Samvidhan Divas : ৭৫ বছৰ সম্পূৰ্ণ কৰিলে সংবিধানে, ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় -‘সংবিধান দেশৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ’

আজি উদযাপন কৰা হৈছে সংবিধান দিৱস । এই উপলক্ষে ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চৰকাৰী পক্ষৰ বহু নেতা আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ উপস্থিতিত উদযাপন কৰা হয় সংবিধান দিৱস । এই উপলক্ষে আজি দিল্লীত ‘আমাৰ সংবিধান, আমাৰ আত্মসন্মান’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Samvidhan Divas : ৭৫ বছৰ সম্পূৰ্ণ কৰিলে সংবিধানে, ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় -সংবিধান দেশৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ

সংবিধান দিৱস উদযাপন

Updated On: 

26 Nov 2024 15:29 PM

৭৫ টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় সংবিধানে । আজি উদযাপন কৰা হৈছে সংবিধান দিৱস । এই উপলক্ষে ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চৰকাৰী পক্ষৰ বহু নেতা আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ উপস্থিতিত উদযাপন কৰা হয় সংবিধান দিৱস । এই উপলক্ষে আজি দিল্লীত ‘আমাৰ সংবিধান, আমাৰ আত্মসন্মান’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্মৃতি মুদ্ৰা মুকলি কৰাৰ লগতে ডাকটিকট জাৰি কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে দুয়োখন সদনক সম্বোধন কৰি সংবিধান দেশৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ বুলি উল্লেখ কৰে । আজিৰ দিনটোত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণত সংবিধান প্ৰণয়নৰ কঠিন কামৰ ওপৰত আলোকপাত কৰা হয়। তেওঁ কয়,’এই সংবিধান স্বাধীনতা সংগ্ৰামৰ ফল। সেই অতুলনীয় আন্দোলনৰ মতাদৰ্শকো সংবিধানত বিশেষ গুৰুত্ব আৰু স্থান দিয়া হৈছে। সংবিধানৰ প্ৰস্তাৱনাতো সেই আৱেগ সংক্ষিপ্তভাৱে প্ৰকাশ কৰা হৈছে।’

তেওঁ কয় যে, আমাৰ সংবিধান ন্যায়, শৃংখলা, ক্ষমতা আৰু বন্ধুত্বৰ এই আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সংবিধানৰ প্ৰতিটো গুণ ইটোৱে সিটোৰ পৰিপূৰক বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে । ৰাষ্ট্ৰপতি গৰাকীয়ে ভাষণত স্বাধীনতাৰ পিছৰে পৰা অৰ্থনৈতিক উন্নয়নত জি এছ টিৰ ভূমিকা সন্দৰ্ভতো ভাষণ প্ৰদান কৰে।

তেওঁ কয় যে, স্বাধীনতাৰ পিছত দেশৰ আৰ্থিক উন্নয়নৰ বাবে জি এছ টি ব্যৱস্থা আটাইতকৈ ডাঙৰ পদক্ষেপ। লগতে তেওঁ কয় যে, সমাজখনক আগুৱাই নিয়াৰ বাবে নাৰী সৱলীকৰণৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰু কয় যে, সাংসদসকলে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কাৰ্যকৰী কৰি আধুনিক চিন্তাধাৰা প্ৰদৰ্শন কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, যোৱা কেইবছৰমানৰ পৰা ‘দৰিদ্ৰ জনসাধাৰণৰ’ উন্নয়নৰ বাবে বহু কাম কৰা হৈছে। এতিয়া দুখীয়া মানুহৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছে । খোৱা পানী, বিদ্যুৎ, ৰাস্তা-ঘাটৰ দৰে সাধাৰণ সুবিধাসমূহ নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । খাদ্য সুৰক্ষা আৰু চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে । সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে এনে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকে ধৰি বহু নেতা উপস্থিত থাকে।

ভাৰতীয় সংবিধান ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হয় । সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰীত । সংবিধানখন প্ৰস্তুত কৰোঁতে সময় লাগিছিল ২ বছৰ ১১ মাহ ১৭ দিন । ভাৰতৰ সংবিধানখন হৈছে বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান । মূল কপিটো লিখিবলৈ সময় লাগিছিল ৬ মাহ । কপিত শব্দ সংখ্যা হৈছে – ১,১৭,৩৬৯ টা । ইয়াৰ লগতে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ-৬, অনুচ্ছেদ-৪৪৪ সূচী-১২, অংশ-২২ টা ।

গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ
বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...
ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…