Saraswati Puja: ১১১ ফুট উচ্চতাৰ মূৰ্তি! সৰস্বতী পূজাত আপোনাক চমকিত কৰি তুলিব এই পূজা মণ্ডপে…
কাইলৈ সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে কাইলৈ মুখৰিত হ’ব আকাশ বতাহ। দেৱী সৰস্বতীৰ মূৰ্তিৰ আগত মূৰ দোঁৱাই আশীষ গ্ৰহণ কৰিব ভক্তই। সাধাৰণতে দেৱী মূৰ্তিৰ নিপুণ কাৰুকাৰ্যই সকলোকে আকৰ্ষিত কৰে। ইয়াৰ সমান্তৰালকৈ মূৰ্তিৰ উচ্চতাও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এইবাৰ ১১১ ফুট উচ্চতাৰ দেৱী সৰস্বতী মূৰ্তিৰে চমক সৃষ্টি কৰিবলৈ আগবাঢ়িছে এক পূজা মণ্ডপে।
কাইলৈ সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে কাইলৈ মুখৰিত হ’ব আকাশ বতাহ। ৰাজ্যৰ লগতে দেশৰ সৰ্বপ্ৰান্তত বাগ দেৱীৰ পূজা অৰ্চনাৰ বাবে দেখা গৈছে প্ৰস্তুতি। ইফালে কেইবাদিনীয়া প্ৰচেষ্টাৰ অন্তত দেৱী সৰস্বতীৰ মূৰ্তিত আজি অন্তিম পৰশ দি পূজা মণ্ডপসমূহলৈ আগবঢ়াই দিছে খনিকৰসকলেও। কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তিৰ আগত মূৰ দোঁৱাই আশীষ গ্ৰহণ কৰিব ভক্তই।
সাধাৰণতে দেৱী মূৰ্তিৰ নিপুণ কাৰুকাৰ্যই সকলোকে আকৰ্ষিত কৰে। ইয়াৰ সমান্তৰালকৈ মূৰ্তিৰ উচ্চতাও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এইবাৰ ১১১ ফুট উচ্চতাৰ দেৱী সৰস্বতী মূৰ্তিৰে চমক সৃষ্টি কৰিবলৈ আগবাঢ়িছে এক পূজা মণ্ডপে। এই পূজা মণ্ডপটি আছে পশ্চিম বংগত। ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগণা জিলাৰ মহেশতলাত দেখিবলৈ পোৱা যাব এই মূৰ্তি। পূজাৰ আয়োজকসকলে এই মূৰ্তিয়েই বিশ্বৰ আটাইতকৈ ওখ সৰস্বতী মূৰ্তি বুলি দাবী কৰিছে।
লোহাৰ পাইপ, বাঁহ, থাৰ্ম’কল আদি সামগ্ৰীৰে এই মূৰ্তি তৈয়াৰ কৰা হৈছে। মহেশতলা ৱাৰ্ডৰ কাউন্সিলাৰ গোপাল সাহাৰ পৃষ্ঠপোষকতাত এই মূৰ্তি নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিৰ উচ্চতা প্ৰায় দহ মহলীয়া এক সুউচ্চ অট্টালিকাৰ প্ৰায় সমান হ’ব। তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ প্ৰেৰণাত এই মূৰ্তি নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে গোপাল সাহাই।
গোপাল সাহাই কয় যে সাংসদ অভিষেক বেনাৰ্জী তেওঁৰ চিন্তাৰ প্ৰেৰণা। অভিষেক বেনাৰ্জীয়ে সদায়েই নতুন কোনো কাম কৰাৰ কথা চিন্তা কৰে আৰু তেওঁৰ এই চিন্তাধাৰাৰ পৰা অনুপ্ৰাণিত হৈয়ে দেৱী সৰস্বতীৰ এই সুউচ্চ মূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি গোপাল সাহাই জানিবলৈ দিয়ে।
উদ্যোক্তাসকলে দাবী কৰে যে ইমান ওখ সৰস্বতী প্ৰতিমূৰ্তি পৃথিৱীৰ কোনো স্থানতে পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল। ইমান বিশাল প্ৰতিমূৰ্তি সৃষ্টি কৰাৰ সমান্তৰালকৈ মূৰ্তিটোৰ সুৰক্ষাৰ কথাও তেওঁলোকে চিন্তা কৰিছে। আকস্মিক প্ৰাকৃতিক দুৰ্যোগৰ সময়তো যাতে এই সুউচ্চ সৰস্বতী প্ৰতিমূৰ্তি বাগৰি নপৰে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দাবী কৰে আয়োজকসকলে।