ভাৰতৰ গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতা হাৰ কিমান ? ২০২৩-২৪ বৰ্ষত এই হাৰ কিমান বৃদ্ধি পালে ?

দেশত বৃদ্ধি পাইছে মহিলাৰ সাক্ষৰতা হাৰ । গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতা হাৰ বৃদ্ধি ক্ষেত্ৰত চৰকাৰী পদক্ষেপসমূহে অধিক সফলতা লাভ কৰিছে লোকসভাত উল্লেখ কৰিছে কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে । ২০২৩-২৪ বৰ্ষত ৭৭.৫ শতাংশলৈ বৃদ্ধি পাইছে মহিলা সাক্ষৰতা হাৰ ।

ভাৰতৰ গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতা হাৰ কিমান ? ২০২৩-২৪ বৰ্ষত এই হাৰ কিমান বৃদ্ধি পালে ?

ভাৰতৰ গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতা হাৰ

Updated On: 

10 Dec 2024 12:47 PM

মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে । বিশেষকৈ মহিলাসকলৰ মাজত সাক্ষৰতা হাৰ বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ সমূহে । মনকৰিবলগীয়া যে, পূৰ্বৰ তুলনাত ভাৰতবৰ্ষৰ গ্ৰাম্য় অঞ্চলসমূহৰ মহিলা সকলৰ মাজত বৃদ্ধি পাইছে সাক্ষৰতা হাৰ । চৰকাৰী প্ৰতিবেদন অনুসৰি, ২০১১ চনৰ তুলনাত ২০২৩-২৪ বৰ্ষত গ্ৰামাঞ্চলৰ মহিলাৰ সাক্ষৰতা হাৰ বৃদ্ধি পাইছে ।

২০১১ চনত ৭ বছৰ আৰু তাৰ ওপৰৰ ছোৱালীৰ সাক্ষৰতাৰ হাৰ আছিল ৬৭.৭৭ শতাংশ । এই হাৰ ২০২৩-২৪ চনত ৭৭.৫ শতাংশলৈ বৃদ্ধি পাইছে। এটা সময়ত মহিলাৰ সাক্ষৰতাৰ হাৰ ১৪.৫ শতাংশ বুলি ৰেকৰ্ড কৰা হৈছিল । এই হাৰ ক্ৰমান্বয়ে ৫৭.৯৩ শতাংশ হয় আৰু এই হাৰ ৭০.৪ শতাংশলৈ বৃদ্ধি পাইছিল। একেদৰে দেশখনত পুৰুষৰ সাক্ষৰতা হাৰও ক্ৰমান্বয়ে ৭৭.১৫%ৰ পৰা ৮৪.৭%লৈ বৃদ্ধি পাইছে।

মহিলাৰ সাক্ষৰতা হাৰ বৃদ্ধিৰ বাবে চৰকাৰৰ পদক্ষেপ

কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে লোকসভা উল্লেখ কৰা মতে, চৰকাৰে গ্ৰাম্য সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে বিশেষকৈ প্ৰাপ্তবয়স্কৰ মাজত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি ৰূপয়ান কৰা হৈছে । যেনে, সমগ্ৰ শিক্ষা অভিযান, সাক্ষৰ ভাৰত, ৰেধনা লিখনা অভিযান আৰু ULLAS-নৱ ভাৰতৰ সাক্ষৰতা কাৰ্যসূচী ।

চৰকাৰী আঁচনীসমূহ কিমান সফল হৈছে ?

এই আঁচনিসমূহৰ সফলতাৰ বৰ্ণনা কৰি জয়ন্ত চৌধুৰীয়ে কয় যে, এই আঁচনিসমূহে ইতিবাচক ফলাফল দেখুৱাইছে। বিশেষকৈ গ্ৰামাঞ্চলত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে। জয়ন্ত চৌধাৰীয়ে কয়, নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীয়ে সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২২ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা এই আঁচনিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত ১৫ বছৰৰ ওপৰৰ লোকক বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

জয়ন্ত চৌধুৰীয়ে লোকসভাত কয় যে, ULLAS আঁচনিৰ অধীনত ২ কোটিৰো অধিক লোকক পঞ্জীয়ন কৰা হৈছে । লগতে ইতিমধ্যে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰিকেল এচেছমেণ্ট টেষ্ট (FLNAT)ৰ অধীনত ১ কোটিৰো অধিক লোক অন্তৰ্ভুক্ত হৈছে । এই আঁচনিয়ে অনলাইন আৰু অফলাইন দুয়োটা সুবিধা প্ৰদান কৰে । মোবাইল এপৰ সহায়ত শিকিবলৈ ২৬টা ভাষাৰ বিকল্পৰ ব্যৱস্থা কৰা হৈছে।

প্ৰত্যাহ্বান এতিয়াও আছে : জয়ন্ত চৌধুৰী

উল্লেখ্য যে, চৰকাৰে সাক্ষৰতা হাৰ বৃদ্ধিৰ বাবে সকলো ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে যদিও সাক্ষৰতা হাৰ ১০০ শতাংশত উপনীত হোৱাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান আছে । যদিও প্ৰত্যাহ্বান আছে তথাপিও মহিলাৰ সকলৰ সাক্ষৰতা হাৰ বৃদ্ধিয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সফলতাৰ এক ইংগিত প্ৰদান কৰিছে বুলি উল্লেখ্য কৰে জয়ন্ত চৌধুৰীয়ে ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?