ফ্ৰীজ নহয়, এইবাৰ চিমেন্ট! প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। পত্নীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি অতি নৃশংসভাৱে হত্যা কৰিলে স্বামীক। প্ৰায় ৬ বছৰ ধৰি পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল পত্নীয়ে।

এক ভয়ংকৰ কাণ্ড। প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰা ঘটনাৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। স্বামী সৌৰভ ৰাজপুতক অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইমানেই নহয়, সৌৰভক হত্যাৰ পাছত দুয়ো মৃতদেহটো টুকুৰা টুকুৰ কৰি ড্ৰামত ভৰাই চিমেন্টৰ প্ৰলেপ সানি দিয়ে পত্নী আৰু তেওঁৰ প্ৰেমিকে। এই ঘটনা উত্তৰ প্ৰদেশ মেৰুটৰ।
সৌৰভৰ পত্নী তথা মুস্কানৰ প্ৰেমিক ছাহিলৰ ঘৰৰ পৰা আৰক্ষীয়ে কিছুমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে যাৰ পাছত এই ঘটনাই অন্য ৰূপ ধাৰণ কৰিছে। আৰক্ষীৰ মতে, মুস্কানে জানিছিল যে ছাহিল অন্ধবিশ্বাসী আৰু তাৰেই সুযোগ লৈছিল তেওঁ। পাছত ছাহিলৰ সৈতে মিলি মুস্কানে স্বামী সৌৰভক চোকা অস্ত্ৰৰে হত্যা কৰিছিল। কেৱল ইমানেই নহয়, পাছত মৃতদেহটো ১৫ টুকুৰা কৰি এটা ড্ৰামত ভৰাই তাত চিমেন্ট মিহলাই দিছিল। এই ভয়ংকৰ ঘটনাই সমগ্ৰ মেৰুটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান দুই অভিযুক্ত কাৰাগাৰত আছে।
এই ঘটনা সংঘটিত কৰা ছাহিলৰ ঘৰত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, ছাহিলৰ পৰিয়ালে এতিয়াও বহু কথা লুকুৱাই ৰাখিছে। সৌৰভক হত্যা কৰাৰ পাছত ছাহিলে কটা মূৰ আৰু দুয়োখন হাত ঘৰলৈ লৈ আহিছিল। কিন্তু যেতিয়া ছাহিলৰ ঘৰত আৰক্ষী উপস্থিত হৈছিল তেতিয়া আন এক দৃশ্যহে দেখা পাইছিল।
ছাহিলে ঘৰৰ দেৱালত শিৱৰ ফটো আঁকিছিল। ইয়াৰ বাহিৰেও তন্ত্ৰ মন্ত্ৰৰ সৈতে জড়িত বহু সামগ্ৰী উদ্ধাৰ হৈছিল। কোঠাটোত ছাহিলৰ এটা পোহনীয়া মেকুৰীও উদ্ধাৰ হৈছে। ইয়াৰোপৰি দেৱালত ইংৰাজী ভাষাত লিখা থকা কিছুমান বাক্যই ছাহিলৰ মানসিক অৱস্থাৰ বৰ্ণনা কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘৰটো ছীল কৰি দিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, মুস্কান আৰু সৌৰভৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। আনহাতে ২০১৯ চনৰ পৰা ছাহিলৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল মুস্কান। যাৰ বাবে মুস্কানে স্বামীক হত্যা কৰিব বিচাৰিছিল। মুস্কানে জানিছিল ছাহিল অন্ধবিশ্বাসী আৰু তাৰে সুযোগ লৈছিল তেওঁ। মুস্কানে ছাহিলক কৈছিল যে তেওঁ ঐশ্বৰিক আৰু অলৌকিক শক্তিৰ উপস্থিতি অনুভৱ কৰে।
ইমানেই নহয় মুস্কানে ছাহিলক ভগৱান শিৱ আৰু নিজকে মা পাৰ্বতী বুলি কৈছিল। মুস্কানে কৈছিল যে, দেৱীত তেওঁক সৌৰভক হত্যা কৰিব কৈছে। পৰিকল্পনা অনুসৰি ৩ মাৰ্চৰ গভীৰ নিশা মুস্কানে সৌৰভৰ খাদ্যত এনাস্থেটিক ঔষধ মিহলাই দিছিল যাৰ ফলত তেওঁ অচেতন হৈ পৰিছিল। পৰৱৰ্তী সময়ত নিশা ১ মান বজাত সৌৰভৰ ঘৰত উপস্থিত হৈছিল ছাহিল আৰু পাছত দুয়ো মিলি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল।
সৌৰভক হত্যাৰ পাছত মূৰ আৰু দুয়োখন হাত কাটি বেগত ৰাখিছিল, লগতে মৃতদেহটো পলিথিনেৰে মেৰিয়াই বিচনাত থৈ দিছিল। ৪ মাৰ্চৰ দিনা ছাহিলে চিমেন্ট আৰু এটা ড্ৰাম কিনি আনিছিল, পাছত মৃতদেহটো ১৫ টুকুৰা কৰি ড্ৰামত ভৰাই তাত চিমেন্টৰ প্ৰলেপ সানি দিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।