আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালাত আৰএছএছৰ সৰ্বভাৰতীয় সমন্বয় সভা, আলোচনাৰ বিষয় কি?

শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সমন্বয় সভা । ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই বৈঠক অহা ২ ছেপ্টেম্বৰত সামৰণি পৰিব । এই সভাৰ সভাপতিৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ড০ মোহন ভাগৱত ।

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেৰালাত আৰএছএছৰ সৰ্বভাৰতীয় সমন্বয় সভা, আলোচনাৰ বিষয় কি?

কেৰালাৰ পলাক্কাডত আৰ এছ এছৰ তিনিদিনীয়া বৈঠক

Updated On: 

31 Aug 2024 13:05 PM

কেৰালাৰ পলাক্কাডত তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সমন্বয় সভা । ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই বৈঠক অহা ২ ছেপ্টেম্বৰত সামৰণি পৰিব । এই সভাৰ সভাপতিৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ড০ মোহন ভাগৱত । প্ৰকাশিত খবৰ অনুসৰি, এই সভাত স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাইও অংশগ্ৰহণ কৰে। জানিব পৰা মতে, প্ৰায় ৩০০ স্বেচ্ছাসেৱকে এই সভাত অংশগ্ৰহণ কৰিছে। বছৰত এবাৰকৈ আৰ এছ এছৰ এই বৈঠকৰ আয়োজন কৰা হয়।

সভাৰ আয়োজন কৰাৰ পূৰ্বে ৩০ আগষ্টত সৰ্বভাৰতীয় প্ৰচাৰৰ মুৰব্বী সুনীল আম্বেকাৰে কয় যে, এই বৈঠকৰ উদ্দেশ্য ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা। কিন্তু সভাত প্ৰথমে ৱায়ানাডত হোৱা ভূমিস্খলনৰ বিষয়ে আলোচনা কৰা হয় আৰু স্বেচ্ছাসেৱকসকলে ৱায়ানাডৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায় আৰু সেৱাৰ বিষয়ে সকলো প্ৰতিনিধিক অৱগত কৰে।

কেৰালাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৰএছএছ সৰ্বভাৰতীয় সমন্বয় সভা। ১৯২৫ চনত আৰ এছ এছ গঠন কৰা হৈছিল । সেই অনুসৰি ২০২৫ চনত সংঘই ১০০ বছৰীয়া জয়ন্তী উদযাপন কৰিব । ইয়াৰ প্ৰস্তুতিৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

এই বৈঠকত ৰাষ্ট্ৰ সেৱিকা সমিতি, ভানবাসী কল্যাণ আশ্ৰম, বিশ্ব আশ্ৰম, বিশ্ব হিন্দু পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভাৰতীয় কিষাণ সংঘ, বিদ্যা ভাৰতী, ভাৰতীয় মাজদুৰ সংঘৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই বৈঠকত মুঠ ২৩০ গৰাকী বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু ৯০ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংঘৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰিছে।

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশৰ অস্থিৰতাৰ পাছৰে পৰা সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত অত্যাচাৰৰ ঘটনা চৰ্চালৈ আহিছিল । এনে পৰিস্থিতিত বাংলাদেশত হিন্দুসকলৰ পৰিস্থিতি, স্থানচ্যুতি আৰু পুনৰ সংস্থাপনৰ বিষয়েও আৰ এছ এছৰ এই বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!