জলগাঁও ৰে’ল দুৰ্ঘটনাৰ আঁৰত দুই চাহ বিক্ৰেতাৰ উৰাবাতৰি! কাঢ়ি নিলে ১৩ জনৰ জীৱন

মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পাৰাণ্ডা ৰে’ল ষ্টেচনত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি পৰা দুজন চাহ বিক্ৰেতাই প্ৰচাৰ কৰা এক উৰাবাতৰিৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল।

জলগাঁও ৰে’ল দুৰ্ঘটনাৰ আঁৰত দুই চাহ বিক্ৰেতাৰ উৰাবাতৰি! কাঢ়ি নিলে ১৩ জনৰ জীৱন

জলগাঁও দুৰ্ঘটনাৰ আঁৰত চাহ বিক্ৰেতাৰ উৰাবাতৰি!

Published: 

23 Jan 2025 18:39 PM

বুধবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পাৰাণ্ডা ৰে’ল ষ্টেচনত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যু ঘটিছে ১৩ জন লোকৰ। নিহত এই ১৩ জন লোকৰ ভিতৰত এইপৰ্যন্ত মাত্ৰ ৭ জন লোকৰহে চিনাক্তকৰণ সম্ভৱ হৈছে। আনকেইজন লোকৰ দেহৰ অংগসমূহ সম্পূৰ্ণ ছিন্ন-ভিন্ন হৈ পৰাৰ ফলত এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি তোলে সমগ্ৰ দেশ। ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত পাচোৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। পাচোৰা চহৰ আৰক্ষী থানাত ১৯৪ ধাৰাত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি পৰা দুজন চাহ বিক্ৰেতাই প্ৰচাৰ কৰা এক উৰাবাতৰিৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহাৰাষ্ট্ৰ চৰকাৰে এই বিষয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে আৰু বৈঠকৰ সিদ্ধান্ত অনুসাৰে ৰে’ল আৰক্ষীৰ লগতে এতিয়া আৰক্ষীয়েও এই ৰেল দুৰ্ঘটনাৰ তদন্ত কৰিব।

ৰে’লৱে ব’ৰ্ডে দুৰ্ঘটনাৰ পিছতে মৃতকৰ পৰিয়াললৈ ১.৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫ হাজাৰ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰিছে। উল্লেখ্য যে বুধবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি উৰাবাতৰি প্ৰকাশ পোৱাৰ ফলত সৃষ্টি হৈছিল আতংকৰ। এনে খবৰৰ ফলত আতংকিত একাংশ লোকে ৰে’লৰ পৰা নামি যোৱাৰ সময়তে আন এখন ৰে’লে খুন্দা মাৰে।

এজন বিষয়াই দুৰ্ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি এক উৰাবাতৰি বিয়পি পৰিছিল। এই উৰাবাতৰিত আতংকিত যাত্ৰীসকলে ঠেলাহেঁচা কৰি ৰে’লৱে ট্ৰেকত জপিয়াই পৰে। তেনে সময়তে বাংগালুৰুৰ পৰা দিল্লী অভিমুখী কৰ্ণাটক এক্সপ্ৰেছে এই যাত্ৰীসকলক খুন্দা মাৰে। ৰে’লখনৰ খুন্দাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন যাত্ৰী আহত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত আটাইকেইজন লোকৰ আশু আৰোগ্য কামনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ফাড়নৱিছৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লোৱা বুলি জানিবলৈ দিয়ে।

ইফালে ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই পুষ্পক এক্সপ্ৰেছৰ ডবাত ব্ৰেক বাইণ্ডিঙৰ বাবে ধোঁৱা ওলাইছিল আৰু ইয়াতেই একাংশই অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰি প্ৰচাৰ কৰা বুলি জানিবলৈ দিছে।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?