মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড তাহাউৰৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা, বুলেটপ্ৰুফ বাহনৰ লগে SWAT কমাণ্ডো মোতায়েন

দিল্লী আৰক্ষীৰ বিশেষ কোষক সতৰ্ক কৰি দিয়া হৈছে আৰু ইতিমধ্যে বিমানবন্দৰত ছোৱাট (স্পেচিয়েল ৱেপনছ এণ্ড টেকটিকছ) কমাণ্ডো মোতায়েন কৰা হৈছে । ৰানাক লৈ যাবলগীয়া বুলেটপ্ৰুফ গাড়ীখনৰ সৈতে কনভয়ত সুসজ্জিত বাহন থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড তাহাউৰৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা, বুলেটপ্ৰুফ বাহনৰ লগে SWAT কমাণ্ডো মোতায়েন

দিল্লীত নিৰাপত্তা কটকটীয়া

Published: 

10 Apr 2025 16:35 PM

বৃহস্পতিবাৰে আমেৰিকাই প্ৰত্যাৰ্পণ কৰা ২৬/১১ ৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাৰ আগমনৰ পূৰ্বে দিল্লীৰ কেইবাটাও অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হয় । পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰানাক ভাৰত আহি পোৱাৰ লগে লগে পালাম বিমানবন্দৰৰ পৰা বুলেটপ্ৰুফ গাড়ীৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব বিশেষ সূত্ৰৰ উদ্ধৃতিৰে খবৰ প্ৰকাশ কৰিছে ইণ্ডিয়া টুডেয়ে ।

দিল্লী আৰক্ষীৰ বিশেষ কোষক সতৰ্ক কৰি দিয়া হৈছে আৰু ইতিমধ্যে বিমানবন্দৰত ছোৱাট (স্পেচিয়েল ৱেপনছ এণ্ড টেকটিকছ) কমাণ্ডো মোতায়েন কৰা হৈছে । ৰানাক লৈ যাবলগীয়া বুলেটপ্ৰুফ গাড়ীখনৰ সৈতে কনভয়ত সুসজ্জিত বাহন থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

বুলেটপ্ৰুফ বাহনখনৰ লগতে এখন “মাৰ্কছমেন” বাহনকো সাজু কৰি ৰখা হৈছে । “মাৰ্কছমেন” বাহনখন হৈছে এক অতি সুৰক্ষিত আৰু সুসজ্জিত বাহন যিয়ে যিকোনো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে ।

সাধাৰণতে ইয়াক নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদী আৰু গেংষ্টাৰকে ধৰি অতি বিপদজনক ব্যক্তিক আদালত বা সংস্থাৰ কাৰ্যালয়লৈ লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰে । গ্ৰেপ্তাৰৰ প্ৰায় ১৬ বছৰৰ পাছত আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰা ৰানাক ভাৰতলৈ অহাৰ লগে লগে এন আই এয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিব । ইয়াৰ পিছত তেওঁক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হ’ব আৰু তাৰ পিছত ন্যায়িক জিম্মাত লোৱা হ’ব । তিহাৰ জেলৰ উচ্চ নিৰাপত্তাৰক্ষী ৱাৰ্ডত ৰখা হ’ব পাকিস্তানী সেনাৰ প্ৰাক্তন জোৱানজনক ।

এন আই এৰ জিম্মাত ৰানাক ২৬/১১ আক্ৰমণৰ আঁৰত পাকিস্তান ৰাষ্ট্ৰৰ উপাদানৰ ভূমিকা সন্দৰ্ভত নিশ্চিত হ’বলৈ সোধা-পোছা কৰাৰ সম্ভাৱনা আছে । তেওঁৰ জেৰাই হয়তো তদন্তৰ ক্ষেত্ৰত নতুন পোহৰ পেলাব ।

এন আই এৰ মুখ্য কাৰ্যালয়ত এটা জেৰা কোষ প্ৰস্তুত কৰা হৈছে । এন আই এৰ ডি জি সদানন্দ ডাটে, আই জি আশীষ বাত্ৰা আৰু ডি আই জি জয়া ৰায়কে ধৰি মাত্ৰ ১২ জন সদস্যকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে ।

ইমিগ্ৰেচন কনচালটেন্সি ব্যৱসায়ৰ জৰিয়তে এই আক্ৰমণৰ বাবে গোপনীয়তাত সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাণাৰ । এই গোপনীয়তা চলাইছিল পাকিস্তানী আমেৰিকান ডেভিদ কলমেন হেডলীয়ে, যি বৰ্তমান আমেৰিকাৰ কাৰাগাৰত আছে ।

২০০৮ চনৰ ২৬ নৱেম্বৰত ১০টা লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদীয়ে মুম্বাইৰ ১২টা স্থানত সমন্বিতভাৱে সন্ত্ৰাসবাদী আক্ৰমণ চলাই ১৬৬ জন লোকক হত্যা কৰে । ইয়াৰে এজন সন্ত্ৰাসবাদী আজমল কাছভক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত ২০১২ চনত পুনেৰ এখন কাৰাগাৰত ফাঁচী দিয়া হৈছিল ।

ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?