5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Salman khan: ছলমান খানক হত্যাৰ ভাবুকি আৰু ৫ কোটি দাবী কৰা অভিযুক্ত গ্ৰেপ্তাৰ,জানক কোন শ্বেইখ হুচেইন

Salman khan: বিগত কেইটামান দিন ধৰি অহৰহ ছলমান খানলৈ ভাবুকি ভৰা বাৰ্তা আহি আছে। ইয়াৰ মাজতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক। এই লোকজন পেচাত পাচলি বিক্ৰেতা।

Salman khan: ছলমান খানক হত্যাৰ ভাবুকি আৰু ৫ কোটি দাবী কৰা অভিযুক্ত গ্ৰেপ্তাৰ,জানক কোন শ্বেইখ হুচেইন
ছলমান খান
barasha-sarma
Barasha Sarma | Published: 24 Oct 2024 07:46 AM

বলিউড অভিনেতা ছলমান খানক ভাবুকি ভৰা বাৰ্তা প্ৰেৰণ কৰা এজন অভিযুক্তক বুধবাৰে গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক  মুম্বাইৰ বাৰ্লি আৰক্ষীয়ে মুম্বাইলৈ লৈ অনাৰ ব্যৱস্থা কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা সপ্তাহত মুম্বাই আৰক্ষীলৈ ভাবুকি ভৰা এটা মেছেজ আহিছিল। য’ত ছলমান খানৰ বাবে ভাবুকি আৰু ৫ কোটি টকাৰ দাবী কৰিছিল। ধন দাবী কৰাৰ এই অভিযুক্তজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আটকাধীন ব্যক্তিজনক ৱাৰ্লি আৰক্ষীৰ এটা দলে জেৰা কৰি আছে। পৰৱৰ্তী তদন্তৰ বাবে তেওঁক মুম্বাইলৈ অনা হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, মুম্বাইৰ যান-বাহন আৰক্ষীৰ হোৱাটছএপ হেল্পলাইনত এটা ভাবুকি বাৰ্তা লাভ কৰাৰ পাছতেই ইয়াৰ ওপৰত তদন্ত আৰম্ভ হয়। তদন্তৰ সময়ত আৰক্ষীয়ে গম পাই যে ঝাৰখণ্ডৰ এটা নম্বৰৰ পৰা এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছে। তাৰ পাছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ঝাৰখণ্ডলৈ কেইবাটাও দল প্ৰেৰণ কৰে।

অভিনেতা ছলমান খানলৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনৰ সন্ধানত মুম্বাই আৰক্ষীয়ে ঝাৰখণ্ডত সেই নম্বৰটো ট্ৰেক কৰে। এই তদন্তত পোহৰলৈ আহে যে ছলমান খানক ভাবুকি প্ৰদান কৰা লোকজন এজন পাচলি বিক্ৰেতা। তেওঁৰ নাম শ্বেখ হুচেইন শ্বেখ মৌছিন। ২৪ বছৰীয়া এই অভিযুক্তগৰাকীয়ে জামছেদপুৰত পাচলি বিক্ৰী কৰে।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি অহৰহভাৱে ছলমান খানত লৰেন্স বিষ্ণোই গেঙে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে। মাজতে ছলমান খানৰ ঘৰত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল। ইয়াৰ পাছতেই সুৰক্ষা বৃদ্ধি কৰা হৈছিল ছলমান খানৰ। শেহতীয়াকৈ ছলমান খানৰ ঘনিষ্ঠ বাব ছিদ্দিকিক হত্যা কৰিছিল দুৰ্বৃত্তই। এই হত্যাৰ দায়িত্ব গ্ৰহণ কৰিছিল লৰেন্স বিষ্ণোই গেঙে আৰু তেতিয়াৰ পৰা লৰেন্স বিষ্ণোই চৰ্চাত আছে। বাবা ছিদ্দিকি হত্যা কাণ্ডৰ তদন্ত এতিয়াও চলি আছে আৰু বৰ্তমানলৈ এই ঘটনাৰ লগত জড়িত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লৰেন্স বিষ্ণোই গেং সন্দৰ্ভত চৰ্চা তলি থকাৰ মাজতে কিছুদিন পূৰ্বে মুম্বাইৰ যান- বাহন পুনৰ এক ভাবুকি ভৰা মেছেজ আহে। এই মেছেজত লিখা থাকে যে ছলমান খানত হত্যা কৰা হব, অৱশ্যে ৫ কোটি টকা দিলে তেওঁক ৰেহাই দিয়া হব। এই বাৰ্তাত আৰক্ষীৰ সন্দেহ উপজিছিল আৰু অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ অন্তত পোহৰলৈ আহে এই কাণ্ডৰ প্ৰকৃত ৰহস্য।

Latest News