মৰ্মান্তিক! চলন্ত অ’টোৰ ওপৰত বাগৰিল ৰে’লপথৰ লোহা, শিশুসহ ৭জনৰ মৃত্যু
এখন চলন্ত অ’টোৰ ওপৰত ৰেল’পথ নিৰ্মাণৰ বাবে ট্ৰাক যোগে নি থকা লোহা বাগৰি পৰাৰ ফলত শোকাৱহভাৱে মৃত্যু ঘটিছে শিশুসহ ৭ জনকৈ লোকৰ। লগতে গুৰুতৰভাৱে আহত হৈছে আন ৬ জন লোক। ইয়াৰে তিনিজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এনে পৰিস্থিতিত এই দুৰ্ঘটনাৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে লগতে শংকা প্ৰকাশ কৰিছে।
আজি সমগ্ৰ দেশে উদযাপন কৰিছে গণৰাজ্য দিৱস। অংশ লৈছে বিভিন্ন কাৰ্যসূচীত। কেওফালে দেখিবলৈ পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ। কিন্তু এই আনন্দৰ মাজতে এক শোকাৱহ ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে। এক ভয়ংকৰ দুৰ্ঘটনাই আজি জোকাৰি গৈছে দাক্ষিণাত্যৰ ৰাজ্য তেলেংগানাক। এখন চলন্ত অ’টোৰ ওপৰত ৰেল’পথ নিৰ্মাণৰ বাবে ট্ৰাক যোগে নি থকা লোহা বাগৰি পৰাৰ ফলত শোকাৱহভাৱে মৃত্যু ঘটিছে শিশুসহ ৭ জনকৈ লোকৰ। লগতে গুৰুতৰভাৱে আহত হৈছে আন ৬ জন লোক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৱাৰংগলত।
ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সদৰী কৰা মতে, ৱাৰংগল-মামুনুৰু পথৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ৰে’লপথত ব্যৱহাৰ কৰা লোহাৰ ৰড ভৰ্তি এখন ট্ৰাকে দুখন অটোৰিক্সাক অভাৰটেক কৰিবলৈ চেষ্টা চলাইছিল আৰু তেনে সময়তে ট্ৰাকখনৰ পৰা বহু লোহাৰ ৰড অটোৰিক্সাখনৰ ওপৰত বাগৰি পৰে। এনে ভয়ংকৰ ঘটনাত এটি শিশু আৰু চাৰিগৰাকী মহিলাসহ অট’খনত থকা মুঠ ৭জন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাত লগতে আন ছয়জন লোক আহত হয়। আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে তিনিজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এনে পৰিস্থিতিত এই দুৰ্ঘটনাৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে লগতে শংকা প্ৰকাশ কৰিছে। এই ভয়ংকৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ট্ৰাক চালকজনে মদ্যপান কৰি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অ’টোখন অভাৰটেক কৰিবলৈ চেষ্টা কৰি ট্ৰাক চালকজনে হঠাতে ব্ৰেক মৰাৰ ফলত লোহাৰ ৰডসমূহ অ’টোৰ ওপৰত বাগৰি পৰা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষী, জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ বিষয়াৰ এটা দল তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয়।
প্ৰশাসনিক দলটোৱে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰি মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন তিনিজন লোকৰ চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাক চালকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।