5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মণিপুৰৰ তিনি জিলাত নিৰাপত্তাৰক্ষীৰ ডাঙৰ অভিযান, উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ…

মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । শনিবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিৰ অনুসৰি, কাংপকপি জিলাৰ লয়চিং অঞ্চলৰ পৰা দুটা ৩০৩ ৰাইফল, এটা ৯ এম এম পিষ্টল, মেগজিন, কাৰ্টিজ, চাৰিটা হেণ্ড গ্ৰেনেড, দুটা ডিটনেটৰ, এটা মৰ্টাৰ আৰু এটা ইম্প্ৰভাইজড মৰ্টাৰ উদ্ধাৰ কৰা হৈছে।

মণিপুৰৰ তিনি জিলাত নিৰাপত্তাৰক্ষীৰ ডাঙৰ অভিযান, উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ…
ফাইল ফটো
Follow Us
manas-borah
Manas Borah | Published: 28 Sep 2024 20:39 PM

মণিপুৰৰ তিনিখন জিলাত আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । শনিবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিৰ অনুসৰি, কাংপকপি জিলাৰ লয়চিং অঞ্চলৰ পৰা দুটা ৩০৩ ৰাইফল, এটা ৯ এম এম পিষ্টল, মেগজিন, কাৰ্টিজ, চাৰিটা হেণ্ড গ্ৰেনেড, দুটা ডিটনেটৰ, এটা মৰ্টাৰ আৰু এটা ইম্প্ৰভাইজড মৰ্টাৰ উদ্ধাৰ কৰা হৈছে।

ইফালে আৰক্ষী, বিএছএফ আৰু চিআৰপিএফৰ আন এক অভিযানত চুড়াচান্দপুৰ জিলাৰ পাম্পি অঞ্চলৰ পৰা ইম্প্ৰভাইজড মৰ্টাৰ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও থৌবাল জিলাৰ ফানম পাহাৰীয়া অঞ্চলৰ পৰা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, ডিটনেটৰযুক্ত তিনিটা ষ্টান গ্ৰেনেড, ষ্টিংগাৰ গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। শুকুৰবাৰে এই অঞ্চলসমূহত অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে এই অস্ত্ৰসমূহ উদ্ধাৰ কৰিছিল।

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত বিবাদৰ ফলস্বৰূপে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি অতি বেয়া হৈ পৰিছে। বৰ্তমান ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত ২০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ৰাজ্যখনৰ বিদ্ৰোহী সংগঠনে ড্ৰোন আক্ৰমণ সংঘটিত কৰাৰ খবৰো প্ৰকাশ পাইছিল । ইয়াৰ পাছতে মণিপুৰত কেন্দ্ৰীয় বাহিনীৰ উপস্থিতি বৃদ্ধি কৰা হয় । বিদ্ৰোহী সংঘঠনসমূহে যাতে কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে মণিপুৰ আৰক্ষীৰ লগতে ৰাজ্যখনত মোতায়েন কৰা কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে ।

Latest News