আজি গ্ৰামীণ ভাৰত মহোৎসৱৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ উত্তৰ-পূবৰ প্ৰতি বিশেষ গুৰুত্ব

আজিৰ পৰা দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ’ব গ্ৰামীণ ভাৰত মহোৎসৱ ২০২৫। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মহোৎসৱৰ উদ্বোধন কৰিব। এই গ্ৰামীণ ভাৰত মহোৎসৱৰ উদ্দেশ্য হৈছে গ্ৰাম্য জনসাধাৰণৰ মাজত অৰ্থনৈতিক স্থিতিশীলতা আৰু আৰ্থিক নিৰাপত্তা বৃদ্ধি কৰা।

আজি গ্ৰামীণ ভাৰত মহোৎসৱৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ উত্তৰ-পূবৰ প্ৰতি বিশেষ গুৰুত্ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Updated On: 

04 Jan 2025 06:47 AM

দিল্লীৰ ভাৰত মণ্ডপমত আজিৰ পৰা আৰম্ভ হ’ব গ্ৰামীণ ভাৰত মহোৎসৱ ২০২৫। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মহোৎসৱৰ উদ্বোধন কৰিব। ৪ জানুৱাৰী, অৰ্থাৎ আজিৰ পৰা ৯ জানুৱাৰীলৈ চলিব এই গ্ৰামীণ ভাৰত মহোৎসৱ। ভাৰত মণ্ডপমত এই মহোৎসৱৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনী সভাত ভাষণ প্ৰদান কৰিব। আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি যোগে এই তথ্য প্ৰদান কৰিছে। এই গ্ৰামীণ ভাৰত মহোৎসৱৰ উদ্দেশ্য হৈছে গ্ৰাম্য জনসাধাৰণৰ মাজত অৰ্থনৈতিক স্থিতিশীলতা আৰু আৰ্থিক নিৰাপত্তা বৃদ্ধি কৰা।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিবৃতিত উল্লেখ কৰা মতে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ উদ্যোগী মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰি ৪ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ এই মহোৎসৱৰ আয়োজন কৰা হ’ব। ইয়াৰ মূল বিষয়বস্তু ‘উন্নত ভাৰতৰ বাবে এক স্থিতিস্থাপক গ্ৰাম্য ভাৰত নিৰ্মাণ ২০৪৭’ হিচাপে ৰখা হৈছে। আনহাতে এই মহোৎসৱৰ মূলমন্ত্ৰ হৈছে ‘গাঁও আগবাঢ়িলে দেশো আগবাঢ়িব’।

উদ্যোগীকৰণৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক সৱলীকৰণ কৰি তোলাটোও এই উৎসৱৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হিচাপে উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিবৃতিত উল্লেখ কৰা মতে এই মহোৎসৱত বিভিন্ন আলোচনা, কৰ্মশালা আৰু অন্যান্য মাধ্যমেৰে গ্ৰাম্য আন্তঃগাঁথনি উন্নত কৰা, আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলা আৰু গ্ৰাম্য জনগোষ্ঠীৰ ভিতৰত উদ্ভাৱনক প্ৰসাৰিত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব।

বিত্তীয় দিশক উৎসাহিত কৰি আৰু বহনক্ষম কৃষি পদ্ধতিত সহায় কৰি উত্তৰ-পূব ভাৰতৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াও এই মহোৎসৱৰ আন এক উল্লেখনীয় উদ্দেশ্য হিচাপে দেখুওৱা হৈছে। ইয়াৰ উপৰিও গ্ৰাম্য জনসাধাৰণৰ মাজত অৰ্থনৈতিক স্থিতিশীলতা আৰু আৰ্থিক নিৰাপত্তা বৃদ্ধি কৰাটোও এই গ্ৰামীণ ভাৰত মহোৎসৱৰ উদ্দেশ্য। লগতে এই সময়ছোৱাত সহযোগিতামূলক আৰু সামূহিকভাৱে গ্ৰাম্য ৰূপান্তৰৰ বাবে এটা ৰোডমেপ তৈয়াৰ কৰিব বিচৰা হৈছে।

বিভিন্ন খণ্ডৰ চৰকাৰী বিষয়া, চিন্তাবিদ, গ্ৰাম্য উদ্যোগী, শিল্পী আৰু অংশীদাৰসকলক একত্ৰিত কৰা, গ্ৰাম্য জীৱিকা বৃদ্ধিৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱনী পদ্ধতিৰ লাভ উঠাবলৈ আলোচনাক উৎসাহিত কৰা এই মহোৎসৱৰ আন এক উল্লেখনীয় দিশ। লগতে লাইভ প্ৰদৰ্শন আৰু প্ৰদৰ্শনীৰ জৰিয়তে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ওপৰতো এই গ্ৰামীণ ভাৰত মহোৎসৱ ২০২৫ত গুৰুত্ব আৰোপ কৰা হ’ব।

শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...