃত্যু হৈছিল। আৰক্ষীয়ে বৰ্তমান দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Related Stories
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া
দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল