5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘সনাতন ধৰ্ম উত্থানৰ সময় আহিছে’ বেদ সম্পৰ্কত কি ক’লে মোহন ভাগৱতে?

বেদত শাৰীৰিক আৰু আধ্যাত্মিক দুয়োটা জ্ঞান আছে। বেদ জ্ঞানৰ সমৃদ্ধি। বেদ লিখা বা চিন্তা কৰা হোৱা নাছিল বৰঞ্চ দেখা গৈছিল। আমাৰ ঋষিসকল আছিল মন্ত্ৰ পৰ্যবেক্ষক।

‘সনাতন ধৰ্ম উত্থানৰ সময় আহিছে’ বেদ সম্পৰ্কত কি ক’লে মোহন ভাগৱতে?
মোহন ভাগৱত
Follow Us
barasha-sarma
Barasha Sarma | Published: 19 Sep 2024 08:06 AM

সনাতন ধৰ্ম উত্থানৰ সময় আহি পৰিছে- এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ। তেওঁ কয় যে, সনাতন ধৰ্মত লৈ বিশ্বৰ মানুহৰ মাজত মনোভাৱ সলনি হৈছে। আমি জানো যে এনে সময়ত বেদসমূহে আমাক আগুৱাই যোৱাৰ ইংগিত প্ৰদান কৰে। বুধবাৰে দামোদৰ সাতৱালেকাৰৰ দ্বাৰা চাৰিখন বেদৰ হিন্দী ভাষালৈ ৰূপান্তৰ কৰা অনুষ্ঠান উপলক্ষে ভাগৱতে এই কথা কয়।

মোহন ভাগৱতৰ এই বক্তব্যৰ মাজতে একাংশ দৰ্শকে জয় শ্ৰী ৰাম, বন্দে মাতৰমৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে শ্লোগানৰ স্থানো আছে, সেয়া এই ঠাই নহয়। তেওঁ কয়, বেদৰ বিষয়ে কিবা কোৱা মোৰ অধিকাৰ নাই। মই কেৱল আপোনাক উৎসাহিত কৰিবলৈ আহিছো।

মোহন ভাগৱতে কয় যে বেদত শাৰীৰিক আৰু আধ্যাত্মিক দুয়োটা জ্ঞান আছে। বেদ জ্ঞানৰ সমৃদ্ধি। বেদ লিখা বা চিন্তা কৰা হোৱা নাছিল বৰঞ্চ দেখা গৈছিল। আমাৰ ঋষিসকল আছিল মন্ত্ৰ পৰ্যবেক্ষক। তেওঁ কয়, কলি যুগত জ্ঞান লাভ কৰি সেই স্থানত উপনীত হোৱা সম্ভৱ নহয়। মানুহে ইন্দ্ৰিয় আৰু অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা এয়া লাভ কৰে যদিও ইয়াৰ এটা নিৰ্দিষ্ট সীমা আছে। আমাৰ পূৰ্বপুৰুষসকলে কৈছিল যে বিশ্বৰ সকলো সংযোগ হৈ আছে আৰু সকলো একেই। বিচ্ছেদ, যুঁজ আদি সকলো মিছা আৰু কিছু ক্ষণিকৰ।

মোহন ভাগৱতে কয় যে, বেদত চিটি স্কেন মেচিনৰ বিষয়ে নাই কিন্তু ইয়াৰ আধাৰ,উৎপত্তি বেদত আছে। যাৰ ভিত্তিত আগলৈ ইয়াৰ চৰ্চা কৰা হয়। বেদত বিজ্ঞান থকাৰ কথা উল্লেখ কৰি ভাগৱতে কয় যে বেদত এয়াও উল্লেখ আছে যে সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ অহাত কিমান সময় লাগে। তেওঁ কয়, ধৰ্মই সংযোগ কৰে আৰু ই জীৱনৰ আধাৰ।

মোহন ভাগৱতে কয়, বেদৰ মূল্য সত্যত নিহিত হৈ আছে। বেদ আহিছিল সৃষ্টিৰ সৈতে। যিয়ে বেদৰ সৈতে জীৱন যাপন কৰে তেওঁহে ইয়াৰ অৰ্থ, ধাৰণা ক’ব পাৰে। তেওঁ কয় , বেদ সম্পৰ্কে কাজিয়া কৰি লাভ নাই। যিসকলে ইয়াক বিশ্বাস কৰে সেই সকলে এয়া অধ্যয়ন কৰি অনুসৰণ কৰিব লাগে।

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়,এই সময় সনাতন ধৰ্ম উত্থানৰ। আমি এই কথা ভালদৰে জানো যে সনাতন ধৰ্মক লৈ বিশ্বৰ মানুহৰ মনোভাৱ সলনি হৈছে। এনে পৰিস্থিতিত বেদৰ এই ভাষান্তৰসমূহে আমাক আগুৱাই যোৱাত সহায় কৰিব।

Latest News